চীনত অনুষ্ঠিত হ’বলগীয়া চিল্ক ৰ’ড আন্তঃৰাষ্ট্ৰীয় মেলা (Silk Road International Exposition) ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসম কন্যা অনুৰাধা কুলীয়ে। মেলাখনত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণৰ সুবিধা পাইছে বিখ্যাত সাজ-পোচাক ডিজাইনাৰ অনুৰাধা কুলীয়ে।
চীনৰ জিয়াংৰ চাংচিত অহা ১১ মে’ৰ পৰা ১৫ মে’লৈ এই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মেলাখন অনুষ্ঠিত হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুৰাধা কুলীয়ে এক সংবাদযোগে এই কথা জানিবলৈ দিছে।
উল্লেখযোগ্য যে মেলাখনতত অনুৰাধা কুলীয়ে তেওঁৰ ডিজাইনসমূহ আৰু মেখেলা-চাদৰ, শাড়ীৰ ডিজাইনসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ পাব।
আজিৰ সংবাদমেলত অনুৰাধা কুলীয়ে জনোৱা অনুসৰি এই মেলাখন সদৌ চীন মহিলা ফেডাৰেইশ্যন আৰু চাংচি প্ৰভিন্সিয়েল পীপলছ গভৰ্নমেণ্টৰ উদ্যোগত আয়োজন কৰা হৈছে। চীনা জাতীয় উন্নয়ন আৰু সংস্কাৰ আয়োগ (নেশ্যনেল ডেভেলপমেণ্ট এণ্ড ৰিফৰ্ম কমিশ্যন), চীনা চৰকাৰৰ বাণিজ্য বিভাগ, চীনা বৈদেশিক মন্ত্ৰ্যালয়, All China Fedaration Of Returned Overseas Chinese, The China Council For The Promotion of International Trade -এ আঁত ধৰিব বুলি আজিৰ সংবাদ মেলত অনুৰাধা কুলীয়ে জানিবলৈ দিয়ে।
তাৎপৰ্য্যপূৰ্ণ কথা যে চীনৰ চানজি মহিলা ফেডাৰেইশ্যনে ভাৰতৰ পৰা কেৱল অনুৰাধা কুলীক একমাত্ৰ মহিলা ডিজাইনাৰ হিচাপে নিজৰ কলা-কৌশল প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছে। অনুৰাধা কুলীয়ে জনায় যে অন্য ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিসকল তথা অংশগ্ৰহণকাৰীসকলৰ সৈতে তেওঁ এক আলোচনাত মিলিত হ’ব।
তেওঁৰ হাতৰ যাদুত গঢ় লৈ উঠা সুন্দৰ নিদৰ্শনসমূহ প্ৰদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুতো সংগঠনৰ পৰা পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল বুলি অনুৰাধা কুলীয়ে জানিবলৈ দিছে।
কিন্তু চৰকাৰৰ ফালৰ পৰা অনুমতি লাভ নকৰাৰ বাবে যোৱাৰ সুযোগ লাভ নকৰিলে। কিন্তু এইবাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা চীনলৈ যোৱাৰ অনুমতি দিয়া বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা জনায়।
আনহাতে নৰ্থ-ইষ্ট ইণ্ডিয়া ফেশ্বন এণ্ড ডিজাইন কাউন্সিলৰ প্ৰতিষ্ঠাপক সভাপতি মেধা শইকীয়াই অনুৰাধাৰ নিদৰ্শনসমূহৰ শলাগ লোৱাৰ লগতে চীনত অসমীয়া বয়নশিল্পৰ নিদৰ্শন অতি সুন্দৰভাৱে দাঙি ধৰিব পাৰে তাৰ বাবে শুভকামনা জ্ঞাপন কৰে।
অনুৰাধাৰ নিজৰ ব্ৰেণ্ড নেচাৰেলি অনুৰাধাই বিশেষকৈ জনগোষ্ঠীয় সাজপাৰৰ ডিজাইনৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁৰ ডিজাইনসমূহ ইংলেণ্ড, চান ফ্ৰেন্সিচক’ আৰু মেক্সিকোৰ চাণ্টা ফেতো প্ৰদৰ্শিত হৈছে।
উল্লেখযোগ্য যে কংগ্ৰেছী নেত্ৰী ছোনিয়া গন্ধী, জয়া বচ্চন, বিদ্যা বালন আৰু কিৰণ খেৰেও তেওঁৰ দ্বাৰা ডিজাইন কৰা কাপোৰ পৰিধান কৰিছিল বুলি জানিবলৈ দিছে।