এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা পথত একাঠু পানীৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। কালি সন্ধিয়া হোৱা এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা অঞ্চল বুৰ যোৱাত যাতায়ত ব্যাহত হৈ পৰে। বিশেষকৈ নগাঁও- ধিং সংযোগী পথৰ ধিং চিণ্ডিকেটৰ সমীপৱৰ্তী উৰণীয়া সেঁতুৰ কাষৰ দুয়োটা চাৰ্ভিচ পথৰে অৱস্থা সম্প্ৰতি শোচনীয় হৈ পৰিছে।
আনকি, কালি সন্ধিয়াৰ ভাগৰ পৰা আৰম্ভ হোৱা বৰষুণত এই পথ দুটাত কৃত্ৰিম বানৰ সৃষ্টি হয়। উল্লেখ্য, এই পথ কেইটাৰে পানী ওলাই যোৱাৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত মুলতঃ পথ কেইটাত এজাক বৰষুণ দিলেই পানীৰ সৃষ্টি হয়। নগাঁও চহৰৰ হনুমান মন্দিৰৰ সন্মুখৰ পৰা ধিং গেটৰ উৰণীয়া সেঁতু পৰ্যন্ত এই পথ চোৱাই দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত ইতিপূৰ্বে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে।
উক্ত চাৰ্ভিচ পথ দুটাৰে ধিং গেটত থকা বিভিন্ন প্ৰতিষ্ঠানলৈ যাতায়ত কৰাৰ লগতে গুৰুত্বপূৰ্ণ হয়বৰগাঁও ৰেল ষ্টেশ্যনলৈ যাতায়ত কৰে সৰ্বসাধাৰণ ৰাইজে। এজাক বৰষুণতে যাতায়ত বন্ধ হৈ পথ দুটাৰে ৰে’ল ষ্টেচনলৈ অহা-যোৱা কৰা যাত্ৰী সকলো সমস্যাৰ সন্মুখীন হ’বলগা হয়। কেৱল এই চাৰ্ভিচ পথ দুটাই নহয়, ধিং গেটৰ উৰণীয়া সেঁতুৰ দুয়ো মূৰত এজাক বৰষুণত পুখুৰী সদৃশ পানী জমা হয়।
উল্লেখ্য যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা, ধিং আদি অঞ্চললৈ যাতায়ত কৰা একমাত্ৰ পথচোৱা এজাক বৰষুণ দিলেই যাতায়তৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হয় ৰাইজ। কেৱল এই পথ কেইটাই নহয়, নগাঁও চহৰৰ মোল্লাপট্টি হৈ বৰভেটী চাৰিআলি সংযোগী পথটোৰো অৱস্থা শোচনীয়। নগাঁও-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ অধীনৰ এই পথটোৰ নিৰ্মাণ কাৰ্য কোনো কোনো স্থানত চলি আছে যদিও নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবেই পথটোৰে সম্প্ৰতি যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।পথটোত নতুনকৈ মাটি উঠোৱাত বৰষুণ দিলেই পথটোত একাঠু বোকা হয়।
একেদৰে মৰিগাঁও বাছ আস্থানৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সন্মুখৰে যোৱা পথটোতো এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয়। তাৎপৰ্যপূৰ্ণ যে, নগাঁও পৌৰসভাই নগাঁও চহৰৰ নলা- নৰ্দমাসমূহ সঠিকভাবে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত বহু পথৰে পানী ওলাই যাব নোৱাৰে। যাৰ বাবে বহু কেইটা পথত এজাক বৰষুণতে একাঠু পানীৰ সৃষ্টি হয়।
মন কৰিবলীয়া যে, চহৰখনৰ আমোলাপট্টি বি বৰুৱা পথ, ১ নং উপ পথতো বৰষুণৰ পানী জমা হৈ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। কিছুদিন পুৰ্বে এই পথচোৱা মেৰামতিৰ বাবে স্থানীয় এগৰাকী শিক্ষাবিদে এখন ৰাজহুৱা সভাত অনুৰোধ জনোৱাৰ বাবেই শিক্ষাবিদগৰাকীক ৰে’ল ৰাজ্যমন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইয়ে অপদস্থ কৰিছিল। এই লৈ সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আজিও এই পথচোৱা মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে।
ইপিনে আজি এজাক বৰষুণতে পানীৰ তলত বুৰ যায় চহৰৰ ঢাকাপট্টি, কৃষ্ণাহল চাৰিআলি, হৰিজনপট্টি, তিলক ডেকা পথ, এডিপি ৰোড, মৰিগাঁও বাছ ছেণ্ডিকেটৰ পৰা এডিপি কলেজ পথৰ লগতে চহৰখনৰ বহু অঞ্চল।