অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উদ্যোগ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুটা বছৰৰ পিছত পুনৰ এইবাৰ এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অহা ২৮ আৰু ২৯ জুলাইত দুদিনীয়াকৈ এই ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এইবাৰ চলচ্চিত্ৰ মহোৎসৱত মুঠ ৩৪টা শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাৰ সভাপতিত্বত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বৰ্ণালী শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত ভালেসংখ্যক প্ৰয়োজক, পৰিচালক, অভিনেতা-অভিনেত্ৰী, সংগীত পৰিচালকৰ উপস্থিতিত গুৱাহাটী আৱৰ্ত ভৱনত অলপতে এই উপলক্ষে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
এইবাৰ অসমৰ সাংস্কৃতিক জগতৰ প্ৰবাদ পুৰুষ ড০ ভূপেন হাজৰিকাৰ নামত ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় সংহতি বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।
নতুনকৈ প্ৰৱৰ্তন কৰিব লগা অন্যান্য বটাঁসমূহৰ ভিতৰত আছে শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে আব্দুল মজিদ বঁটা (৫০ হাজাৰ টকা), প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰীলৈ বিজু ফুকন বঁটা (৫০হাজাৰ টকা), জনপ্ৰিয় ছবিৰ বাবে বিজয় শংকৰ বঁটা (এক লাখ টকা), শ্ৰেষ্ঠ এনিমেশ্যন ছবিৰ বাবে ইন্দ্ৰ বণিয়া বঁটা (এক লাখ টকা) আৰু শ্ৰেষ্ঠ শিশু ছবিৰ বঁটা (এক লাখ টকা)।
এইবাৰ বঁটা প্ৰদান অনুষ্ঠানত ২০১৫-১৬ আৰু ২০১৬-১৭ চনৰ বঁটাসমূহ দুটা দিনত পৃথকে পৃথকে প্ৰদান কৰাৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে এই চলচ্চিত্ৰ মহোৎসৱতে ২০১৬-১৭ আৰু ২০১৭-১৮ চনৰ ক্ৰমে ৬৪ আৰু ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰসমূহকো আৰ্থিকভাৱে পুৰস্কৃত কৰা হ’ব।
মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰ শিশুসকলৰ বাবে চলচ্চিত্ৰ প্ৰদৰ্শনৰ আয়োজন কৰা হ’ব।
তদুপৰি, বিগত সময়ছোৱাত মৃত্যু হোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ বৰঙণি আগবঢ়াই থৈ যোৱা বিশিষ্ট ব্যক্তিত্ব তথা শিল্পীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেও বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।