মানৱ সভ্যতাৰ এৰাব নোৱাৰা অংগ হৈ পৰা প্লাষ্টিকৰ অপব্যৱহাৰে শেহতীয়াভাৱে পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ‘ডাউন টু আৰ্থ’ আলোচনীৰ শেহতীয়া এক প্ৰতিবেদন মতে, দেশত প্ৰতি বছৰে দহ শতাংশকৈ প্লাষ্টিকৰ ব্যৱহাৰ বাঢ়ি গৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০১৭ চনৰ ছেপ্টেম্বৰত প্ৰকাশ কৰা তথ্য মতে, দেশৰ ৬০খন গুৰুত্বপূৰ্ণ নগৰ-মহানগৰত দৈনিক ৫০,৫৯২ টন আৱৰ্জনা উৎপন্ন হয়। ইয়াৰে ২৫,৯৪০ টন প্লাষ্টিকৰ আৱৰ্জনা।
তথ্য মতে, দেশত দৈনিক উৎপন্ন হোৱা ২৫,৯৪০ টন প্লাষ্টিক আৱৰ্জনাৰ মাত্ৰ ৪,০৫৯.১৮ টন প্লাষ্টিক আৱৰ্জনাহে দৈনিক সংগ্ৰহ হয়। দেশৰ ভিতৰত সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা চেন্নাইত সংগ্ৰহ হয়। চেন্নাইত দৈনিক ৪২৯.৩৯টন প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীতে দৈনিক সৰ্বাধিক আৱৰ্জনা সৃষ্টি হয়। গুৱাহাটীত দৈনিক ৬০০ টন আৱৰ্জনা উৎপন্ন হয়। এনভাইৰন নামৰ এটা বেচৰকাৰী সংস্থাই চলোৱা সমীক্ষা মতে, গুৱাহাটীৰ পৌৰ নিগম এলেকাত দৈনিক ৩৭০টন প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়। সংস্থাটোৰ সমীক্ষা মতে, ৰাজ্য তথা গুৱাহাটীত যোৱা ১৪ বছৰত প্লাষ্টিকৰ আৱৰ্জনা ভয়াৱহ ৰূপত বাঢ়িছে।
সমীক্ষা মতে, ২০০৪ চনত অসমত দৈনিক ৫০০ টন প্লাষ্টিক আৱৰ্জনা দৈনিক উৎপন্ন হোৱাৰ বিপৰীতে গুৱাহাটীত দৈনিক ৫০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল। এতিয়া এই পৰিমাণ বৃদ্ধি হৈ অসমত দৈনিক ২৯৯০ টন আৱৰ্জনা আৰু গুৱাহাটীত দৈনিক ৩৭০ টন আৱৰ্জনা উৎপন্ন হয়।
গুৱাহাটীত দৈনিক উৎপন্ন হোৱা মুঠ প্লাষ্টিক আৱৰ্জনাৰ ৬০ শতাংশ পৰিশোধনযোগ্য আৰু ৪০ শতাংশ পৰিশোধন কৰিব নোৱাৰা প্লাষ্টিক। এই সন্দৰ্ভত এনভাইৰনৰ সভাপতি ড০ অমৰজ্যোতি কাশ্যপে কয় যে পৰিশোধন কৰিব নোৱৰা বৰ্জিত প্লাষ্টিক পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অতি ভয়াৱহ! তেওঁ কয় যে বৰ্জিত পলিথিনৰ বেগ, পানীৰ বটল পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে অতি হানিকাৰক যদিও তাতকৈ অধিক হানিকাৰক বিস্কুট, চিপছ, তেল, নিমখ, গুটখাৰ পেকেট আদি। এইবোৰ প্লাষ্টিক পৰিশোধন কৰিব নোৱাৰি। তেওঁ কয় যে চৰকাৰে আৰু ৰাইজে এই ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন। বিস্কুট, চকলেট, গুটখা, তেল আৰু নিমখৰ পেকেট প্ৰস্তুত কৰা প্লাষ্টিকবোৰ পৰিশোধন কৰিব পৰাকৈ নিৰ্মাণ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো গুৰুত্ব নাই। অকল টাটা নিমখৰ পেকেটৰ প্লাষ্টিক পৰিশোধনযোগ্য। বাকী সকলো খাদ্য-সামগ্ৰীৰে পেকেজিঙৰ প্লাষ্টিক পৰিশোধন কৰিব নোৱৰা।
ইণ্ডিয়া ফাউণ্ডেইশ্যন নামৰ এটা সৰ্বভাৰতীয় অনুষ্ঠানে শেহতীয়াভাৱে চলোৱা তথ্য মতে, দেশত ব্যৱহাৰ কৰা প্লাষ্টিকৰ ৪৩ শতাংশ প্লাষ্টিক পেকেজিঙৰ কামত ব্যৱহাৰ কৰা হয়। লগতে এবাৰ মাত্ৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ আৱৰ্জনাই সাম্প্ৰতিক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বুলি ক’লে, পানীৰ বটল, কাপ, শীতল পানীয় খোৱা পাইপ (ষ্ট্ৰ), বেগ আদিক বুজায়। এইধৰণৰ প্লাষ্টিকে বৰ্তমান সময়ত পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কাৰণ জাবৰ সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰা লোকে এই ধৰণৰ বৰ্জিত প্লাষ্টিকৰ বজাৰ মূল্য কম হোৱাৰ বাবে সংগ্ৰহ নকৰে।
আকৌ এইবোৰ পৰিশোধন কৰাৰ পিছত বিশেষ লাভ নহয় বাবে বৰ্জিত প্লাষ্টিক পৰিশোধন কৰা কোম্পানীবোৰে এইবোৰ প্লাষ্টিক সংগ্ৰহ কৰাৰ পৰা বিৰত থাকে। তথ্য মতে, দেশত বৰ্তমান ৭,৫০০টা বৰ্জিত প্লাষ্টিক পৰিশোধন কৰা কোম্পানী আছে। ইয়াৰে অধিকাংশ কোম্পানীয়ে অসংগঠিত।
স্বচ্ছ ভাৰত অভিযান আৰু আৱৰ্জনা নিষ্কাশন
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত গঢ়ি তোলাৰ বাবে ২০১৪ চনতে স্বচ্ছ ভাৰত অভিযান শীৰ্ষক এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিৰ ভিত্তিত জাবৰ ভাগ ভাগ কৰি সংগ্ৰহ কৰা বিষয়ক এখন আইন, ২০১৬ চনত গ্ৰহণ কৰিছিল। অৰ্থাৎ মূল উৎসৰ পৰা সংগ্ৰহ কৰা আৱৰ্জনাবোৰ আৰ্দ্ৰ আৰু শুকান দুটা ভাগত সংগ্ৰহ কৰিব লাগে। আৰ্দ্ৰ জাবৰ পৰিশোধন কৰি সাৰ উৎপাদন কৰাৰ লগতে শুকান জাবৰবোৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰিব লাগে। এই প্লাষ্টিকৰ আৱৰ্জনা পৰিশোধনৰ ব্যৱস্থা কৰিব লাগে।
কিন্তু শেহতীয়া চৰকাৰী সমীক্ষা মতে, দেশৰ ৫০খন চহৰৰ ৯০ শতাংশ চহৰতে আৱৰ্জনা ভাগ ভাগ কৰি সংগ্ৰহ কৰা ব্যৱস্থা গঢ়ি উঠা নাই। লগতে জাবৰ পেলোৱা স্থানডোখৰ বিজ্ঞানসন্মত নহয়। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীও আছে। গুৱাহাটীত এতিয়াও জাবৰ সংগ্ৰহ কৰা আৰু পৰিশোধন কৰা ব্যৱস্থাটো শৃংখলিত হোৱা নাই। গুৱাহাটী পৌৰ নিগমে ব্যক্তিগত সংস্থাৰ জৰিয়তে মানুহৰ ঘৰে ঘৰে আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাবৰবোৰ ভাগ ভাগ কৰি সংগ্ৰহ কৰা নহয়। ফলত গুৱাহাটীত জাবৰ নিষ্কাশনৰ ব্যৱস্থাটো শৃংখলিত আৰু বিজ্ঞানসন্মত হৈ উঠা নাই।
পৌৰ নিগমে গুৱাহাটীৰ বৰাগাঁৱৰ জাবৰ পেলোৱা স্থানত দৈনিক মাত্ৰ ৫০ টন জাবৰৰ পৰা সাৰ উৎপাদন কৰি আছে। য’ত গুৱাহাটীত দৈনিক ৬০০টন জাবৰ উৎপন্ন হয়। প্লাষ্টিকৰ বৰ্জিত আৱৰ্জনা পৰিশোধন কৰাৰ ব্যৱস্থা আজিও গুৱাহাটীত গঢ়ি উঠা নাই। চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্জিত প্লাষ্টিকে গুৱাহাটীত পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অদূৰ ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব।