নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কৰৈগুৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ হাত-ভৰি বন্ধা অৱস্থাত উলংগ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত তথ্য মতে ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰি আৰক্ষী চকীৰ অন্তৰ্গত কৰৈগুৰি অঞ্চলৰ পথাৰৰ সমীপৰ এটা পথত আজি পুৱা স্থানীয় লোকে উলংগ অৱস্থাত হাত-ভৰি বন্ধা এগৰাকী মহিলাৰ মৃতদেহ প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
আনহাতে দুই-তিনিদিনৰ পূৰ্বেই প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীক হত্যা কৰি যোৱা নিশা উক্ত স্থানত পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰাৰ লগতে স্থানীয় একাংশ লোকে উক্ত মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইফালে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উক্ত মহিলা গৰাকীৰ মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।