পহিলা ব’হাগৰ দিনা দেৰগাঁৱৰ চিকাৰী ঘাটলৈ গৈছিলো। ব্ৰহ্মপুত্ৰৰ পাৰৰ মিচিং জনজাতি অধ্যুষিত বৃহত্তৰ এই অঞ্চলটো কৃষিৰ বাবে বিখ্যাত আছিল। এসময়ত ইয়াৰ চাপৰিত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ বজাৰ ভৰি আছিল। কিন্তু এইবাৰ দেখিলো বিস্তীৰ্ণ অঞ্চলজুৰি উদং পথাৰ । বানপীড়িত অঞ্চলটোত বাৰিষা শালিধানৰ খেতি কৰিব নোৱাৰে। খৰালি ৰবি শস্যৰ বাবে নাই জলসিঞ্চনৰ ব্যৱস্থা। ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা যায় নগাঁও, মৰিগাঁও, দৰং, বৰপেটা, গোৱালপাৰা জিলাৰ চৰ অঞ্চলত। কঠোৰ পৰিশ্ৰমী অভিবাসী মুছলমানসকলে চৰৰ উৰ্বৰাভূমিত বিধে বিধে কৃষিজাত সামগ্ৰী উৎপাদন কৰিও বৰ্তমান এইসকল কৃষকৰ হাহাকাৰ অৱস্থা। কাৰণ উৎপাদিত সামগ্ৰী পানীৰ দামত বিক্ৰী কৰিবলগীয়া হয়। নাই বজাৰৰ সু-ব্যৱস্থা। চৰৰ কৃষকৰ দুৰাৱস্থা দেখো- যেতিয়া সেই ঠাইবোৰলৈ যাওঁ।
কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষিক্ষেত্ৰৰ এই দৃশ্যপট সঁচাকৈয়ে চিন্তনীয়। অৰ্থনৈতিক জৰীপত প্ৰকাশ পাইছে যে- ৰাজ্যৰ কৃষিখণ্ডই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ আগবঢ়োৱা অৱদান হ্ৰাস পাইছে। ২০১৬-১৭ বৰ্ষত এই হাৰ ১৯.৩৪ শতাংশ । ২০১১-১২ বৰ্ষত এই হাৰ আছিল ১৯.৮৯ শতাংশ। ২০১৫-১৬ বৰ্ষত ধানখেতি কৰা মাটি আছিল ২৪.৮৫ লাখ হেক্টৰ। ২০১৬-১৭ বৰ্ষত ধানখেতিৰ মাটি ২৪.৬৭ লাখ হেক্টৰলৈ হ্ৰাস পালে। ইয়াৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাইছে ৫৩.৫৫ লাখ মেট্ৰিক টনলৈ। এই তথ্যৰ ভিত্তিত চাব পাৰি অসমৰ কৃষিখণ্ডক। এফালে ৰাজ্যৰ বহু ঠাইত কৃষিকৰ্মৰ বাবে নাই পৰ্যাপ্ত সুবিধা। আনহাতে উৎপাদিত সামগ্ৰীৰ বাবে নাই বজাৰৰ সু ব্যৱস্থা। প্ৰশ্ন হয়- তেতিয়া হ’লে চৰকাৰে কৰিছে কি? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষিক্ষেত্ৰত অসমক আগবঢ়াই নিয়াৰ সংকল্পৰ কথা কয়। কৃষিমন্ত্ৰী অতুল বৰাই কয়- কৃষি বিভাগৰ কাম কাজ ত্বৰান্বিত হৈছে। কৃষিমন্ত্ৰী ডাঙৰীয়া অসমৰ কৃষিখণ্ডৰ প্ৰকৃত ছবিখন কি? কৃষকৰ অৱস্থা কেনেকুৱা? দৰিদ্ৰ কৃষকৰ পৰা আৰম্ভ কৰি বৃহৎ কৃষকলৈকে সকলোৰে সমস্যা। এই নিৱন্ধৰ প্ৰথমতে উল্লেখ কৰা দুটা ভিন্ন অঞ্চলৰ কথাই দেখুৱাইছে আচল ছবি। এয়া প্ৰতিনিধিত্বমূলক দৃশ্য। আন ঠাইতো একেই। ঠায়ে ঠায়ে কৃষকে প্ৰতিবাদ কৰিছে। নামনি অসমৰ চৰ অঞ্চলৰ পৰিস্থিতি ভয়াৱহ হ’ব পাৰে। কাৰণ চৰৰ কৃষকে আনৰ পৰা মাটি লীজত লৈ খেতি কৰে। নিৰ্দ্দিষ্ট খেতিৰ বাবে ঋণ লয়। বেংকৰ উপৰিও ব্যক্তিগত ঋণদাতাৰ পৰা অধিক সুদৰ ঋণ লয়। আৰু যেতিয়া উৎপাদিত সামগ্ৰীৰ উচিত মূল্য তেওঁলোকে লাভ নকৰে, তেতিয়া কি পৰিস্থিতি হয়। কল্পনা কৰকচোন। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ কৃষকৰ দৰে একেই দুৰ্দশা আহি আছে নেকি? অসমৰ কৃষি এতিয়াও মৌচুমী বায়ুৰ ওপৰতেই নিৰ্ভৰশীল। বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰিব লাগে কৃষকে। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে নেতিবাচক প্ৰভাৱ পেলাইছে অসমৰ খেতিত। পূৰ্বৰ কৃষিকৰ্মৰ কিছু পৰিৱৰ্তন ঘটাবলগীয়া হৈছে। পৰিৱৰ্তিত কৃষিকৰ্মৰ বাবে কৃষি বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। কৃষি কৰ্মৰ বাবে যুৱক-যুৱতীক আকৰ্ষণ কৰাৰ বাবেও নাই কোনো ব্যৱস্থা। কৃষি খণ্ডত বিৰাজ কৰা অনিশ্চয়তাই যুৱক-যুৱতীক কৃষিৰ পৰা আঁতৰাই নিছে। অথচ কৃষিক বাদ দি অসমৰ অৰ্থনীতিৰ কথা ভাবিবই নোৱাৰি। কৃষিত বিপ্লৱ আনিব পাৰিলেহে ৰাজ্যৰ অৰ্থনীতি টনকীয়াল হ’ব।
কৃষিখণ্ডৰ দুৰাৱস্থা দূৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। কৃষিক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। খানাপাৰা খেলপথাৰত কৃষক সমাৰোহ অনুষ্ঠিত কৰি, ট্ৰেক্টৰ বিতৰণ কৰিলেই ঠন ধৰি নুঠে কৃষিক্ষেত্ৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া- কৃষিখণ্ডৰ দুৰাৱস্থাই আপোনাৰ চৰকাৰৰ ব্যৰ্থতাকে সূচায়। কিয় ব্যৰ্থতাৰ পৰিচয় দিছে? সময় এতিয়াও আছে। চেষ্টা কৰক কৃষকৰ মুখত হাঁহি বিৰিঙোৱাৰ।
(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])