• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়াক বিদেশী বুলি চোঁচৰাব কিয়? অন্নবালা ৰায়ৰ গ্ৰেপ্তাৰক লৈ মুখ্য মন্ত্ৰীলৈ পত্ৰ আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 7:05 pm
Annabala rai aasu
185
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ এংকৰবাৰী গাঁৱৰ অন্নবালা ৰায়ক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ঘৰৰ পৰা চোঁচৰাই নিয়া ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাই এক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

আছুৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত বিদেশী ন্যায়াধিকৰণ আৰু আৰক্ষীৰ ভূমিকাক লৈও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে।

মহিলাগৰাকীক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ ‘পিছদিনাখনেই’ তেওঁ যে বিদেশী নহয় সেই কথা প্ৰমাণ হোৱাৰ ঘটনাক ‘গৰিহণাযোগ্য’ আৰু ই ন্যায়াধিকৰণৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উঠাইছে বুলি আছুৱে দাবী কৰিছে। ‘নিশ্চিত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা কাৰ্য্য গৰিহণাৰ যোগ্য। এগৰাকী অসমীয়া মহিলাক বিদেশী বুলি ন্যায়াধিকৰণে ভুলকৈ ৰায় দিছে। এয়া চূড়ান্ত অবিচাৰ,’ ন্যায়াধিকৰণ সন্দৰ্ভত আছুৰ মন্তব্য।

কেইবাখনো বিদেশী ন্যায়াধিকৰণে ‘ভালকৈ কাম নকৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কাম-কাজত পুনৰীক্ষণ কৰাৰ বাতৰি’ৰ প্ৰসংগও আছুৱে উত্থাপন কৰিছে।

আনহাতে আৰক্ষীয়ে মহিলাগৰাকীক ঘৰ পৰা চোঁচৰাই নিয়া কাৰ্য্যক ‘বৰ্বৰ, মৰ্মান্তিক আৰু অন্যায়’ বুলি উল্লেখ কৰি আছুৱে কয় যে ‘কোনো ব্যক্তিৰ বেলিকাই আৰক্ষীৰ এনে আচৰণ অকণো শোভনীয় আৰু গ্ৰহণযোগ্য নহয়।’

জিলা বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ২৩ জুনত সীমান্ত আৰক্ষীয়ে অন্নদাবালা ৰায়ক ঘৰৰ পৰাই চোঁচৰাই নিয়াৰ ভিডিঅ’ চ’চিয়েল মীডিয়াত ভাইৰেল হৈছিল। এবাৰ বিদেশী বুলি ঘোষণা কৰাৰ পিছত যোৱা ৪ জুলাইত মহিলাগৰাকীক পুনৰ বিদেশী নহয় বুলি ডিটেনশ্যন কেম্পৰ পৰা চিৰাং বিদেশী ন্যায়াধীকৰণে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

আক্ৰছু আৰু খিলঞ্জীয়া মঞ্চই কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ মহিলাগৰাকীক এইদৰে অন্যায়ভাৱে বিদেশী বুলি ৰায় দিয়াক লৈ তীব্ৰ প্ৰতিবাদ জনাইছিল।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd