কলকাতাৰ পৰা প্ৰকাশিত ‘আজকাল’ পত্ৰিকাত পণ্ডিতপ্ৰবৰ তপোধীৰ ভট্টাচাৰ্যৰ শেহতীয়া দুটা লেখা “অসমে বাঙালির শরশয্যা’’ আৰু “অসম : রাত কত হল?” প্ৰকাশ পোৱাৰ পিছত স্বাভাৱিকতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। এচাম লোকে ইয়াক অসম আৰু অসমীয়া-বিৰোধী উগ্ৰ, একদেশদৰ্শী বাঙালী জাতীয়তাবাদৰ উৎকট অভিব্যক্তি বুলি ধৰিছে।
আন এচামে ইয়াত উক্ত অভিব্যক্তি দেখিছে যদিও ইয়াৰ মাজত কিছু যুক্তিপূৰ্ণ কথাৰো, কিছু গুৰুত্ব দিবলগীয়া কথাৰো সম্ভেদ পাইছে। এইচাম নিশ্চয় পল্লৱগ্ৰাহী লোক। তৃতীয় এচামে এইটোহে আচল মাৰ্ক্সবাদী, মানৱতাবাদী আৰু গণতন্ত্ৰবাদী অৱস্থান বুলি ঠাৱৰ কৰিছে। এইচাম চেলেপু মনৰ মানুহ বুলি আমি পতিয়ন গৈছোঁ।
এইটো হয় যে ভট্টাচাৰ্যই কেতবোৰ সকলোৱে জনা বাস্তৱ সমস্যালৈ আঙুলিয়াই দিছে। যেনে- ডি ভোটাৰৰ সমস্যা, বিদেশী বুলি সন্দেহত স্বদেশী লোকৰ হায়ৰানি, নথি-পত্ৰৰ বেমেজালিয়ে সৃষ্টি কৰা বিড়ম্বনা আদি। পিছে, কি অৱস্থানৰ পৰা তেখেতে এই সমস্যাবোৰ তুলি ধৰিছে? ৰাম নাম কাৰ মুখত– ভূতৰ নে ভকতৰ? পল্লৱগ্ৰাহীসকলে ভাবিছে যে ভট্টাচাৰ্যৰ লেখাত ভালো আছে, বেয়াও আছে– বেয়াখিনি বৰ্জন কৰি ভালখিনি আদৰিব লাগে! পিছে অত্যুগ্ৰ, একদেশদৰ্শী, অপৰিণামদৰ্শী ভাষিক জাতীয়তাবাদৰ মৰুভূমিত মৰু-বেষ্টিত সেই মৌলিকতাহীন ‘ভালখিনি’ কাৰ্যক্ষেত্ৰত মৰূদ্যান নহয়, মৰীচিকাহে। এক সাংঘাতিক প্ৰতিক্ৰিয়াশীল অৱস্থানৰ পৰা কোৱা সেই ভাল কথাবোৰ কেৱল মৌলিকতাহীনেই নহয়, তাৎপৰ্যহীনো।
আকৌ কিছুমানে ভবাৰ দৰে তেওঁৰ অৱ্স্থান মাৰ্ক্সবাদী মুঠেই নহয়, মাৰ্ক্সবাদৰ বিপৰীত মেৰুতহে আছে তেওঁৰ এই দুই নিবন্ধ। মাৰ্ক্সবাদ হৈছে দ্বান্দ্বিক বস্তুবাদ। ই এক পৰিস্থিতিৰ দ্বন্দ্বময় অৱ্স্থা লক্ষ্য নকৰি নোৱাৰে আৰু নানান দ্বন্দ্বৰ মাজৰ পৰা মূল দ্বন্দ্বটো চিহ্নিত নকৰি নোৱাৰে।
অসমৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিত নিহিত সকলো দ্বন্দ্বৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ দ্বন্দ্বটো হৈছে বৃ্হৎ পুঁজি আৰু হিন্দুত্ববাদৰ যুটীয়া আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া ভাষিক জাতিসত্তাৰ অস্তিত্বৰ সংগ্ৰাম, য’ত এই জনস্বাৰ্থ-বিৰোধী যুটীয়া শক্তিটোৰ বিজয় অসমীয়া-অনাঅসমীয়া সমূহ অসমবাসী জনতাৰ স্বাৰ্থৰ পৰিপন্থী হ’ব।
তদুপৰি মাৰ্ক্সবাদ একদেশদৰ্শী হ’ব নোৱাৰে– ই যিকোনো ঘটনাৰ সামগ্ৰিক বিচাৰ কৰিব। ভট্টাচাৰ্যৰ এই দুটা নিবন্ধত নাগৰিকপঞ্জীৰ কথা আছে, কিন্তু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ সম্পৰ্কে এটা বাক্যও নাই, লোকপিয়লৰ ভাষিক তথ্য সম্পৰ্কে এটা শব্দও নাই, অসমীয়া ভাষাৰ বিপদ আৰু অসমীয়াভাষীৰ তৎজনিত দুৰ্ভাৱনা সম্পৰ্কে এটা বৰ্ণও নাই, দেশী-বিদেশী বৃ্হৎ পুঁজিৰ অদৃশ্য খেলা প্ৰসংগত এটা বিন্দুও নাই, অসম চুক্তি আৰু নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১ চন সম্পৰ্কে এটা বিসৰ্গও নাই। এই আটাইবোৰ প্ৰসংগৰ সামগ্ৰিক বিচাৰ অবিহনে অসমত কিমান দিন বা ৰাতি হৈছে, অসমত কোন শৰশয্যাত আছে, কোন ফুলশয্যাত আছে সেইকথা ঠাৱৰ কৰিব নোৱাৰি।
এইটো নহয় যে ভট্টাচাৰ্য অশুদ্ধ নাগৰিকপঞ্জীৰহে বিৰোধী, শুদ্ধ নাগৰিকপঞ্জীৰ সমৰ্থক। তেওঁ নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰেই বিৰোধী। সেয়ে এই প্ৰক্ৰিয়াক তেওঁ বুলিছে “সুপৰিকল্পিত চক্ৰান্ত”! মানে অসমীয়াভাষী লোকৰ লগতে উচ্চতম ন্যায়ালয়ো চক্ৰান্তকাৰী!! চমকপ্ৰদ কথা এই যে ‘স্বদেশী-বিদেশী’ এই বৈপৰীত্যটোৰ ঠাইত তেওঁ ব্যৱহাৰ কৰিছে ‘অসমীয়া-বাঙালী’ৰ বৈপৰীত্য। এবাৰলৈও তেওঁ ‘বিদেশী বিতাড়ন’ৰ কথা কোৱা নাই, কৈছে ‘বাঙালি বিতাড়ন’ৰ কথা, ‘বাঙালি-মৃগয়া’ৰ কথা। তেওঁৰ কথাই স্পষ্ট কৰিছে যে “অখণ্ড ভাৰতেৰ সন্ততি” বিদেশীক চিনাক্ত আৰু বিতাড়ন কৰাৰ তেওঁ বিৰোধী; স্বদেশী-বিদেশীৰ বাচ-বিচাৰ নকৰি সকলোকে অসমত সম্পূৰ্ণ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সম-অধিকাৰ দি ৰাখিব লাগে। সংক্ষেপে, হিন্দু-মুছলিম নিৰ্বিশেষে সকলো অবৈধ বাংলাদেশীক বৈধ নাগৰিক বুলি মানি ল’ব লাগে, কাৰন ‘‘সভ্য-সমাজে সবাই ভূমিপুত্ৰ।”
ভট্টাচাৰ্যই লিখিছে,“অখণ্ড ভাৰতেৰ সমস্ত সন্ততিই ভাৰতীয়, তাৰা যদি বিভাজন-পূৰ্ব ভাৰতেৰ ভৌগোলিক সীমানাৰ মধ্যে এক অঞ্চল থেকে অন্য অঞ্চলে কোনও কাৰণে বাসস্থান পৰিৱৰ্তন কৰেও থাকেন, তাতে তাদেৰ ভাৰতীয়ত্ব খাৰিজ হয়ে যায় না।” মানে আজিৰ পাকিস্তানীসকলো ভাৰতীয়?
ভট্টাচাৰ্যৰ এই মতৰ সৈতে হিন্দুত্ববাদীৰ এটা মতৰ বিশেষ সাদৃশ্য আছে। হিন্দুত্ববাদীয়ে অখণ্ড ভাৰতৰ সমস্ত হিন্দুকে ভাৰতীয় বুলি ভাবে আৰু ভট্টাচাৰ্যই অখণ্ড ভাৰতৰ সমস্ত সন্ততিকে (মানে সমস্ত বাঙালীকে) ভাৰতীয় বুলি ভাবে। এটা মত যদি ধৰ্মীয় সাম্প্ৰদায়িক, আনটো মত ভাষিক সাম্প্ৰদায়িক। দুয়োটা মতেই আধুনিক ৰাষ্ট্ৰৰ ভৌগোলিক চাৰিসীমাৰ প্ৰশ্নক উলংঘা কৰে। অখণ্ড ভাৰতক লৈ স্মৃতিভাৰাতুৰ (nostalgic) দুয়োটা মত অনুসৰি আজিৰ বাংলাদেশ ‘বিদেশ’ নহয়।
অসম চুক্তিৰ আধাৰত নাগৰিকত্বৰ ভিত্তিবৰ্ষ হিচাপে ১৯৭১-ক খামুচি ধৰা, বিদেশীমুক্ত নাগৰিকপঞ্জীৰ পক্ষত থকা আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ বিপক্ষত থকা বামপন্থীসকলক ‘প্ৰগতিশীল জাতীয়তাবাদী’ বুলি উপহাস কৰা এচাম চেলেপু মানুহে বামপন্থীৰ দ্বান্দ্বিক অৱস্থানৰ তাৎপৰ্য ধৰিব নোৱাৰি তাক সৰলীকৰণ কৰে। বামপন্থীক জাতীয়তাবাদী শিবিৰৰ সৈতে থিয় হোৱা দেখি তেওঁলোকৰ তৰ্ধনি হেৰায়।
তেওঁলোকে নুবুজে, কিন্তু বামপন্থীয়ে বুজে, যে জাতিৰাষ্ট্ৰ, জাতীয়তাবাদ আদিৰ তুলনামূলক সংকীৰ্ণতা সত্ত্বেও ইতিহাসত তাৰ ভূমিকা আজিও লুপ্ত হৈ পৰা নাই, বিশেষকৈ এইবাবে যে পুঁজিৰ গণধংসী অভিযানক ৰুধিব পৰাকৈ শ্ৰমিক-কৃষকৰ শ্ৰেণীচেতনা আৰু শ্ৰেণীসংগ্ৰাম তেজোদ্দীপ্ত অৱস্থাত নাই। যিহেতু বিশ্বপুঁজি আৰু হিন্দুত্ববাদৰ যুগলবন্দীৰ সমুখত জাতীয়তাবাদ আজিও কিছু শক্তিশালী প্ৰত্যাহ্বান হ’ব পাৰে আৰু শ্ৰেণীচেতনাতকৈ জাতীয়তাবাদী চেতনাহে আজিৰ তাৰিখত অধিক সক্ৰিয়, যিহেতু ভৱিষ্যত শ্ৰেণীসংগ্ৰামৰ বুনিয়াদ ৰচিবলৈ উক্ত যুগলবন্দীক পৰাস্ত কৰিবই লাগিব, সেয়েহে বামপন্থীয়ে জাতীয়তাবাদৰ অস্ত্ৰপাটো নেওচিব নোৱাৰে।
বিশ্বপুঁজিয়ে বিচাৰে বিশ্বায়নৰ সুচল গতিৰ স্বাৰ্থত ভাষাৰ সংখ্যা কমি আহক, জনসংখ্যাৰ ফালেদি বৃ্হৎ ভাষাবোৰ ৰয় যদি ৰওক, মজলীয়া আৰু সৰু ভাষাবোৰ অযথা ভিৰ কৰি পুঁজিৰ সুগম পথত স্পীড-ব্ৰেকাৰ হ’ব নালাগে। তদুপৰি ভাষা হেৰোৱা মানুহ পৰমুখাপেক্ষী হয়, তেনে মানুহে সন্মিলিত গণ-প্ৰতিৰোধ ৰচিব নোৱাৰে। তেনেবোৰ ঠাইৰ সম্পদ লুট বৃ্হৎ পুঁজিৰ বাবে সুবিধাজনক হৈ পৰে। সেয়েহে বৃ্হৎ পুঁজিয়ে আজি সৰু সৰু ভাষিক সত্তাসমূহক মষিমূৰ কৰিব খোজে। এনে ভাষিক জাতিসত্তাবোৰ হিন্দুত্ববাদৰ বাটৰো হেঙাৰ। ভাষিক আৰু জাতীয় ভিন্নতাই হিন্দু ঐক্য বিনষ্ট কৰে বুলি তাৰ ধাৰণা। অৰ্থাৎ নিজ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে বৃ্হৎ পুঁজি আৰু হিন্দুত্ববাদ উভয়ে অসমীয়া ভাষিক জাতিসত্তা দুৰ্বল হোৱাটো বিচাৰে।
বাঙালী ভাষিক জাতিসত্তাক সিহঁতে সতকাই লৰক-ফৰক কৰিব নোৱাৰে কাৰণ ভাষিক জনসংখ্যাৰ হিচাপত বাংলা পৃথিৱীৰ ছয় নম্বৰ আৰু ভাৰতৰ দুই নম্বৰ ভাষা। বাংলা বলে নোৱৰা শিল, গতিকে পৰি নমস্কাৰ, পাৰা যদি অসমীয়াৰ মূৰতে শোধোৱা মাধমাৰ। কাজেই তপোধীৰ ভট্টাচাৰ্যই বাংলাভাষা আৰু বাঙালীৰ বিৰুদ্ধে যি ভাৰতজোৰা চক্ৰান্ত দেখিছে, সেয়া অতি অতিৰঞ্জন। বিপদাপন্ন বাঙালী নহয়, অসমীয়াহে।
হিন্দু-মুছলিম নিৰ্বিশেষে বাঙালী ঐক্যৰ আহ্বান আৰু আৱাজ দি তপোধীৰ ভট্টাচাৰ্যই বিভেদকামী, প্ৰতিক্ৰিয়াশীল, গণবিৰোধী শক্তিকহে সহায় কৰিছে। তেওঁ অসমতে অসমীয়া ভগনীয়া হোৱাৰ যি আশংকা, তাৰ প্ৰতি সহৃদয় নহৈ পূৰ্ব-বংগ মূলৰ হিন্দু-মুছলিম সকলোকে উচটাই বিভেদৰ বীজ সিঁচিব খুজিছে।
তেওঁ এইকথা উপেক্ষা কৰিছে যে কোনো অসমীয়া জাতীয়তাবাদী বা বামপন্থীয়ে ‘বাঙালী’ৰ নাগৰিকত্বক লৈ প্ৰশ্ন তোলা নাই, তুলিছে ‘বিদেশী’ৰ নাগৰিকত্বক লৈহে। ঘটনাক্ৰমে যেনিবা সেই বিদেশীৰ ভাষা হ’বগৈ বাংলা।
ওপৰে ওপৰে চালে ভট্টাচাৰ্যৰ মত মানৱতাবাদী যেন লাগে। কিন্তু, এই একদেশদৰ্শী মত গজগজীয়া হৈ পৰিলে অসম মানৱতাৰ বধ্যভূমিত পৰিণত হোৱাটো অৱধাৰিত হৈ পৰিব; সৰ্বসাধাৰণৰ দুৰ্দশাৰ সীমা অসীমত হেৰাই যাব।
জাতীয়তাবাদ বা তাৰ উগ্ৰতাই মানৱতা যি পৰিমাণে খৰ্ব কৰিব পাৰে তাতোকৈ সহস্ৰ গুণে কৰিব পাৰে বৃ্হৎ পুঁজি আৰু হিন্দুত্ববাদৰ সন্মিলিত শক্তিয়ে। শ্যেইক্সপীয়েৰৰ এক চৰিত্ৰই কৈছে, “To do a great right, do a little wrong’’ (এক ডাঙৰ শুদ্ধ কাম কৰিবলৈ অকণমান অশুদ্ধ কৰক।) বিমূৰ্ত মানৱতাবাদে পৰিস্থিতিৰ এনে দ্বান্দ্বিক চৰিত্ৰ উপলব্ধি কৰিব নোৱাৰে। মানৱতাৰ বিপৰীত মেৰুত এই মুহূৰ্তত জাতীয়তাবাদ অৱতীৰ্ণ হোৱা নাই, হৈছে হিন্দুত্ববাদ আৰু বৃ্হৎ পুঁজি।
আচৰিত ধৰণে তপোধীৰ ভট্টাচাৰ্য এই দুই শক্তিৰ বিষয়ে নীৰৱ। এই দুই শক্তিৰ হাতত অসমীয়া ভাষিক জাতিসত্তা বিপৰ্যস্ত হ’লে সিহঁত অজেয় অসুৰ হৈ ভাষা-ধৰ্ম নিৰ্বিশেষে সমূহ অসমবাসী সাধাৰণ জনতাৰ তেজ পিব। ‘মানৱতা মানৱতা’ বুলি ৰাউচি জুৰা বিমূৰ্ত মানৱতাবাদীয়ে মানৱতাৰ সেই ভয়ংকৰ স্খলনৰ ৰূপ-কল্পনা কৰিব নোৱাৰি উক্ত দুই শক্তিৰ বিৰুদ্ধে নুযুঁজি অসমীয়া জাতীয়তাবাদৰ বিৰুদ্ধেহে যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে।