• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি আংলঙৰ নৃশংস হত্যাত জড়িত পাঁচজনক গ্ৰেপ্তাৰ; বহুকেইজন মূল অভিযুক্ত এতিয়াও পলাতক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 6:49 pm
youthlnching-
274
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নৃশংস ঘটনাটোত জড়িত পাঁচজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে মূল অভিযুক্ত বহুকেইজন এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। গ্ৰেপ্তাৰ হোৱাকেইজন হ’ল ক্ৰমে অনুজ তিমুং, বাবু ৰংপি, সৰুকণ স্বৰ্গীয়াৰী, দ্বীপজ্যোতি বসুমতাৰী আৰু কংকন বসুমতাৰী।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত গুৱাহাটীৰ পৰা যোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয় ধৰণে হত্যা কৰিছিল। অভিজিৎ নাথ আৰু নীলোৎপল দাস  পেচাত ছাউণ্ড ইঞ্জিনীয়াৰ আছিল আৰু দুয়ো গুৱাহাটীৰ পৰা ডকমকালৈ ফুৰিবলৈ গৈছিল।

আৰক্ষীয়ে আটক কৰা অভিযুক্ত কেইটা। ফটো : য়ু বি।

ঘটনাটোৰ আজি ভাইৰেল হৈ পৰা ভিডিঅ’টোত উন্মত্ত লোকসকলৰ নৃশংসতা দেখি গোটেই ৰাজ্যজুৰি সচেতন লোকৰ অন্তৰাত্মা কঁপি উঠে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও ঘটনাটোত তীব্ৰ ক্ষোভ-উষ্মা প্ৰকাশ কৰাৰ লগতে অন্ধবিশ্বাসক লালন কৰা আৰু অপপ্ৰচাৰ বিয়পোৱা জনাংশৰ প্ৰতিও ক্ষোভ উজাৰিছে।

আনহাতে গুৱাহাটীত আজি উক্ত নিৰ্মম ঘটনাটোক লৈ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়ায়ো সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানজনে ছচিয়েল মিডিয়াত চলি অহা অপপ্ৰচাৰকো দোষাৰোপ কৰে ঘটনাটোৰ বাবে। তেওঁ কয় যে ‘সোপাধৰা’ ওলোৱা বুলি ভুল বাতৰি প্ৰকাশ পাইছিল ছ’চিয়েল মিডিয়াত। তেওঁ ৰাইজক উৰা বাতৰিত ভোল নাযাবলৈও আহ্বান জনাইছে।
আৰক্ষীৰ সূত্ৰই জনোৱামতে, ঘটনাত জড়িত আটাইকেইগৰাকী দোষীক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd