• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ব্যাপক গণ-বিৰোধৰ সাক্ষী হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ যুটীয়া সংসদীয় কমিটী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 7, 2018 8:43 pm
Public hearing JPC

জেপিচিয়ে অসমলৈ আহি জনসাধাৰণৰ মত লোৱাৰ দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ ধৰ্ম-ভিত্তিক নাগৰিকত্বৰ আঁচনিৰ মূল হাতিয়াৰ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সন্দৰ্ভত দেশবাসীৰ মতামত ল’বলৈ গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিয়ে (জে পি চি) আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত লোৱা শুনানিৰ সময়ত ব্যাপক গণ-বিৰোধৰ সাক্ষী হ’ব লগীয়া হয়। আজি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দল-সংগঠন আৰু ব্যক্তিয়ে খানাপাৰাত আয়োজিত শুনানিত অংশ গ্ৰহণ কৰে।

কালিয়েই আহি গুৱাহাটীত বাহৰ পতা জে পি চিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালৰ নেতৃত্বৰ দলটোৱে আজি, ৭ মে’ৰ পুৱাৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই শুনানি গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে আগৰৱালাৰ নেতৃত্বত অহা দলটোত আছিল অসমৰ চাৰি সাংসদ ক্ৰমে ভুৱনেশ্বৰ কলিতা, ৰমেন ডেকা, কামাখ্যা প্ৰসাদ তাছা আৰু সুস্মিতা দেৱ।

গুৱাহাটীত শুনানি লোৱাৰ বাবে অহা যুটীয়া সংসদীয় কমিটী, খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত, ৭ মে’ত। ফটো : য়ু বি।

সোমবাৰৰ এই শুনানি প্ৰক্ৰিয়াত নিজৰ মতামত দাঙি ধৰিবলৈ পুৱাৰে পৰা বিভিন্ন জাতীয় সংগঠন, কেইবাটাও ৰাজনৈতিক দল, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে এক বৃহৎ সংখ্যক সচেতন নাগৰিকে ভিৰ কৰা পৰিলক্ষিত হয়।

পূৰ্বৰ স্থিতি অনুসৰিয়ে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদ, প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই য়ু ডি এফে। উক্ত দলকেইটাৰ প্ৰতিনিধি উপস্থিত থাকি যুটীয়া সংসদীয় সমিতিৰ সন্মুখত নিজৰ দলৰ হৈ মত ব্যক্ত কৰে।

সমান্তৰালভাৱে শুনানিত উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে চি পি আই (এম)ৰ ৰাজ্যিক সমিতিকে ধৰি কেইবাটাও বাওঁপন্থী দলে।

আজি যুটীয়া সংসদীয় সমিতিক স্মাৰকপত্ৰ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰে। বৰাই লগতে জাতীয় নায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰাৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীলৈ অহা বিজেপি দলটোৱে এতিয়া অসমক ভালপাওঁ বুলি কোৱাৰো অধিকাৰ হেৰুৱাইছে বুলি মন্তব্য কৰে।

জাতিৰ স্বাৰ্থত ওলাই আহিল শিল্পী। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ দিলে শিল্পী মানস ৰবীন আৰু প্ৰস্তুতি পৰাশৰে।

একেদৰে এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামেও অসম চুক্তিৰ আধাৰতেই নাগৰিকত্ব প্ৰদানৰ দাবী তোলে।

ইফালে আজিৰ শুনানিত ভাগ ল’বলৈ সহস্ৰাধিক কৰ্মীসহ উপস্থিত হয় কৃষক মুক্তিৰ নেতা অখিল গগৈ। কৃষক মুক্তিৰ হৈ তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই বিধেয়কখন গৃহীত হ’লে ভাৰতীয় সংবিধানখনৰ মূল আদৰ্শটো নোহোৱা হ’ব বুলি সমিতিৰ আগত ব্যক্ত কৰে। তেওঁ এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সহস্ৰাধিক ৰাইজ ওলাই অহাটোত সন্তোষ প্ৰকাশ কৰে।

শুনানি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে অসম সাহিত্য সভা, অসম সত্ৰ মহাসভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, সদৌ অসম দেৱালয় সংঘকে ধৰি আন কেইবাটাও ধৰ্মীয় আৰু জাতীয় অনুষ্ঠানে। এই আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰা বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

শুনানিত অংশ গ্ৰহণ কৰি বিধেয়কখনৰ বিৰোধিতাৰে যুটীয়া সংসদীয় সমিতিক স্মাৰকপত্ৰ দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ প্ৰতিনিধিসকলে। বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ নেতৃত্বত মঞ্চৰ পাঁচজন প্ৰতিনিধি, ক্ৰমে- ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰে।

শুনানিত অংশগ্ৰহণ কৰিবলৈ অহা জনগোষ্ঠীয় সংগঠনসমূহৰ ভিতৰত আছিল বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, তাই আহোম যুৱ ছাত্ৰ পৰিষদ, বি টি চিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ, মুছলিম ছাত্ৰ সন্থা, অসম ৰাজ্যিক জমিয়ত উলেমা, ভাৰতীয় গোৰ্খা পৰিষদ, কোঁচ ছাত্ৰ সন্থাই। এই আটাইবোৰ জনগোষ্ঠীয় সংগঠনেই বিধেয়কখনৰ বিৰোধিতা কৰা বুলি নৰ্থ-ইষ্ট নাওক জনাইছে।

JPC_Child
খানাপাৰাত আজি শুনানিৰ সময়ত নিজৰ সংশয় প্ৰকাশ কৰিলে এটি কণমানিয়ে।

আনহাতে যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত অনুষ্ঠিত কৰা শুনানিত অংশ গ্ৰহণৰ বাবে ত্ৰিপুৰাৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় নৰ্থ ইষ্ট ইণ্ডিজিনাচ পীপলছ ফ’ৰামৰ নেত্ৰী পাতালকান্যা জামাদিয়া। জামাদিয়াই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে হিন্দু বাংলাদেশীৰ আগ্ৰাসনৰ ফলত ত্ৰিপুৰাত খিলঞ্জীয়া লোকৰ অস্তিত্ব বিপন্ন হোৱাৰ কথাটোলৈ আঙুলিয়াই দেখুৱায়।

ইফালে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আজি খানাপাৰাত উপস্থিত হয় বিজেপি নেত্ৰী নীৰা বৰঠাকুৰ। বিজেপী নেত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী সোণোৱালক অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰাৰ আহ্বান জনায়। বিজপিয়ে অসমৰ ৰাইজক বহু আশা দিছে গতিকে এই আশা ভংগ কৰিলে ২০১৯ নিৰ্বাচনত দলটো ৰাইজৰ ওচৰলৈ কেনেকৈ যাব বুলিও প্ৰশ্ন উত্থাপন কৰে মীৰা বৰঠাকুৰে।

 

উপৰুক্ত দল-সংগঠনৰ উপৰি আজিৰ শুনানি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে ৰাজ্যৰ কেইবাগৰাকীও সাংস্কৃতিক কৰ্মীয়ে। গীতিকাৰ লোকনাথ গোস্বামী, কণ্ঠশিল্পী তৰালী শৰ্মা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, কণ্ঠশিল্পী মানস ৰবীন প্ৰমুখ্যে কেইবাগৰাকীও শিল্পী উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰদান কৰা দেখা গ’ল।

JPC_Gathering

তাৎপৰ্য্যপূৰ্ণভাৱে শুনানি প্ৰক্ৰিয়াত অংশ লয় প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ প্ৰতিনিধিয়েও। ইফালে নিজৰ আঙুলি কাটি তেজেৰে স্মাৰকপত্ৰ স্বাক্ষৰ কৰি বিধেয়কখনৰ বিৰোধিতা কৰিলে গুৱাহাটীৰ মাধৱ বৈশ্য আৰু জিয়াউৰ ৰহমান নামৰ দুজন লোকে।

আজি স্মাৰকপত্ৰ প্ৰদানৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক বয়োজ্যেষ্ঠ লোকে খানাপাৰাত ভিৰ কৰাৰ সমান্তৰালভাৱে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা এটি কণমানিয়েও নিজে স্বাক্ষৰ কৰি এই বিধেয়কৰ বিৰোধিতাৰে স্মাৰকপত্ৰ প্ৰদান কৰে। কণমানিটিয়ে  Think for my future বুলি লিখা এখন বেনাৰ লৈ ৰাজপথৰ দাঁতিত ৰৈ থকা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd