কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নৃশংস ঘটনাটোত জড়িত পাঁচজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে মূল অভিযুক্ত বহুকেইজন এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। গ্ৰেপ্তাৰ হোৱাকেইজন হ’ল ক্ৰমে অনুজ তিমুং, বাবু ৰংপি, সৰুকণ স্বৰ্গীয়াৰী, দ্বীপজ্যোতি বসুমতাৰী আৰু কংকন বসুমতাৰী।
উল্লেখযোগ্য যে শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত গুৱাহাটীৰ পৰা যোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয় ধৰণে হত্যা কৰিছিল। অভিজিৎ নাথ আৰু নীলোৎপল দাস পেচাত ছাউণ্ড ইঞ্জিনীয়াৰ আছিল আৰু দুয়ো গুৱাহাটীৰ পৰা ডকমকালৈ ফুৰিবলৈ গৈছিল।
ঘটনাটোৰ আজি ভাইৰেল হৈ পৰা ভিডিঅ’টোত উন্মত্ত লোকসকলৰ নৃশংসতা দেখি গোটেই ৰাজ্যজুৰি সচেতন লোকৰ অন্তৰাত্মা কঁপি উঠে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও ঘটনাটোত তীব্ৰ ক্ষোভ-উষ্মা প্ৰকাশ কৰাৰ লগতে অন্ধবিশ্বাসক লালন কৰা আৰু অপপ্ৰচাৰ বিয়পোৱা জনাংশৰ প্ৰতিও ক্ষোভ উজাৰিছে।
আনহাতে গুৱাহাটীত আজি উক্ত নিৰ্মম ঘটনাটোক লৈ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়ায়ো সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানজনে ছচিয়েল মিডিয়াত চলি অহা অপপ্ৰচাৰকো দোষাৰোপ কৰে ঘটনাটোৰ বাবে। তেওঁ কয় যে ‘সোপাধৰা’ ওলোৱা বুলি ভুল বাতৰি প্ৰকাশ পাইছিল ছ’চিয়েল মিডিয়াত। তেওঁ ৰাইজক উৰা বাতৰিত ভোল নাযাবলৈও আহ্বান জনাইছে।
আৰক্ষীৰ সূত্ৰই জনোৱামতে, ঘটনাত জড়িত আটাইকেইগৰাকী দোষীক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে।