• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত বিদ্যুৎ লাইনৰ বাঁহৰ খুটা গুচি পকী খুটা হ’ব, মাজুলীত ঘোষণা মন্ত্ৰী তপন গগৈৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 2, 2018 10:14 pm
330
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিদ্যুৎ সংবহন লাইনত এতিয়াৰে পৰা নাথাকিব এটাও বাঁহৰ খুটা। বিদ্যুৎ সংবহন লাইনত ব্যৱহাৰ কৰা সকলো বাঁহৰ খুটা আঁতৰাই তাৰ ঠাইত পকী খুটা বহুৱাবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে।

মাজুলীত দেওবাৰে সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে ৰাজ্যৰ শক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তপন কুমাৰ গগৈয়ে। এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে মাজুলী ভ্ৰমণ কৰা অসম চৰকাৰৰ শক্তি (স্বতন্ত্ৰ) আৰু গড়কাপ্তানী দপ্তৰৰ ৰাজ্য মন্ত্ৰী গগৈয়ে দুপৰীয়া গড়মূৰস্থিত উপায়ুক্তৰ সভাকক্ষত শক্তি আৰু গড়কাপ্তানী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ আগত কয়, ‘ৰাজ্যৰ বিভিন্ন অংশত এতিয়াও বিপজ্জনকভাৱে বিদ্যুৎ সংবহন লাইনত বাঁহৰ খুটা ব্যৱহাৰ হৈ থকাটো আমি বন্ধ কৰিবলৈ লৈছো। বাঁহৰ খুটাবোৰ আঁতৰাই পকী খুটা বহুৱাবলৈ আমি এপিডিচিএলক ২৫ কোট টকা আবণ্টন দিছো। মাজুলীতো থকা বাঁহৰ খুটাবোৰৰ ঠাইত পকী খুটা বহুৱাবলৈ ৫৯ লাখ টকা আমি ধাৰ্য কৰিছো।’

দুপৰীয়া নিমাতীঘাট হৈ মাজুলীত পদাৰ্পণ কৰা মন্ত্ৰী গগৈয়ে দুয়োটা বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গক লৈ অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব (শক্তি বিভাগ) জিষ্ণু বৰুৱা আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক পুৰু গুপ্তাৰ লগতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীয়েও ভাগ লয়। বৈঠকত ৰাজ্য মন্ত্ৰীগৰাকীয়ে মাজুলী জিলাত এপিডিচিএলৰ কাম-কাজৰ লগতে পথ-যোগাযোগ ব্যৱস্থাৰো পৰ্যালোচনা কৰে।

বিশেষভাৱে জিলাখনত ‘প্ৰধানমন্ত্ৰী সহজ বিজুলী যোজনা’ (সৌভাগ্য)ৰ কাৰ্য ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিভাগীয় স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী গগৈয়ে মাজুলী জিলাৰো প্ৰতিটো পৰিয়ালেই যাতে বিদ্যুৎ সংযোগ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ এপিডিচিএলক নিৰ্দেশ দিয়ে।

মাজুলীত নিৰন্তৰ বিদ্যুৎ যোগান সুনিশ্চিত কৰিব পৰাকৈ এটা পাইলট প্ৰকল্প গ্ৰহণ কৰিবলৈও শক্তি মন্ত্ৰীগৰাকীয়ে বিভাগৰ শীৰ্ষ বিষয়াক বৈঠকতে নিৰ্দেশ দিয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিগত সা-সুবিধাৰ শীঘ্ৰে ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে পুঁজি অনুমোদন কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

বনগাঁৱত এটা আৰ ই চি শক্তি কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি শীঘ্ৰে এপিডিচিএলক দিয়াৰ বাবে বৈঠকত মাজুলীৰ উপায়ুক্তই সন্মতি জনায়।

ইফালে মাজুলীৰ পৰা স্থলপথেৰে বহিঃসংযোগৰ একমাত্ৰ গড়কাপ্তানী পথ গড়মূৰ-জেংৰাইমুখ পথটো ‘ডাবল-লেন’ৰ ৰাজ্যিক ঘাইপথ হিচাপে নতুনকৈ নিৰ্মাণৰ আঁচনি এখনকলৈও বৈঠকত আলোচনা চলে। সদ্যহতে এইপথটোৰে যাতায়াত সুচল কৰাৰ বাবে ইতিমধ্যে আৰম্ভ কৰা ৪.৬ কোটিটকীয়া মেৰামতি আঁচনিৰ কাম অতি সোনকালে শেষ কৰিবলৈ বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে গগৈয়ে।

এই পথটোৰ লগতে অফলাঘাট সংযোগী পথছোৱা আৰু আলিমূৰৰ পৰা কমলাবাৰীঘাট পৰ্যন্ত পথটোও অগ্ৰাধিকাৰ ভিত্তিত অতি সোনকালে নিৰ্মাণ কৰিবলৈ বৈঠকত গড়কাপ্তানী বিভাগক মন্ত্ৰী গগৈয়ে নিৰ্দেশ দিয়ে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd