অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাই ৪০ লাখ ভাৰতীয়ক অন্যায়্ভাৱে বিদেশী সজোৱা বুলি একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি ৩১ জুলাইত ৰাজ্য সভাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন কৰিলে বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
ৰাজ্যসভাত বক্তব্য ৰখাত একাংশ সাংসদে বাৰেপতি দিয়া বাধাৰ বিৰুদ্ধে প্ৰচণ্ড প্ৰতিবাদ আৰু ক্ষোভেৰে ‘সেইকাৰণেই অসমৰ মানুহে সাৰ্বভৌমত্ব পৰ্য্যন্ত বিচাৰিছে’ বুলি মন্তব্য কৰে অসমৰ সাংসদজনে।
‘চাওক মই অসমৰ পৰা আহিছো। ভাৰতৰ কোনো ৰাজ্যই এই বিষয়টো যদি সহ্য নকৰে, তেন্তে উত্তৰ-পূৰ্বাঞ্চলক এৰি দিয়ক। অসমক এৰি দিয়ক,’ প্ৰচণ্ড ক্ষোভেৰে ৰাজ্য সভাত মন্তব্য দৈমাৰীৰ।
খচৰাত নাম নহা ৪০ লাখ লোকৰ বিষয়টো স্পষ্ট কৰি দিয়াৰ বাবে বক্তব্য ৰাখিব খোজা অসমৰ সাংসদজনক কথা শুনিব নোখোজা সদনৰ সাংসদসকলকো তীব্ৰ প্ৰত্যাহ্বান জনাই দৈমাৰীয়ে।
‘মই অকলে আছো। আমাৰ কথা কোৱাৰ অধিকাৰ নাই নেকি?’ বুলি বুকুত চপৰিয়াই সংসদক প্ৰশ্ন কৰে দৈমাৰীয়ে।
যোৱা ৩০ জুলাইত প্ৰকাশিত খচৰাই কাকো বিদেশী বুলি ঘোষণা নকৰাৰ পিছতো প্ৰায়সংখ্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু একাংশ ৰাজনৈতিক দলে অসমত ৪০ লাখ লোকক বিদেশী ঘোষণা কৰা হৈছে বুলি ব্যাপক অপপ্ৰচাৰ চলাইছে।
খচৰাত নাম নহা কোনো লোকসকলক লৈ চলা মিছা প্ৰচাৰৰ বিষয়টো সম্পৰ্কে স্পষ্ট কৰিব খোজা দৈমাৰীক বাধা আৰোপ নকৰিবলৈ সদনৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইদুয়ে সাংসদসকলক বাৰম্বাৰ অনুৰোধ কৰিব লগাও হয়।
এন আৰ চিৰ নামত অসমত কাকো হাৰাশাস্তি কৰা হোৱা নাই বুলি দৈমাৰীয়ে সদনত স্পষ্ট কৰি দিয়ে।
‘এই ৪০,০৭,৭০৭ গৰাকী লোকৰ সংখ্যাটো পৰিয়ালৰ সংখ্যা নহয়। ইয়াত বুঢ়াৰ পৰা শিশুলৈকে আছে। এইসকলৰ মাজত অসমীয়া মানুহো আছে,’ সদনত দৈমাৰীৰ স্পষ্টীকৰণ।
এইসকল লোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি দেশৰ গৃহ বিভাগে ইতিমধ্যে কৰা ঘোষণাও সদনত দৃঢ়তাৰে দোহাৰে অসমৰ সাংসদজনে।