• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এজাক বৰষুণতে বুৰ গ’ল নগাঁও চহৰৰ বহু অঞ্চল, ব্যাহত যাতায়াত

মিণ্টু দাস by মিণ্টু দাস
July 5, 2018 6:05 am
জলমগ্ন হৈ পৰা নগাঁও চহৰ

এজাক বৰষুণতে জলমগ্ন হৈ পৰা নগাঁও চহৰ। ফটো : মিন্টু দাস

186
VIEWS
Share on FacebookShare on Twitter

এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা পথত একাঠু পানীৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। কালি সন্ধিয়া হোৱা এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা অঞ্চল বুৰ যোৱাত যাতায়ত ব্যাহত হৈ পৰে। বিশেষকৈ নগাঁও- ধিং সংযোগী পথৰ ধিং চিণ্ডিকেটৰ সমীপৱৰ্তী উৰণীয়া সেঁতুৰ কাষৰ দুয়োটা চাৰ্ভিচ পথৰে অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে।

আনকি, কালি সন্ধিয়াৰ ভাগৰ পৰা আৰম্ভ হোৱা বৰষুণত এই পথ দুটাত কৃত্ৰিম বানৰ সৃষ্টি হয়। উল্লেখ্য, এই পথ কেইটাৰে পানী ওলাই যোৱাৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত মুলতঃ পথ কেইটাত এজাক বৰষুণ দিলেই পানীৰ সৃষ্টি হয়। নগাঁও চহৰৰ হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গেটৰ উৰণীয়া সেঁ‌তু পৰ্যন্ত এই পথ চোৱাই দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত ইতিপূৰ্বে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে।

উক্ত চাৰ্ভিচ পথ দুটাৰে ধিং গেটত থকা বিভিন্ন প্ৰতিষ্ঠানলৈ যাতায়ত কৰাৰ লগতে গুৰুত্বপূৰ্ণ হয়বৰগাঁও ৰেল ষ্টেশ্যনলৈ যাতায়ত কৰে সৰ্বসাধাৰণ ৰাইজে। এজাক বৰষুণতে  যাতায়ত বন্ধ হৈ পথ দুটাৰে ৰে’ল ষ্টেচনলৈ অহা-যোৱা কৰা যাত্ৰী সকলো সমস্যাৰ সন্মুখীন হ’বলগা হয়। কেৱল এই চাৰ্ভিচ পথ দুটাই নহয়, ধিং গেটৰ উৰণীয়া সেঁতুৰ দুয়ো মূৰত এজাক বৰষুণত পুখুৰী সদৃশ পানী জমা হয়।

উল্লেখ্য যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, ধিং আদি অঞ্চললৈ যাতায়ত কৰা একমাত্ৰ পথচোৱা এজাক বৰষুণ দিলেই যাতায়তৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হয় ৰাইজ। কেৱল এই পথ কেইটাই নহয়, নগাঁও চহৰৰ মোল্লাপট্টি হৈ বৰভেটী চাৰিআলি সংযোগী পথটোৰো অৱস্থা শোচনীয়। নগাঁও-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ অধীনৰ এই পথটোৰ নিৰ্মাণ কাৰ্য কোনো কোনো স্থানত চলি আছে যদিও নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবেই পথটোৰে সম্প্ৰতি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।পথটোত নতুনকৈ মাটি উঠোৱাত বৰষুণ দিলেই পথটোত একাঠু বোকা হয়।

একেদৰে মৰিগাঁও বাছ আস্থানৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সন্মুখৰে যোৱা পথটোতো এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়। তাৎপৰ্যপূৰ্ণ যে, নগাঁও পৌৰসভাই নগাঁও চহৰৰ নলা- নৰ্দমাসমূহ সঠিকভাবে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু পথৰে পানী ওলাই যাব নোৱাৰে। যাৰ বাবে বহু কেইটা পথত এজাক বৰষুণতে একাঠু পানীৰ সৃষ্টি হয়।

মন কৰিবলীয়া যে, চহৰখনৰ আমোলাপট্টি বি বৰুৱা পথ, ১ নং উপ পথতো বৰষুণৰ পানী জমা হৈ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। কিছুদিন পুৰ্বে এই পথচোৱা মেৰামতিৰ বাবে স্থানীয় এগৰাকী শিক্ষাবিদে এখন ৰাজহুৱা সভাত অনুৰোধ জনোৱাৰ বাবেই শিক্ষাবিদগৰাকীক ৰে’ল ৰাজ্যমন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইয়ে অপদস্থ কৰিছিল। এই লৈ সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আজিও এই পথচোৱা মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে।

ইপিনে আজি এজাক  বৰষুণতে পানীৰ তলত বুৰ যায় চহৰৰ ঢাকাপট্টি, কৃষ্ণাহল চাৰিআলি, হৰিজনপট্টি, তিলক ডেকা পথ, এডিপি ৰোড, মৰিগাঁও বাছ ছেণ্ডিকেটৰ পৰা এডিপি কলেজ পথৰ লগতে চহৰখনৰ বহু অঞ্চল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd