• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিক লৈ ৰাজ্যসভাত অচলাৱস্থাৰ সৃষ্টি তৃণমূল কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 4:24 pm
Parliament house in New Delhi on July 24th 2015. Express photo by Ravi Kanojia.
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৪০ লাখৰো অধিক লোকৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ বিৰোধী তৃণমূল কংগ্ৰেছে আজি ৰাজ্যসভাত অচলাৱস্থাৰ সৃষ্টি কৰে। তৃণমূল কংগ্ৰেছে বিষয়টো লৈ দুপৰীয়ালৈকে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখাৰ বাবে বাধ্য কৰে।

প্ৰচণ্ড গণ্ডগোলৰ মাজতে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়ানাইডুৱে ৰাজ্যসভাৰ সদস্যসকলক কয় যে গৃহমন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ কাম-কাজ সমাপ্ত কৰি আহি এই অতি সংবেদনশীল আৰু গম্ভীৰ বিষয়টোৰ ওপৰত উত্থাপিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব।

তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্ৰীয়েনে নিয়ম-২৬৭ৰ অধীনত (অধ্যক্ষৰ সন্মতিক্ৰমে কোনো সদস্যৰ দ্বাৰা এটা নিয়মৰ প্ৰয়োগ অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ বাবে আৱেদন জনোৱাৰ আহ্বান) তেওঁৰ মনোযোগ আকৰ্ষণ কৰাটো বিচাৰিছিল।

সোমবাৰে সদনৰ কাম-কাজ বাধাগ্ৰস্ত কৰাটো প্ৰত্যক্ষ কৰা প্ৰতিবাদত আগভাগ লোৱা তৃণমূল কংগ্ৰেছৰ সদস্যসকলে দুই আসনৰ মাজৰ কালি ঠাইসমূহলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

যেতিয়াই সকলো সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিচিল তেতিয়াই নাইডুৱে ৰাজ্যসভাৰ কাম-কাজ দুপৰীয়ালৈকে স্থগিত কৰি দিয়ে। ৰাজ্যসভা স্থগিত কৰাৰ পূৰ্বে তেওঁ আঙুলিয়াই দিয়ে যে তেওঁৰ অনুৰোধত গৃহমন্ত্ৰীয়ে ৰাজ্যসভাৰ মজিয়াত উপস্থিত হৈছিল যদিও তেওঁ বক্তব্য ৰাখিব পৰা নাছিল।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণক বিষয়টোৰ ঐতিহাসিক পটভূমি আৰু ই অসম চুক্তিৰ ভিত্তিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ আজি কয় যে গৃহ মন্ত্ৰীক তেওঁ ৰাজ্যসভাত উপস্থিত থকাৰ বাবে অনুৰোধ কৰিছে।

ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে লোকসভাত প্ৰশ্নোত্তৰ দিয়াৰ পাচত গৃহ মন্ত্ৰীগৰাকী ৰাজ্যসভাত উপস্থিত হ’ব।

টাইমছ অব ইণ্ডিয়াৰ প্ৰতিৱেদন অনুসৰি গৃহ মন্ত্ৰীয়ে তেওঁৰ বক্তব্য ৰখাৰ পাছত সদস্যসকলক স্পষ্টিকৰণ বিচৰাৰ সুযোগ দিয়া হ’ব নে নাই বিৰোধী দলৰ নেতা আৰু প্ৰবীণ কংগ্ৰেছ নেতা গুলাম নবী আজাদে প্ৰশ্ন কৰে।

নাইডুৱে কয় যে সেই সুযোগ দিয়া হ’ব। উল্লেখ্য যে কালি গুৱাহাটীত প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পূৰ্ণাংগ খচৰাত আৱোদন জনোৱা ৩.২৯ কোটি লোকৰ মাজৰ পৰা ২.৮৯ লোকৰ নাম সন্নিৱিষ্ট হৈছে। অৰ্থাৎ ৪০.০৭ লোকৰ নাম বাদ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd