ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি ৰঙিয়াৰ এপ’ল মিলৰ কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মিলটোৰ প্ৰায় চাৰি শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে এতিয়া দৰিদ্ৰতাৰ সৈতে যুঁজি হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে।
জানিব পৰা মতে যোৱা ২০ জুনত ৰঙিয়াৰ বিছেন্নলা গাঁৱৰ দেবেন কলিতা নামৰ এজন অনিয়োজিত কৰ্মচাৰীয়ে ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি অকাল মৃত্যুক সাৱটি লোৱাৰ পিছত বুধবাৰে পুনৰ এজন কৰ্মচাৰী জিএমচিএইচত মৃত্যুমুখত পৰে।
বুধবাৰে জিএমচিএইচত মৃত্যুবৰণ কৰা অঞ্জন বৰঠাকুৰ নামৰ লোকজনৰ ঘৰ গুৱাহাটীৰ জটিয়াত। বৰঠাকুৰ এপ’লৰ গুৱাহাটীত অৱস্থিত কাৰ্যালয়ৰ গাণনিক শাখাত কাম কৰিছিল।
ধনৰ অভাৱত এইদৰে উন্নত চিকিৎসাৰ অভাৱত এজনৰ পিছত আন এজন কৰ্মচাৰীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মিলটোৰ অনিয়োজিত শ্ৰমিক-কৰ্মচাৰীসকল ক্ষুব্ধ হৈ পৰিছে।
উল্লেখযোগ্য যে এই পৰ্যন্ত মিলটোৰ প্ৰভাত ৰাজবংশী, নৰেশ্বৰ কলিতা, প্ৰসন্ন কলিতা(নলবাৰী), হৰমোহন তালুকদাৰ, প্ৰিয়ংকু ডেকা, প্ৰভাত দত্ত, প্ৰসন্ন কলিতা(মাহতলি), বীৰেন বৰুৱাকে ধৰি প্ৰায় ১৪ জনকৈ অনিয়োজিত শ্ৰমিক-কৰ্মচাৰীয়ে চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লৈছে।
২০০৬ চনত মিলটো পুনৰুজ্জীৱিত কৰাৰ সময়ত উইভিং আৰু ডায়িং শাখা দুটা ধনৰ অভাৱত মুকলি কৰা হোৱা নাছিল। ইয়াৰ ফলত এই দুটা শাখা কৰ্মৰত প্ৰায় চাৰি শতাধিক শ্ৰমিক-কৰ্মচাৰীয়ে মিলটোত পুনৰ নিযুক্তি নাপালে। তেতিয়াৰে পৰাই এইসকল শ্ৰমিক-কৰ্মচাৰীয়ে জীয়াতু ভূগি আহিছে।
উক্ত শ্ৰমিক-কৰ্মচাৰীসকলে স্বেচ্ছামূলক অৱসৰ বিচাৰি আহিছে যদিও বিষয়টোত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।