ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ মাজতে নথি পৰীক্ষণ প্ৰক্ৰিয়াত কিছু আমোদজনক তথ্য প্ৰকাশ পাবলৈ লৈছে। তেনে এক তথ্য পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ নাওবৈচাৰ এটা এন আৰ চি কেন্দ্ৰত।
জানিব পৰা মতে নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ফুকন দলি গাঁৱৰ হুছেইন আলী নামৰ লোকজনৰ নামত থকা লিগেচী ডাটা ক’ড একেলগে ৯৫০ জন লোকে ব্যৱহাৰ কৰিছে। গাঁৱখনত লোকজনৰ লিগেচী ব্যৱহাৰ কৰা তিনিটাকৈ প্ৰজন্মৰ ভিতৰত বাৰজন পুত্ৰ আৰু দহজনীকৈ কন্যা অন্তৰ্ভুক্ত আছে।
এন আৰ চিৰ নথি পৰীক্ষণৰ সময়ত পৰিয়ালটোৰ ৯৬ লোকৰ নাম তথ্য পৰীক্ষণ তালিকাত অহাৰ পিছত এই ঘটনা পোহৰলৈ আহে। পৰিয়ালটোলৈ অহা মেটিক্স পৃষ্ঠাৰ সংখ্য ৬৮ টা বুলি জানিব পৰা গৈছে।
এতিয়ালৈকে অসমত তিনিটা প্ৰজন্মই একেলগে এটা লিগেচী ব্যৱহাৰ কৰা হুছেইন আলীৰ বংশই আটাইতকৈ ডাঙৰ বংশ হিচাপে পৰিগণিত হৈছে।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ এই প্ৰক্ৰিয়াটোত নিতৌ উদ্ধাৰ হোৱা এনে ধৰণৰ অনেক তথ্যই এই কামত নিয়োজিত কৰ্মচাৰীসকলক বিপাঙত পেলাইছে। আনহাতে ৰাইজে এনে ধৰণৰ ঘটনাত আমোদ পোৱাৰ লগতে আচৰিতো হৈ পৰিছে।