• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত একবিংশ শতিকা মহিলা শতিকা হিচাবে পৰিগনিত হ’ব : বিশ্বনাথত মুখ্য মন্ত্ৰী সৰ্বানন্দ

কাজি জেইদুল  ইছলাম by কাজি জেইদুল  ইছলাম
June 27, 2018 11:08 pm
278
VIEWS
Share on FacebookShare on Twitter

‘অসমত একবিংশ শতিকা মহিলা শতিকা হিচাপে পৰিগণিত হব কিয়নো অসমৰ মহিলাসকল কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছে’ আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত মহিলা সমাৰোহত মুখ্য অথিতি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে।

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত আৰু শোণিতপুৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত তথা মন্ত্ৰী ৰঞ্জীত দত্তই আদৰণি ভাষন দিয়া আজিৰ এই সভাত মুখ্য মন্ত্ৰীয়ে কয় যে অসমৰ মহিলা সকলে অসমৰ বুকুত পৰিৱৰ্তন আনিব বিচাৰিছে।

বিজেপিৰ দুবছৰীয়া কাৰ্যকালত চৰকাৰে দুৰ্নীতি নিৰ্মূলত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰে আঁচনিবোৰ দিছিল ভোট পাবৰ বাবে। কিন্তু আমি আঁচনি দিছো ৰাইজক স্বাৱলম্বী কৰাৰ বাবে। এই ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ দ্বাৰা অসমৰ মহিলা সৱলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিখনৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অসমৰ ৬৫ লাখ পৰিয়াল আর্থিকভাৱে স্বাৱলম্বী হ’ব।

শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই উদ্দেশ্য বাখ্যা কৰা এই সভাত তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সহজ উপায়েৰে ধন ঘটাৰ কৌশল শিকাই আমাৰ ব্যক্তিত্ব নষ্ট কৰিলে বুলি মন্তব্য কৰি কয় যে এনে ব্যক্তিত্ব নষ্ট কৰা ধন আমাক নালাগে আমি পৰিশ্ৰমৰ দ্বাৰা ধন ঘটিম। নিজ ভাষণত মুখ্য মন্ত্ৰীয়ে মহিলা গোটসমূহৰ মাজত প্ৰতিযোগিতাৰ মনোভাব গঢ়ি তোলাৰ বাবে চৰকাৰে গোটসমূহক ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ লগতে শ্ৰেষ্ঠ গোটসমূহৰ সদস্য সকলে বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে।

ইফালে আজিৰ এই সভাত উপস্থিত থাকি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয়, ‘তৰুণ গগৈয়ে মহিলা সকলক কনকলতা, মূলগাভৰু হ’ব লাগে বুলি কয় আনহাতে তেওঁলোকক চৰম প্ৰতাৰণা কৰে।’  ড° শৰ্মাই লগতে কয় বিজেপিয়ে প্ৰতিটো গোটক ২৫,০০০ টকাকে আদায় দিব। তদুপৰি প্ৰথম বছৰৰ লেনদেন চাই পিছৰ বছৰ ৫০,০০০ টকা আগবঢ়োৱাৰ লগতে পাঁচ বছৰত ৫ লাখ টকা আগবঢ়াব বুলি তেওঁ ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ উপৰি ৬০ বছৰৰ ওপৰৰ সকলো লোকক অহা ২ অক্টোবৰত বৃদ্ধ পেঞ্চন প্ৰদান কৰাৰ লগতে জুলাইৰ ১০ তাৰিখৰ পৰা ৪৫ দিনৰ ভিতৰত বিভিন্ন গোটক ১০,০০০ খন ট্ৰেক্টৰ বিতৰণ কৰিব বুলি শৰ্মাই মন্তব্য কৰে। বিশ্বনাথ চাৰিআলিত এমাহৰ ভিতৰত বি এড কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ আৰু বিশ্বানাথ চাৰিআলি অসামৰিক চিকিৎসালয়ক ২০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে ২০ কোটি টকাৰ আৱন্তন দিয়াৰ কথা উল্লেখ কৰে।

আজিৰ এই সভাত মন্ত্ৰী নৱ দলে, ৰঞ্জীত দত্ত,পল্লবলোচন দাস, সাংসদ আৰ পি শৰ্মা, বিধায়ক গণেশ লিম্বু, অশোক সিংহাল, বৃন্দাবন গোস্বামী, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জীত কুমাৰ  দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd