• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত শিশু শ্ৰমৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে চাইকেল শোভাযাত্ৰা

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 12, 2018 5:51 pm
children right to edn

শিশু শ্রমবিৰোধী চাইকেল শোভাযাত্ৰাত অংশগহণ কৰা ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰী

150
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় চহৰত এটা চাইকেল শোভাযাত্ৰা উলিওৱা হয়। চৌকিদিঙি খেলপথাৰত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়েও এই শোভাযাত্ৰাটোৰ শুভ আৰম্ভণি কৰে। শিশু শ্ৰমৰ কুপ্ৰভাৱ সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ বাবে এই চাইকেল শোভাযাত্ৰাটোৰ আয়োজন কৰে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণে। সহযোগিতা আগবঢ়াইছে ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা আৰু ডিব্ৰুগড় চাইক্লিং ক্লাবে।

অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত উপায়ুক্ত মাদ্দুৰীয়ে কয়, ”ডিব্ৰুগড়ক শিশু শ্ৰমিক মুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ হ’লে শিশু শ্ৰম বিৰোধী বাৰ্তা জনসাধাৰণৰ মাজলৈ বহন কৰি লৈ যাব লাগিব। শিশু শ্ৰমৰ অন্ত কৰিবলৈ হ’লে নাগৰিকসকল এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব।” তেওঁ আৰু কয় যে জনসাধাৰণৰ মাজত সচেতনতা বিয়পাই দিবলৈ আৰু অধিক কাম কৰিব লাগিব।

উপায়ুক্ত লয়া মাদুৰীসহ শোভাযাত্ৰাকাৰীৰ দলটোৱে চৌকিদিঙি খেলপথাৰৰ পৰা ফুলবাগান হৈ আমোলাপট্টিলৈকে গৈ পুনৰ আৰম্ভণি স্থানলৈকে উভতি আহে। এই শোভাযাত্ৰাটোত অংশগ্ৰহণকাৰীসকলে প্ৰায় ৫ কি: মি: দূৰত্ব সামৰি লয়।

ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক ইমদাদ আহমেদ, শিশু কল্যাণ কমিটীৰ সদস্য কিৰণ বৰা, অতিৰিক্ত জিলা উপায়ুক্ত সুভম গোৱালা, সহকাৰী আয়ুক্ত দিবাকৰ নাথ, ৰুণভ ৰামচিয়াৰী, উদয়শংকৰ দত্ত আৰু ৰশ্মিপ্ৰতাপেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।

আনহাতে, বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি চহৰখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও এটা শোভাযাত্ৰা উলিয়ায়।

Recent News

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

আপুনিও কফি সেৱন কৰে নেকি? যদি কৰে তেন্তে পঢ়ক এইটো লেখা

আপুনিও কফি সেৱন কৰে নেকি? যদি কৰে তেন্তে পঢ়ক এইটো লেখা

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd