নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অহা ২৬ মে’ত অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিয়ে যোৰহাট ষ্টেডিয়ামত এক বিশাল গণ সমাৱেশ আয়োজন কৰিব। কালি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে সমিতিয়ে এই কথা জানিবলৈ দিয়ে।
ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ যৌথ মঞ্চ ‘ অসম অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ যোৰহাট জিলাই কেন্দ্ৰীয় চৰকাৰে উক্ত বিধেয়কখন আনিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি কয় যে সংবিধানৰ মূল আত্মাটোকে ধ্বংস কৰিব পৰা এই বিধেয়কখমে অসমৰ সমাজ জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব। মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কখনক অসমলৈ বাংলাদেশী মতাৰ বিজেপি চৰকাৰৰ নিমন্ত্ৰণী পত্ৰ বুলি অভিহিত কৰে।
সংবাদমেলখনত বিষয়ববীয়াসকলে কয় যে জাতি-মাটি-ভেটিৰ নামত ক্ষমতাত অহা বিজেপি চৰকাৰৰে বিধেয়কখনৰ জৰিয়তে অসমৰ ৰাইজক চৰম প্ৰতাৰণা কৰিছে। সেয়ে ২৫ টাৰো অধিক সংগঠন আৰু নাগৰিকসকল ঐক্যবদ্ধ হৈ গঠন হোৱা অস্তিত্ব ৰক্ষা সমন্বয় সমিতিৰ যোৰহাট জিলাই ২৬ মে’ত দিনৰ ১১ বজাত যোৰহাট ষ্টেডিয়ামত গণ সমাৱেশৰ আয়োজন কৰিছে।
এই সমাৱেশখত কৃষক নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, টাই আহোম ছাত্ৰ সন্থাৰ অশ্বিনী চেতিয়া, আটছাৰ ধীৰাজ গোৱালা, আছাৰ প্ৰদীপ নাগ, আমছুৰ আজিজুৰ ৰহমান আদি উপস্থিত থাকিব কালিৰ সেবাদমেলত উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।
সংবাদমেলত উদ্যোক্তা সমিতিৰ হৈ দিব্যজ্যোতি শৰ্মা, ৰাজীৱ গগৈ, ৰিতুল পাঠক, অশোক বৰুৱা, বাবু দত্তই সমাৱেশত সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।