২০১৬-১৭ বৰ্ষৰ ছিজনত অনূৰ্ধ্ব-১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট লাভ কৰাৰ বাবে বি চি চি আইৰ বাৰ্ষিক বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম ৰঞ্জী ক্ৰিকেট দলৰ বাঁওহতীয়া অফব্ৰেক স্পীনাৰ ৰাহুল সিঙে।
ভাৰতৰ অনুৰ্ধ-১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট লাভ কৰাৰ সুবাদত ৰাহুল সিঙক এক বৰ্ণাঢ্য গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এম এ চিদাম্বৰমৰ সোঁৱৰণত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজে এই বঁটা প্ৰদান কৰে।
বেংগালুৰুত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ভাৰতৰ বহুগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ক্ৰিকেটাৰৰ বিপুল হাতচাৰিৰ মাজত বঁটা গ্ৰহণ কৰি ৰাহুলক যথেষ্ট উৎফুল্ল দেখা যায়। উক্ত বঁটাত আছিল এটা ষ্মাৰক সম্বলিত সুদৃশ্য ট্ৰফী আৰু ১.৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।
স্মৰ্তব্য যে ৰাহুলে বিগত বৰ্ষৰ কোচবিহাৰ ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৫০ টা উইকেট লাভ কৰা বিৰল কৃতিত্ব স্থাপন কৰিছিল।
ৰাহুলে ৮ খন চাৰিদিনীয়া মেচত সৰ্বমুঠ ৫৪ টা উইকেট দখল কৰে, প্ৰতি মেচত ১০.৬ গড়েৰে উইকেট পোৱা স্পীনাৰ জনে ৬ বাৰ ৫টা বা ততোধিক উইকেট লাভ কৰি নিজৰ প্ৰতিভাৰ চানেকি দাঙি ধৰে।
অসমৰ ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰা ৰাহুলক ততালিকেই অসমৰ অন্তিম চাৰিখন মেচৰ বাবে দলভুক্ত কৰা হয়। উক্ত মেচসমূহত তেওঁ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহলেও ৬৩ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখলৰ সৰ্বোচ্চ মেচ ফিগাৰেৰে দহটা উইকেট লাভ কৰে।
ৰাহুলে অসমৰ দলত প্ৰয়োজন হোৱা এজন দক্ষ স্পীনাৰৰ ৰিক্ত স্থান পূৰাব বুলি আশা কৰা হৈছে। বলত অতিৰিক্ত ফ্লাইট, ঘূৰ্ণন দিব পৰা দক্ষতাৰ অধিকাৰী ৰাহুলে আন্তঃ জিলা প্ৰতিযোগিতাত ঘৰুৱা দল শিলচৰৰ হৈ খেলি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।