• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনস্বাস্থ্য কাৰিকৰী, সমবায় বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 21, 2018 7:29 pm
607
VIEWS
Share on FacebookShare on Twitter
বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত দুখন সুকীয়া সুকীয়া বৈঠকত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিভাগ দুটাৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগ দুটাৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

এই বৈঠকত স্বচ্ছ ভাৰত অভিযান, অনাময় কাৰ্যসূচী, ৰাজহুৱা পানীযোগান ব্যৱস্থাৰ স্থিতি আদি বিভিন্ন বিষয় সম্পৰ্কে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে মন্ত্ৰীগৰাকীক অৱগত কৰে। লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনত সংশ্লিষ্ট আঁচনিসমূহৰ ৰূপায়ণত দেখা দিয়া অসুবিধাসমূহৰো বুজ লয় আৰু সেইবোৰ সোনকালে সমাধান কৰাৰ আশ্বাস দিয়ে।

মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা পানীযোগান আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ নিৰ্দেশ দিয়াৰ লগতে বৰ্তমানে বন্ধ হৈ থকা আঁচনিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবেও প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হ’ব বুলি কয়। তাৰোপৰি চলিত বৰ্ষৰ ২ অক্টোবৰৰ ভিতৰত বৰ্তমানে নিৰ্মাণ কৰিবলৈ বাকী ৰোৱা ঘৰুৱা শৌচাগাৰসমূহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

সমবায় বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ সমবায় সমিতিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খাব পৰাকৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ উপৰি অন্যান্য ব্যৱসায়িক দিশতো মনোনিবেশ কৰিবলৈ মন্ত্ৰী দৈমাৰীয়ে সমবায় সমিতিসমূহক পৰামৰ্শ দিয়ে।

আজিৰ বৈঠক দুখনত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰ পি শৰ্মা, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ লগতে সংশ্লিষ্ট বিভাগ দুটাৰ জিলাৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।

আনহাতে উপায়ুক্তৰ সভাকক্ষতে  অনুষ্ঠিত আন এখন বিশেষ সভাত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদানৰ বাবে জিলাখনৰ ৭ টা উন্নয়ন খণ্ডৰ ৫০০০ ৰো অধিক মহিলা আত্মসহায়ক গোটৰ নাম নীতিগতভাৱে অনুমোদন কৰা হয়। অহা ২৭ জুনত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া এক মহিলা সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গোটসমূহক আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য বিতৰণ কৰিব।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd