• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 8:24 am
জোনবিল মেলা
636
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা মৰিগাওঁ জিলাৰ জাগীৰোডৰ ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰত আৰম্ভ হ’ব ঐতিহাসিক জোনবিল মেলা। আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা তাহানিৰ বিনিময় প্ৰথাক ধৰি ৰখা পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ এই মেলাখন পৰম্পৰাগতভাৱে চলি অহাৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ’ব।

গোভা দেওৰজা চাৰিভাই দেওশাল শিবমন্দিৰত মাংগলিক পৰ্বৰে এই জোনবিল মেলাখনৰ প্ৰথম দিনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি হ’ব। পতাকা উত্তোলনকে ধৰি অন্যান্য বহুতো কাৰ্য্যসূচী অনুষ্ঠিত হ’ব লগীয়া মেলাখনৰ প্ৰথম দিনাই পাহাৰৰ জনগোষ্ঠীয় লোকসকলৰ আগমন ঘটিব।

দিনৰ ১:৩০ বজাত গোভাৰজাৰ সৈতে সকলোৰে এক প্ৰীতিভোজ আয়োজন কৰা হৈছে য’ত বৰ্তমানৰ গোভা ৰজা দীপসিং দেওৰজা আৰু পাটনিয়া ৰজা ভদ্ৰসিং দেওৰজা  উপস্থিত থাকিব।

আনহাতে ১৯ জানুৱাৰি, অৰ্থাৎ দ্বিতীয় দিনাৰ পুৱাই পাহাৰৰ পৰা অহা তিৱা, কাৰ্বি, জয়ন্তীয়া, খাচি, গাৰো জনগোষ্ঠীৰ লোকসলে ভৈয়ামৰ তিৱাসকলৰ সৈতে পৰম্পৰাগত বিনিময় প্ৰথাৰ আৰম্ভণি কৰিব।

এই কাৰ্য্যসূচীৰ উদ্বোধন কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। পৰম্পৰা অনুসৰি পাহাৰীয়া লোকসকলে পাহাৰত উৎপাদিত আলু, কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা ইত্যাদি সামগ্ৰীৰ সৈতে ভৈয়ামত উৎপাদিত সান্দহ, পিঠা, মাছ, শুকান মাছ আদিৰ সাল-সলনি কৰে।

বিনিময় প্ৰথাৰ কাৰ্য্যসূচীৰ পিছতে পুৱা ৯:০০ বজাৰ পৰা সমূহীয়াভাবে জোনবিলত মাছ মৰা কাৰ্য্যসূচীৰ আৰম্ভ হ’ব।

ইয়াৰ পিছতে সেই মাছেৰে ৰজাৰ সৈতে সকলোৱে মিলি বিলৰ পাৰতে ভোজভাত খাব। সূত্ৰটোৱে কোৱা মতে ইয়াৰ পিছদিনা সকলো ৰাইজৰ বাবে এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়া হ’ব, যিটো এটা পৰম্পৰা।

সেইদিনাই দিনৰ ১১:০০ বজাৰ পৰা গোভা ৰজাৰ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি হ’ব। এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই।

২০ জানুৱাৰি অৰ্থাৎ জোনবিল মেলাৰ শেষৰ দিনা তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা, মৰিগাওঁ জিলাৰ উপায়ুক্ত হেমেন দাস, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তা আৰু মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল কাকতী উপস্থিত থাকিব।

আনহাতে মেলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা ১ কোটি টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়াৰ কাৰণে মুখ্য মন্ত্ৰী তথা ৰাজ্য চৰকাৰলৈ তিৱা ৰাজদৰবাৰে ধন্যবাদ জ্ঞাপন কৰিছে

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd