• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই

মিন্টু দাস by মিন্টু দাস
June 24, 2018 7:26 am
prafulla-kumar

প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

148
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহখুলিত নিৰ্মাণ কাৰ্য চলি থকা নগাঁও মেডিকেল কলেজৰ কাম কাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ শনিবাৰে ম’হখুলিত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত।

নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে অহা দুবছৰৰ ভিতৰত মেডিকেল কলেজখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। তেওঁ এই সন্দৰ্ভত স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰাৰ কথা উল্লেখ কৰি কয় যে এই চিকিৎসা মহাবিদ্যালয়খনে নগাঁও জিলাকে ধৰি মধ্য অসমৰ জিলা কেইখনৰ লগতে পাহাৰীয়া জিলাখনৰ ৰাইজক উপকৃত কৰিব।

নিৰ্মাণ কাৰ্যৰ লগত জড়িত ঠিকাদাৰ আদিয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে ১১২ বিঘা মাটিত নিৰ্মাণ কাৰ্য চলি থকা মেডিকেল কলেজখনৰ ২৫ শতাংশ কাম সম্পূৰ্ণ হৈছে।

আনহাতে, সংবাদ মাধ্যমৰ আগত মহন্তই জানিবলৈ দিয়ে যে, তেওঁৰ সমষ্টিৰ এটা পথৰ বাবে আবন্টিত ধন কৰ্তন কৰি বিশ্বনাথ চাৰিআলিলৈ লৈ যায়। এই কাৰ্যৰ অন্তৰালত এজন সাংসদ জড়িত আছে বুলি উল্লেখ কৰে যদিও সাংসদগৰাকীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে। এই সম্পৰ্কত মহন্তই  সমষ্টিৰ বিভিন্ন বাট-পথৰ উন্নয়ন বিছাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে।

অৱশ্যে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰ সমষ্টিৰ জহিখহি যোৱা পথসমূহ নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিকলৈ আশাবাদী প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত ৷

উল্লেখ্য যে, নিৰ্মাণ কাৰ্য বুজ ল’বলৈ গৈ মহন্তই দায়িত্বত থকা বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ আদিৰ লগত আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত বিষয়া কৰ্মচাৰী সকলে মহন্তক মেডিকেল কলেজখনৰ কাম কাজৰ সম্পূৰ্ণ খতিয়ান দাঙি ধৰাৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বহলাই কয়।

এই কাৰ্যসূচীত অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি অতুল মেধি, সম্পাদক নিৰঞ্জন বৰা আদি উপস্থিত থাকে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd