• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ চাহ বাগিচা এৰাৰ বাবে তৎপৰ কিয় টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ড?

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
February 8, 2018 3:05 pm
Ratan-tata

ৰতন টাটা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অনুষ্ঠিত গুৱাহাটীৰ বিশ্ব বিনিয়োগকাৰী সন্মিলনত ৰতন টাটাৰ অনুপস্থিতিয়ে বহুতৰে চকু ঠিয় কৰিছিল। অনুষ্ঠানটোৰ এসপ্তাহ পূৰ্বে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সন্মিলনখনত টাটাৰ উপস্থিতিৰ নিশ্চয়তা ঘোষণা কৰিছিল।

৩, ৪ ফেব্ৰুৱাৰিত অনুষ্ঠিত সন্মিলনখনত মুকেশ আম্বানি, দিলীপ চাংভি, আনন্দ বৰ্মন, সুভাষ চন্দ্ৰা, আচাৰ্য্য বালাকৃষ্ণকে ধৰি বহুবিলাক উদ্যোগপতিয়ে ভাগ লৈছিল। নাছিল খালী ৰতন টাটা।

টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে অসমৰ চাহ উদ্যোগত ইয়াৰ উপস্থিতি কমাব খুজিছে নেকি- এই আটাইতকৈ স্বাভাৱিক আৰু অস্বস্তিদায়ক প্ৰশ্নতো এৰি চলিবৰ বাবেই সন্মিলনখনত টাটাৰ অনুপস্থিতি আগতীয়াকৈ পৰিকল্পনা কৰা হৈছিল নেকি?

জানিব পৰা মতে টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ডে ইয়াৰ মালিকানাধীন এমেলগেমে’টে’ড প্লেন্তে’শ্বন প্ৰাইৱে’ট লিমিটে’ডত থকা ৪১ শতাংশ অংশ নিৰ্বিনিয়োগ কৰিব খুজিছে। টাটা গ্ল’বেল বিৱাৰিজ লিমিটে’ড বিশ্বৰ দ্বিতীয় বৃ্হৎ চাহ ব্ৰেণ্ড তেতলিৰ মালিক।

এপিপিএল ভাৰতৰ দ্বিতীয় বৃহৎ চাহ উৎপাদনকাৰী আৰু অসমত ২১ খন চাহ বাগিচাৰে ইয়াৰ এক বিপুল উপস্থিতি আছে। ই বছৰি উৎপাদন কৰা ৪৩ মিলিয়ন কে’জি চাহৰ ২৬ মিলিয়ন কে’জি ইয়াৰ নিজা উৎপাদন।

চিতিচি, পৰম্পৰাগত, সেউজ আৰু জৈৱিককে ধৰি বিভিন্ন প্ৰকাৰৰ চাহ এপিপিএল উৎপাদিত চাহৰ অন্তৰ্ভুক্ত। পশ্চিম বংগৰ দুৱাৰ অঞ্চলতো চাৰিখন বাগান থকা এই কোম্পানিটোৰ প্ৰায় ৩১০০০ কৰ্মচাৰী আছে। ইয়াৰ মাছ, ফুল, ফল-মূল, শাক-পাচলি আৰু ঔষধি/ মছলা আদি খেতিও আছে।

টাটা গোট যোৱা ৪২ বছৰ ধৰি অসমত চাহ বাগানৰ লগত জড়িত হৈ আছে। টাটা আৰু ফিনলে’ লগ হৈ ১৯৭৬ চনত টাটা ফিনলে’ গঠন কৰিছিল। ফিনলে’ই টাটা গোটৰ সৈতে অংশীদাৰিত্ব ত্যাগ কৰাৰ পিছত ১৯৮৩ চনত টাটা টীৰ জন্ম হয় আৰু ভাৰতৰ চাহ উদ্যোগৰ এক প্ৰধান গোট হিচাপে ইয়াৰ উত্থান ঘটে।

টাটা টীয়ে ২০০৭ চনত বাগান ব্যৱসায় পৰিত্যাগ কৰে আৰু বিশ্ব বেংক গোটৰ সদস্য আই এফ চিৰ সৈতে ১৯.৯ শতাংশ অংশীদাৰিত্বৰে এপিপিএল নামৰ এটা নতুন কোম্পানি গঠন কৰে। টাটা গোট শ্ৰমিকনিৰ্ভৰ চাহ বাগান ব্যৱসায়ৰ পৰা আঁতৰি অহাৰ ই আছিল প্ৰথম খোজ।

আইএফচিৰ উপৰি এপিপিএলৰ অন্যান্য অংশীদাৰ আছিল টাটা গোট, সহযোগী বিনিয়োগকাৰী আৰু বাগিচাৰ শ্ৰমিককে ধৰি কৰ্মচাৰীসকল। সহযোগী প্ৰতিষ্ঠানসমূহৰ সৈতে ধৰি এপিপিএলত টাটাৰ ৬৫ শতাংশ অংশীদাৰিত্ব আছিল।

সূত্ৰ অনুসৰি এপিপিএলৰ ৪১ শতাংশ অংশীদাৰিত্ব কিনাৰ বাবে ধনশিৰি চাহ আৰু উদ্যোগ লিমিটে’ডে ‘প্ৰচুৰ আগ্ৰহ’ দেখুৱাইছে। এই ধনশিৰিৰ অসমত ১০ খন চাহ বাগান আছে আৰু ই ভাৰতৰ ১০ টা সৰ্বোচ্চ চাহ উৎপাদনকাৰী কোম্পানিৰ এটা। তাৰোপৰি ই দক্ষিণ পূব এফ্ৰিকাৰ মালাৱিতো দুখন চাহ বাগান নিজৰ হাতলৈ আনিছে।

টাটাই এপিপিএলৰ বাবে ১৩০০ কোটি টকা দাম নিৰ্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে সদৰী কৰা অনুসৰি অসমত বছৰি ৫০০ কে’জি চাহ উৎপাদন হয়।

বিশ্বৰ দ্বিতীয় বৃহৎ চাহ বিক্ৰী কৰা কোম্পানি হোৱা সত্ত্বেও টিজিবিএল নিৰ্বিনিয়োগৰ বাবে তৎপৰ হৈ পৰিছে। কোম্পানিটোৱে শ্ৰীলংকা ৱাটাৱালা বাগিচাৰ ৩১.৮৫ শতাংশ অংশীদাৰিত্ব ১২০ কোটি টকাৰ বিনিময়ত যোৱা ডিচেম্বৰত বিক্ৰী কৰিছে।

একেধৰণে যোৱা বছৰৰ আগষ্টত টিজিবিএলে ৰাছিয়া আৰু চীনত থকা ইয়াৰ চাহ আৰু কফি ব্যৱসায় বিক্ৰী কৰিছে। এক অঘোষিত ধনৰাশিৰ বিনিময়ত ই ইয়াৰ ৰাছিয়াত থকা চাহ আৰু কফি ব্যৱসায় স্কদনিয়া গ্ৰেণ্ডক বিক্ৰী কৰিছে। আনহাতে চীনৰ ঝেজিয়াং টাটা টী কোম্পানি ১৭.৫ কোটি টকাৰ বিনিময়ত ইয়াৰ ক্ষুদ্ৰ সহযোগী ঝেজিয়াং টী গোটক বিক্ৰী কৰিছে।

টিজিবিএলে এপিপিএলৰ ৪১ শতাংশ অংশীদাৰিত্ব এৰিব খোজাৰ বাতৰি অসমৰ চাহ উদ্যোগত বনজুইৰ দৰে বিয়পি পৰিছে। কোম্পানিটোৰ চাকৰিয়াল সকল বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ মাজত বন্দী হৈ পৰিছে।

কিন্তু অসমৰ চাহ বাগান এৰিবলৈ টিজিবিএল ইমান তৎপৰ হৈ পৰিছে কিয়?

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm
সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd