বৃহস্পতিবাৰে ২৮সংখ্যক গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্টত মণিপুৰ পুলিচ স্প’ৰ্টছ ক্লাব-বি’ক ৯-৪ৰ ব্যৱধানত পৰাস্ত কৰি চিংখেই হুনবা প’ল’ ক্লাবে পুৰুষৰ বিজয়ীৰ খিতাপ জয় কৰিছে। আনহাতে, ১৭সংখ্যক গভৰ্নৰছ মহিলা প’ল’ টুৰ্নামেণ্টত কে এম এম ৰাইডিং স্কুল ছিংজামেইক ৭-১ৰ ব্যৱধানত পৰাস্ত কৰি ইম্ফল ৰাইডিং ক্লাব বিজয়ী হৈছে। এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইম্ফলৰ ইম্ফল প’ল’ গ্ৰাউণ্ড মাপাল কানজেইংবাঙত।
গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্টৰ সামৰণী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লা উপস্থিত আছিল। ড০ হেপতুল্লাই তেওঁৰ ভাষণত কয় যে মণিপুৰৰ চতুৰ্থগৰাকী ৰাজ্যপাল জেনেৰেল কে ভি কৃষ্ণ ৰাৱে বিজয়ীৰ ট্ৰফীটো দান কৰি গভৰ্নৰছ কাপ প’ল’ টুৰ্নামেণ্টৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ উত্তৰসূৰী শ্ৰী চিন্তামণি পাণিগ্ৰাহীয়ে ৰানাৰ্ছ আপ ট্ৰফীটো দান কৰিছিল। ২০০৮ৰ পৰা ২০১৩লৈকে মণিপুৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী গুৰবচন জগতেও বৰ্তমানৰ কেইটামান ট্ৰফী দান দিছিল। মুখ্য অতিথি গৰাকীয়ে আৰু কয় যে এই খেলটো প্ৰখ্যাত হৈ পৰা দেখা পাই তেওঁ যথেষ্ট উৎসাহী হৈ পৰিছে।
এই খেলটোৰ বিকাশৰ বাবে সংশ্লিষ্ট সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। ৰাজ্যৰবাহিৰে ভিতৰে এই খেলত ভালদৰে চিনাকী কৰাই দিব লাগিব বুলিও তেওঁ কয়। আম্পায়ৰসকলেও এই খেলবিধৰ আধুনিক নিয়মসমূহ সেইবোৰৰ ব্যাখ্যা সম্পৰ্কে অৱগত হ’ব লাগিব বুলিও তেওঁ কয়। তেওঁ এই খেলবিধৰ অবিশ্চেদ্য অংগ মণিপুৰী ঘোঁৰাৰ জাতটো ৰক্ষা কৰাৰ ক্ষেত্ৰত দায়বদ্ধ হ’ব লাগিব বুলিও মন্তব্য কৰে।
তাৰ পাছত পুৰুষ আৰু মহিলা দলৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। অংশগ্ৰহণকাৰী দলসমূহ আৰু প্ৰাক্তন প’ল’ খেলুৱৈসকলকো নগদ ধন প্ৰদান কৰা হয়।
মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান্দে অনুষ্ঠানটোত সভাপতিত্ব কৰিছিল আৰু মণিপুৰ হৰ্ছ ৰাইডিং আৰু প’ল’ এছোচিয়েশ্যনৰ সভাপতি এইচ দিলীপ সিং আৰু উপদেষ্টা ড০ কে এছ এইচ চৌৰজিত সিঙো মঞ্চত উপস্থিত আছিল।
উল্লেখ্য যে ২৮সংখ্যক গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্ট আৰু ১৭সংখ্যক গভৰ্নৰছ উইমেন’ছ প’ল’ টুৰ্নামেণ্ট আৰম্ভ হৈছিল ২০১৮ৰ ২১ মাৰ্চত।