• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন : উপদেশৰ চলেৰে মোদীৰ প্ৰশস্তিত মুখৰ সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2018 10:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ সময়ত গাইছিল জিলিকাব লুইতৰে পাৰ। এতিয়া আমাৰ দায়িত্ব আছে বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰ জিলিকাই তুলিব লাগিব, সেয়া দায়িত্ব আপোনালোকৰ।’

আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰীসকলক  অভিনন্দন জনোৱাৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বভাবসুলভভাৱে বৰাক-ব্ৰহ্মপুত্ৰ নাম উচ্চাৰণ কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুধাকণ্ঠৰ ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক গীতটিৰ অন্য এটা ৰূপ আবিস্কাৰ কৰে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় ‘বৰাক-ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰ জিলিকোৱাৰ দৰে গুৰু দায়িত্ব দিবৰ বাবে আপোনালোকক এই অভিনন্দন অনুষ্ঠানলৈ মাতি আনিছো।‘

আনহাতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা নকৰাকৈ ক্ষান্ত নাথাকিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

তেওঁ ভাষণ প্ৰসংগত যিবোৰ কথা উল্লেখ কৰিলে সেয়া কোনো ৰাজনৈতিক সভাত নেতাসকলে নিজৰ চৰকাৰৰ গুণ গোৱাৰ দৰে শুনিবলৈ পোৱা গ’ল। কিন্তু দুৰ্ভাগ্যৰ বিষয় সেয়া আছিল কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত কৰা এখন সভা। ক্ষমতাই হয়তো এনেদৰে তেখেতৰ মূৰত ধৰিলে যে তেওঁ পাহৰি পেলালে সেইখন ৰাজনৈতিক সভা আছিল নে সম্বৰ্ধনা অনুষ্ঠান আছিল?

তেওঁৰ ভাষণত অসম চৰকাৰ তথা মোদী চৰকাৰৰ গুণ-গৰিমাৰ কিয়দাংশ তলত আগবঢ়ালো :

‘এইখন চৰকাৰে দুৰ্নীতি মুক্ত অসম, বিদেশীমুক্ত অসম, সন্ত্ৰাসবাদ মুক্ত অসম আৰু প্ৰদূষণমুক্ত অসম গঢ় দিয়াৰ এই চাৰিটা লক্ষ্য স্থিৰ কৰিছিলো।’ এনেদৰে মন্তব্য কৰি  মুখ্য মন্ত্ৰীগৰাকীয়ে কয় ‘এইখন চৰকাৰ সেই স্থানলৈ যাব, য’ত দুৰ্নীতিমুক্ত সমাজ শাসন ব্যৱস্থা থাকিব, য’ত অসমৰ ৬৫ লাখ পৰিয়াল দৃঢ়তাৰে জীয়াই থাকিব, য’ত প্ৰাকৃতিক পৰিবেশ সুন্দৰভাৱে সংৰক্ষণ কৰা হ’ব, য’ত প্ৰদূষণ নাথাকে, য’ত শান্তি-সমন্বয় আৰু ভাতৃত্ববোধ থাকিব, সন্ত্ৰাসৰ স্থান নাথাকিব।’

ইয়াৰোপৰি সত’তে বিদেশীমুক্ত অসমৰ পোষকতা কৰা তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা লোৱা সোণোৱালে কয় যে বিদেশীমুক্ত অসম গঢ় দিয়াৰ বাবেইটো ভাৰত বাংলাদেশ সীমান্ত চীল কৰা হৈছে লগতে তেওঁ কয় যে কোনোৱে নকৰা কাম তেওঁলোকে সম্পূৰ্ণ কৰিব বুলি ভাষণত দাম্ভিকতাৰে উল্লেখ কৰে।

‘এন আৰ চি কাম কোনেও কৰা নাছিল আমি সম্পূৰ্ণ কৰিম। আমি স্বচ্ছতাৰে কামবোৰ কৰিছো, লুকুৱাবলৈ কি আছে, অসমৰ ৰাইজে আমাক এই দায়িত্ব দিছে, যিসকল মন্ত্ৰী-বিধায়ক আছো, সকলোৱে অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহিছো।’ অভিনন্দন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ গুণ বখানি সোণোৱালে কয়।

স্বভাৱসুলভভাৱে ভাষণত স্থান পোৱা চৰকাৰৰ কাম-কাজৰ নমুনাখিনিয়েই  আজিৰ সম্বৰ্ধনা অনুষ্ঠানত স্থান লাভ কৰিলে। ৰাজ্য চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সৰ্বানন্দই কয় ‘এইখন চৰকাৰৰ লক্ষ্যই হৈছে অসমৰ সৰু-বৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামাজিক নিৰাপত্তা প্ৰদান কৰা, মৰ্য্যাদা দিয়া, সন্মান সহকাৰে জীয়াই থকা পৰিবেশ প্ৰদান কৰা আৰু অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে দৃঢ়তাৰে কাম কৰা।’

সবকা সাথ সবকা বিকাশ কেবল ভাষণত ব্যৱহাৰ কৰা কথা নহয়, এই কথা আন্তৰিকতাৰে উপলব্ধি কৰিব লাগিব বুলি সদৰী কৰাৰ লগতে নৰেন্দ্ৰ মোদীয়ে চ্যুকাফাই ত্ৰয়োদশ শতিকাতে কোৱা  ‘সাত ৰাজ মাৰি একৰাজ কৰি বৰ অসম গঢ়াৰ’ ভাবধাৰাৰে উদ্বুদ্ধ হোৱা বুলিও উল্লেখ কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় ‘চ্যুকাফাৰ সেই বাণীৰে উদ্বুদ্ধ হৈ মই ভাবো আমাৰ পৰম আদৰণীয় আদৰ্শবাদী নেতা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে তথা সাতখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো ভাষা-জাতি-জনগোষ্ঠীৰ লোকক লগত লৈ সবকা সাথ সবকা বিকাশ কৰিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ কাকো অকলশৰীয়া কৰা নাযায়।’

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে ২১ কোটি দিনহাজিৰা কৰা মানুহে বেংক একাউণ্ট খুলি তাত সৰ্বমুঠ ৬৮ হাজাৰ কোটি টকা জমা হ’ল বুলি একপ্ৰকাৰে মোদীৰ প্ৰশংসাতে পঞ্চমুখ হৈ পৰিল।

এপাচি শাকত এটা জালুকলেখীয়া তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি উপদেশ তথা আহ্বানো যেন ৰাজনীতিকৰণ হৈ পৰিল। নৰেন্দ্ৰ মোদীৰ নামটো সাঙুৰি তেওঁ কয় ‘অদূৰ ভৱিষ্যতে এই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক লৈ দেখা সপোন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd