• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেলচিয়াম কাৰ্বাইড দি পকোৱা লক্ষাধিক টকাৰ আম ধ্বংস কৰিলে ধুবুৰী জিলা প্ৰশাসনে

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
June 1, 2018 10:20 pm
Mango_carbide
128
VIEWS
Share on FacebookShare on Twitter

চাৰিওফালে ৰাসায়নিক পদাৰ্থ দি কৃত্ৰিমভাৱে পকোৱা ফল-মূলে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে আজি ধুবুৰী জিলা প্ৰশাসনে চহৰখনৰ বিভিন্নটা ফলৰ গুদামত এটা সময়োপযোগী অভিযান চলায়।

আজি এটা গোপন সূত্ৰৰ পম খেদি ধুবুৰী জিলা প্ৰশাসনে এই অভিযানটো চলাইছিল। অভিযানৰ সময়ছোৱাত চহৰখনৰ এন এছ পথত থকা কেইবাটাও গুদামত কাৰ্বাইড দি থোৱা অৱস্থাত কেইবা কুইণ্টল আম জব্দ কৰে। অভিযানকাৰী দলটোৱে পিছত সেইবোৰ নষ্ট কৰি পেলায়।

উল্লেখযোগ্য যে এই অভিযানটো ধুবুৰীৰ কাৰ্য্যবাহী দণ্ডাধীশৰ নেতৃত্বত চলিছিল আৰু ইয়াত সহযোগ কৰিছিল স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা বিষয়া নয়ন কুমাৰ দাস, আৰক্ষী আৰু ধুবুৰী পৌৰসভাৰ বিষয়াসকলে।

জানিব পৰা মতে, এই অভিযানৰ সময়ত আমক বিশেষভাৱে গুৰুত্ব দিয়া হয় যদিও এইদৰে কৃত্ৰিম পদ্ধতিৰে পকোৱা কলৰ বিৰুদ্ধেও অচিৰেই অভিযান চলিব।

আনহাতে খাদ্য সুৰক্ষা বিষয়া নয়ন কুমাৰ দাসে কয় যে কেলচিয়াম কাৰ্বাইড খাদ্য সুৰক্ষা আৰু ষ্টেণ্ডাৰ্ড ৰেগুলেইশ্যনৰ অধীনত নিষিদ্ধ কৰা হৈছে। এইবোৰ স্বাস্থ্যৰ পক্ষে হানিকৰ, কিন্তু ফল ব্যৱসায়ীৰ দ্বাৰা বহুলভাৱে ব্যৱহৃত।

তেওঁ কয় যে বিভাগটোৱে জব্দ কৰাৰ আমবোৰৰ নমুনা সংগ্ৰহ কৰিছে আৰু এইবোৰ গুৱাহাটীস্থিত গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। তাৰ পিছত দোষী ফলৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

আনহাতে আজি জব্দ কৰা আমবোৰ ট্ৰাকত তুলি আৱৰ্জনা পেলোৱা ঠাই মেলা মৈদানলৈ নি পেলাই দিয়া হয়।

উল্লেখযোগ্য যে সমগ্ৰ অসমৰ বিভিন্ন চহৰত এতিয়া বাহিৰৰ পৰা, বিশেষকৈ বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ পৰা অনা আৰু এইদৰে কৃত্ৰিম পদ্ধতিৰে পকোৱা আম সুলভ হৈ উঠিছে, যিবোৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Recent News

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

ক্ষমতাৰ ৰাগীত বলিয়ান দণ্ডাধীশ পৰীস্মিতা দিহিঙীয়াৰ বিৰুদ্ধে চিকিৎসক সুৰজিৎ গিৰিক অপমান কৰাৰ অভিযোগ!

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

২৭ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিব যোগী চৰকাৰে : ৰাজ্যজুৰি এছ এফ আইৰ প্ৰতিবাদ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd