নৰ্থ-ইষ্ট নাওৰ এক্লুছিভ বাতৰিয়ে দাবী কৰা কথাৰ সত্যতা প্ৰতিপন্ন কৰি বিধানসভাৰ উপাধ্যক্ষ পদৰ পৰা পদত্যাগৰ কাৰণ হিচাপে হিন্দু বাংলাদেশীৰ স্বাৰ্থ ৰক্ষাত ব্যৰ্থতা বুলি আজি স্বীকাৰ কৰিলে শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ পালে।
আজি গুৱাহাটীৰ পৰা ৰে’লেৰে গৈ নিজৰ সমষ্টিত উপস্থিত হোৱা বিধায়কজনে দলৰ কৰ্মীৰ আগত দিয়া ভাষণত এই কথাটো অকপটে স্বীকাৰ কৰে।
“মানুহৰ বাবে, দেশৰ বাবে ৰাজনীতি কৰিছো যদিও স্বজাতিৰ অধিকাৰ আৰু সন্মান ৰক্ষা কৰিব নোৱাৰিলে ৰাজনীতি আৰু ক্ষমতাৰ পদত থকাৰো কোনো অধিকাৰ নাই।” দলীয় কৰ্মীৰ আগত এইদৰে কয় বিধায়কজনে।
উল্লেখযোগ্য যে যোৱা ৮ মে’ত অসম বিধানসভাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ পালে।
নৰ্থ-ইষ্ট নাওৰ উক্ত অনুসন্ধানমূলক বাতিৰটোত
প্ৰাক্তন উপাধ্যক্ষজনে পদত্যাগ কৰাৰ অন্তৰালৰ কাৰণ শিলচৰ সমষ্টিবাসীক বিগত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ হকে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতা বুলি কোৱা হৈছিল। আন এটা মন কৰিব লগীয়া কথা আছিল যে হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কত যুটীয়া সংসদীয় কমিটিৰ গুৱাহাটীত হোৱা শুনানিত বিধেয়কখনৰ বিৰুদ্ধে ব্যাপক গণবিৰোধ হোৱাৰ পিছদিনাই, অৰ্থাৎ শিলচৰত বিধেয়কখনৰ শুনানিৰ দিনাই বিধায়কজনে পদত্যাগ কৰিছিল।
আনহাতে বিধায়কজনে আজি দলীয় কৰ্মী-সমৰ্থকৰ আগত কয় যে তেওঁ যিমানেই বাধাৰ সন্মুখীন হ’ব সিমানেই স্বজাতিৰ হৈ যিকোনো সিদ্ধান্ত ল’বলৈ কুণ্ঠাবোধ নকৰে। সম্প্ৰতি ৰাজ্যখনত চলি থকা হিন্দু বাংলাদেশী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি আন্দোলন-প্ৰতিবাদ চলিছে তাৰ আঁৰত সন্মিলিত অপশক্তিৰ হাত আছে বুলি কয়। তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ কংগ্ৰেছ দলটো এই অপশক্তিৰ লগত আছে বুলিও মুকলি অভিযোগ কৰে। লগতে বিধেয়কখনৰ প্ৰসংগত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ কংগ্ৰেছীসকলে দ্বিচাৰিতা প্ৰদৰ্শন কৰিছে বুলি কয়।
ভাষণত তেওঁ দলীয় কৰ্মী-সমৰ্থকক তেওঁ অহা পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনত মাৰবান্ধি কামত লাগিবলৈ আহ্বান জনায়।
ইফালে অলপতে বিজেপিৰ জিলা সভাপতি পদৰ পৰা উদয়শংকৰ গোস্বামীক অপসাৰণ কৰাতো তেওঁ আশ্চৰ্য্য প্ৰকাশ কৰে। তেওঁ উদয়শংকৰ গোস্বামীয়ে দলক দুৰ্দিনত নিজৰ নিস্বাৰ্থ সেৱাৰ দ্বাৰা আগুৱাই নিছিল বুলি কয়।
উল্লেখযোগ্য যে দিলীপ পাল বিগত বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ ভিটিকা দেবক পৰাজিত কৰি।