• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উদং পথাৰ, উভৈনদী শস্য : কৃষিখণ্ডৰ কি দুৰাৱস্থা?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
April 23, 2018 2:28 pm
19regBora
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহিলা ব’হাগৰ দিনা দেৰগাঁৱৰ চিকাৰী ঘাটলৈ গৈছিলো। ব্ৰহ্মপুত্ৰৰ পাৰৰ মিচিং জনজাতি অধ্যুষিত বৃহত্তৰ এই অঞ্চলটো কৃষিৰ বাবে বিখ্যাত আছিল। এসময়ত ইয়াৰ চাপৰিত উৎপাদিত কৃষিজাত সামগ্ৰীয়ে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ বজাৰ ভৰি আছিল। কিন্তু এইবাৰ দেখিলো বিস্তীৰ্ণ অঞ্চলজুৰি উদং পথাৰ । বানপীড়িত অঞ্চলটোত বাৰিষা শালিধানৰ খেতি কৰিব নোৱাৰে। খৰালি ৰবি শস্যৰ বাবে নাই জলসিঞ্চনৰ ব্যৱস্থা। ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা যায় নগাঁও, মৰিগাঁও, দৰং, বৰপেটা, গোৱালপাৰা জিলাৰ চৰ অঞ্চলত। কঠোৰ পৰিশ্ৰমী অভিবাসী মুছলমানসকলে চৰৰ উৰ্বৰাভূমিত বিধে বিধে কৃষিজাত সামগ্ৰী উৎপাদন কৰিও বৰ্তমান এইসকল কৃষকৰ হাহাকাৰ অৱস্থা। কাৰণ উৎপাদিত সামগ্ৰী পানীৰ দামত বিক্ৰী কৰিবলগীয়া হয়। নাই বজাৰৰ সু-ব্যৱস্থা। চৰৰ কৃষকৰ দুৰাৱস্থা দেখো- যেতিয়া সেই ঠাইবোৰলৈ যাওঁ।

কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষিক্ষেত্ৰৰ এই দৃশ্যপট সঁচাকৈয়ে চিন্তনীয়। অৰ্থনৈতিক জৰীপত প্ৰকাশ পাইছে যে- ৰাজ্যৰ কৃষিখণ্ডই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ আগবঢ়োৱা অৱদান হ্ৰাস পাইছে। ২০১৬-১৭ বৰ্ষত এই হাৰ ১৯.৩৪ শতাংশ । ২০১১-১২ বৰ্ষত এই হাৰ আছিল ১৯.৮৯ শতাংশ। ২০১৫-১৬ বৰ্ষত ধানখেতি কৰা মাটি আছিল ২৪.৮৫ লাখ হেক্টৰ। ২০১৬-১৭ বৰ্ষত ধানখেতিৰ মাটি ২৪.৬৭ লাখ হেক্টৰলৈ হ্ৰাস পালে। ইয়াৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাইছে ৫৩.৫৫ লাখ মেট্ৰিক টনলৈ। এই তথ্যৰ ভিত্তিত চাব পাৰি অসমৰ কৃষিখণ্ডক। এফালে ৰাজ্যৰ বহু ঠাইত কৃষিকৰ্মৰ বাবে নাই পৰ্যাপ্ত সুবিধা। আনহাতে উৎপাদিত সামগ্ৰীৰ বাবে নাই বজাৰৰ সু ব্যৱস্থা। প্ৰশ্ন হয়- তেতিয়া হ’লে চৰকাৰে কৰিছে কি? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষিক্ষেত্ৰত অসমক আগবঢ়াই নিয়াৰ সংকল্পৰ কথা কয়। কৃষিমন্ত্ৰী অতুল বৰাই কয়- কৃষি বিভাগৰ কাম কাজ ত্বৰান্বিত হৈছে। কৃষিমন্ত্ৰী ডাঙৰীয়া অসমৰ কৃষিখণ্ডৰ প্ৰকৃত ছবিখন কি? কৃষকৰ অৱস্থা কেনেকুৱা? দৰিদ্ৰ কৃষকৰ পৰা আৰম্ভ কৰি বৃহৎ কৃষকলৈকে সকলোৰে সমস্যা। এই নিৱন্ধৰ প্ৰথমতে উল্লেখ কৰা দুটা ভিন্ন অঞ্চলৰ কথাই দেখুৱাইছে আচল ছবি। এয়া প্ৰতিনিধিত্বমূলক দৃশ্য। আন ঠাইতো একেই। ঠায়ে ঠায়ে কৃষকে প্ৰতিবাদ কৰিছে। নামনি অসমৰ চৰ অঞ্চলৰ পৰিস্থিতি ভয়াৱহ হ’ব পাৰে। কাৰণ চৰৰ কৃষকে আনৰ পৰা মাটি লীজত লৈ খেতি কৰে। নিৰ্দ্দিষ্ট খেতিৰ বাবে ঋণ লয়। বেংকৰ উপৰিও ব্যক্তিগত ঋণদাতাৰ পৰা অধিক সুদৰ ঋণ লয়। আৰু যেতিয়া উৎপাদিত সামগ্ৰীৰ উচিত মূল্য তেওঁলোকে লাভ নকৰে, তেতিয়া কি পৰিস্থিতি হয়। কল্পনা কৰকচোন। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ কৃষকৰ দৰে একেই দুৰ্দশা আহি আছে নেকি? অসমৰ কৃষি এতিয়াও মৌচুমী বায়ুৰ ওপৰতেই নিৰ্ভৰশীল। বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰিব লাগে কৃষকে। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে নেতিবাচক প্ৰভাৱ পেলাইছে অসমৰ খেতিত। পূৰ্বৰ কৃষিকৰ্মৰ কিছু পৰিৱৰ্তন ঘটাবলগীয়া হৈছে। পৰিৱৰ্তিত কৃষিকৰ্মৰ বাবে কৃষি বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই। কৃষি কৰ্মৰ বাবে যুৱক-যুৱতীক আকৰ্ষণ কৰাৰ বাবেও নাই কোনো ব্যৱস্থা। কৃষি খণ্ডত বিৰাজ কৰা অনিশ্চয়তাই যুৱক-যুৱতীক কৃষিৰ পৰা আঁতৰাই নিছে। অথচ কৃষিক বাদ দি অসমৰ অৰ্থনীতিৰ কথা ভাবিবই নোৱাৰি। কৃষিত বিপ্লৱ আনিব পাৰিলেহে ৰাজ্যৰ অৰ্থনীতি টনকীয়াল হ’ব।

Apply Now

কৃষিখণ্ডৰ দুৰাৱস্থা দূৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। কৃষিক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। খানাপাৰা খেলপথাৰত কৃষক সমাৰোহ অনুষ্ঠিত কৰি, ট্ৰেক্টৰ বিতৰণ কৰিলেই ঠন ধৰি নুঠে কৃষিক্ষেত্ৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া- কৃষিখণ্ডৰ দুৰাৱস্থাই আপোনাৰ চৰকাৰৰ ব্যৰ্থতাকে সূচায়। কিয় ব্যৰ্থতাৰ পৰিচয় দিছে? সময় এতিয়াও আছে। চেষ্টা কৰক কৃষকৰ মুখত হাঁহি বিৰিঙোৱাৰ।

 (লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])

 

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd