অৱশেষত আশা কৰা মতেই মেঘালয়ৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী আৰু শাসনাধিষ্ঠ নেশ্যনেল পীপলছ পাৰ্টিৰ টিকটত ৰেছুবেলপেৰা বিধানসভা সমষ্টিৰ পৰা তিনি বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা তিমোথি ডি. শ্বিৰা বুধবাৰে দশম মেঘালয় বিধানসভাৰ উপাধ্যাক্ষ হিচাপে নিৰ্বাচিত হৈছে।
গোপন বেলটৰ জৰিয়তে সম্পন্ন কৰা নিৰ্বাচনত শাসনাধিষ্ঠ মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ মনোনীত প্ৰাৰ্থী ৬৪ বছৰীয়া শ্বিৰাই তেওঁৰ প্ৰতিদ্বন্দ্বী মাওৰিংনেং বিধানসভা সমষ্টিৰ পৰা দুবাৰ বিজয়ী হৈ অহা প্ৰাৰ্থী ডেভিড এ নংৰুমক পৰাস্ত কৰে।
বিধানসভাত বয়সৰ দিশৰ পৰা আটাইতকৈ জ্যেষ্ঠ সদস্য শ্বিৰাই ৩৬টা ভোট লাভ কৰাৰ বিপৰীতে নংৰুমে লাভ কৰিছিল ২০টা ভোট। এটা ভোট নাকচ হৈছিল।
বিধানসভাত অধ্যক্ষ ডংকুপাৰ ৰয়সহ ৫৮ গৰাকী সদস্য আছিল আৰু অধ্যক্ষ ৰয়ে ভোট দিয়াৰ পৰা বিৰত আছিল।
উল্লেখযোগ্য যে বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষগৰাকীক মুখ্য মন্ত্ৰী হিচাপে লৈ গঠিত হোৱা মেঘালয় প্ৰগ্ৰেছিভ এলায়েন্সৰ চৰকাৰখনৰ উপ মুখ্য মন্ত্ৰী আছিল শ্বিৰা। কিন্তু এই চৰকাৰখন মাত্ৰ এবছৰ টিকিছিল।
শ্বিৰা গাৰো পাহাৰ স্বয়ত্বশাসিত জিলা পৰিষদৰ সদস্যও আছিল।
নিজকে কৃষিকৰ্মত নিয়োজিত কৰি ৰখা শ্বিৰাই বিধানসভাৰ সদস্যসকলক কৃষিকৰ্মত নিয়োজিত কৰি ৰখা আৰু জনসাধৰণৰ বাবে নিয়োগ সৃষ্টি কৰাৰ বাবে আহ্বান জনায়।
বিধানসভাৰ যুব সদস্যসকলক উদ্দেশ্যি তেওঁ কয়, ‘ৰাইজে আমাক এটা উদ্দেশ্য আগত ৰাখি নিৰ্বাচিত কৰিছে। আমি তেওংলোকৰ প্ৰতি বিশ্বাসী হৈ থাকিব লাগিব।‘