গামোচা অসমৰ জাতীয় পৰিচয়ৰ এক এৰাব নোৱৰা অংগ। অসমীয়া মানুহৰ চেতনাত ইয়াৰ প্ৰতীকী গুৰুত্ব অপৰিসীম। কোনোবাই ক’ৰবাত গামোচা এখন লোৱা দেখিলেই আমাৰ গা সাতখন আঠখন লাগে। বছৰৰ পাছত বছৰ আমাক বঞ্চনাৰ চিকাৰ কৰি অহা কেন্দ্ৰীয় নেতৃত্বৰ ডিঙিত গামোচা দেখিলেই অসমীয়াৰ তৰাং আৱেগ উঠলি উঠে।
অসমীয়াৰ গামোচাকেন্দ্ৰিক আৱেগ দেখিলে বহুদিন আগতে চোৱা এখন চিনেমালৈ মনত পৰে। চিনেমাখন ‘The Englishman who Went up a Hill but Came down a Mountain’। ৱে’লছৰ এখন গাঁৱৰ এটা ‘পৰ্বত’ক দুজন ইংৰাজ মানচিত্ৰ প্ৰস্তুতকাৰীয়ে (cartographer) জুখি-মাপি ‘পাহাৰ’ বুলি ঘোষণা কৰাৰ লগে লগে গাঁওখনৰ মানুহৰ মাজত হোৱা প্ৰতিক্ৰিয়াক লৈ বোলছবিৰ কাহিনী। সকলোৱে যাক ‘পৰ্বত’ বুলি বিশ্বাস কৰি আহিছে তাক দুজন ইংৰাজে ‘পাহাৰ’ বোলাটোক গাঁওখনৰ মানুহে তেওঁলোকৰ সামূহিক অস্তিত্বৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰিলে। সেই মুহূৰ্তত পৰ্বতটোৱে হৈ পৰিলে তেওঁলোকৰ সামূহিক অৱস্থিতিৰ প্ৰতীক। গামোচাও অসমীয়া মানুহৰ বাবে এনে এক প্ৰতীক। গামোচাৰ প্ৰতি অপমান যেন আমাৰ সামূহিক অস্তিত্বৰ ওপৰত আক্ৰমণ।
গামোচাৰ ওপৰত ৰচনা লিখাটো মোৰ উদ্দেশ্য নহয়। মই ক’ব খুজিছো আন এটা কথা।
আজি দুদিনমান ধৰি সংবাদ মাধ্যমত অসমলৈ বাহিৰৰ পৰা অহা গামোচা সম্পৰ্কে বাতৰি পৰিৱেশন হৈ আহিছে। বাতৰি ওলাইছে কি দৰে বাহিৰৰ পৰা অহা গামোচাই বজাৰ চানি ধৰি আমাৰ থলুৱা শিপিনীৰ ব্যৱসায়ক মাধমাৰ সোধাইছে। মাজে-সময়ে জিলা প্ৰশাসনেও ব্যৱসায়ীসকলক বাহিৰৰ গামোচা নানিবলৈ দাবী ধমকি দিয়া হৈছে।
তথাপিও কিন্তু বাহিৰৰ পৰা গামোচা আহে। আমি গামোচাৰ কদৰ কৰাসকলে কথাটোত দুখ পাওঁ। বাহিৰৰ পৰা গামোচা অহাটো নিষিদ্ধ কৰাটো সম্ভৱনে? যদি নহয় কিয়? আৰু আমাৰ মৰমৰ গামোচাৰ ভৱিষ্যৎ কি?
পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি চৰকাৰ দুখনে দেশখনক এখন বিশাল বজাৰলৈ পৰিৱৰ্তন কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। সেই লক্ষ্যত উপনীত হোৱাৰ বাবেই প্ৰৱৰ্তন কৰিছে জি এচ টি (Good and Services Tax) আইন।
ৰাজ্যসমূহত আগতে থকা ভিন ভিন কৰ ব্যৱস্থাৰ সুকীয়া সুকীয়া বজাৰৰ পৰিৱৰ্তে এক কৰ গাঁথনিৰদ্বাৰা এক ৰাষ্ট্ৰীয় বজাৰ তৈয়াৰ কৰাই হ’ল জি এছ টিৰ উদ্দেশ্য। জি এছ টি অহাৰ লগে লগে ৰাজ্যসমূহৰ নিজা কৰ আৰোপ আৰু সংগ্ৰহৰ ৰাস্তা প্ৰায় বন্ধ হ’ল।
‘এখন দেশ এখন বজাৰ’ এয়া জি এছ টিৰ লক্ষ্য। ‘এখন বজাৰ’ মানে বজাৰলৈ কোনো সামগ্ৰী অহাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। ৰাজ্য চৰকাৰ এখনে ৰাজ্যত উৎপাদিত সামগ্ৰীক সুৰক্ষা দিয়াৰ বাবে অন্য ৰাজ্যত উৎপাদিত সামগ্ৰীক বজাৰলৈ অহাত অধিক কৰ আৰোপৰ মাধ্যমেৰে বাধা দিব নোৱাৰিব। অৰ্থাৎ বাহিৰৰ গামোচা অসমৰ বজাৰলৈ অহাত বাধা দিয়া অথবা বজাৰত বিক্ৰী কৰাত বাধা দিয়াৰ কোনো আইনগত কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নাই।
ব্যৱসায় চলে লাভ-লোকচানৰ অংকৰে। বাহিৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত বিশাল হাৰত উৎপাদিত গামোচাৰ উৎপাদনী ব্যয় কম। সেয়েহে তুলনামূলকভাৱে কম দামত পোৱা গামোচাই ব্যৱসায়ীয়ে আনি বজাৰত বিক্ৰী কৰিব। একে কথাই অন্য সামগ্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য। এয়াই ব্যৱসায়ৰ নিয়ম।
এই পৰিস্থিতিটোক সলনি কৰিব পৰাৰ ক্ষমতা পূৰ্বে ৰাজ্য চৰকাৰৰ আছিল। অৰ্থনীতিত চৰকাৰৰ থলুৱা উদ্যোগীৰ বাবে বজাৰ পোৱাটো সুলভ কৰাৰ বাবে লোৱা পদক্ষেপক কোৱা হয় ‘protectionism’ বা সংৰক্ষণবাদ। আমাৰ দেশতো ৰাজ্যসমূহে নিজাববীয়াকৈ কৰ আৰোপ কৰাৰ ক্ষমতা থকাৰ সময়তে বাহিৰৰ পৰা অহা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰি ৰাজ্যৰ ভিতৰত উৎপাদিত সামগ্ৰীক বজাৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰা কৰিব পাৰিলেহেঁতেন। কিন্তু জি এছ টিয়ে এহাতেদি ৰাজ্য সমূহৰ নিজৰ ৰাজহ সংগ্ৰহৰ পথ ৰুদ্ধ কৰিলে আৰু আনহাতেদি থলুৱাভাৱে উৎপাদিত সামগ্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ষমতাও নোহোৱা কৰিলে।
লেখাটোৰ প্ৰাৰম্ভতে দেশৰ নেতাৰ ডিঙিত গামোচা দেখিলেই আহ্লাদিত হোৱা আৱেগক তৰাং বুলিছিলো। কৈছিলো, কাৰণ, অৰ্থনীতিৰ ক্ষেত্ৰখনলৈ অনা পৰিৱৰ্তনবোৰৰ মাজেৰে ৰাজ্য চৰকাৰবোৰৰ নিজাকৈ সিদ্ধান্ত ল’ব পৰা ক্ষমতা নোহোৱা কৰি তুলি স্থানীয় উদ্যোগবোৰৰ ভৱিষ্যতৰ প্ৰতি যে ভাবুকি সৃষ্টি কৰা হৈছে সেই কথা আমি বিচাৰ কৰিবলৈ পাহৰি যাওঁ।
যোৱা প্ৰায় তিনিটা দশকত ভাৰতবৰ্ষত ভয়ংকৰভাৱে ক্ষমতাৰ কেন্দ্ৰীকৰণ হৈছে আৰু এনে কেন্দ্ৰীকৰণে ৰাজ্যসমূহৰ স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কৰ্তন কৰিছে। বিত্তীয় আয়োগৰ চুপাৰিচৰ নামত ৰাজ্যসমূহে কেনে ধৰণৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিব সেয়া কেন্দ্ৰৰ পৰা ঠিক কৰি দিয়া হ’ল। কিমান ধন বছৰি ৰাজ্য চৰকাৰ এখনে ব্যয় কৰিব পাৰিব তাকো ধাৰ্য্য কৰি দিয়া হ’ল ‘Fiscal Responsibility and Budget Management Act, 2003’ৰ দ্বাৰা। আৰু এতিয়া জি এছ টিৰ দ্বাৰা ৰাজ্য চৰকাৰৰ নিজা ৰাজহ সংগ্ৰহৰ বাটো বন্ধ হ’ল। ৰাজ্য চৰকাৰসমূহ এতিয়া কেৱল কাৰ্য্যবাহী সংস্থা (executing agency)। এই প্ৰক্ৰিয়া যিমান দিন চলি থাকিব সিমান দিন গামোচাকে ধৰি ক্ষুদ্ৰ উৎপাদকৰ দ্বাৰা উৎপাদিত সকলো সামগ্ৰীয়েই বজাৰত এৰাপৰলীয়া হ’বই।
গামোচাপ্ৰেমী অসমীয়াই সেয়েহে প্ৰধান মন্ত্ৰীৰ ডিঙিত গামোচা দেখি আনন্দিত হোৱাতকৈ থলুৱা গামোচা উৎপাদকৰ ভৱিষ্যৎ ধ্বংস কৰিব বিচৰা এই নীতিবোৰত ক্ষোভিত হোৱাটো প্ৰয়োজনীয়।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰ তথা এতিয়াৰ বিজেপি চৰকাৰৰ দ্বাৰা ভাৰতবৰ্ষত যৎসামান্য ৰূপত থকা যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত যি আক্ৰমণ হৈছে তাৰ বিৰুদ্ধে আজি অসমক ভালপোৱা, অসমৰ নিজা এক শক্তিশালী অৰ্থনীতি বিচৰা ব্যক্তি তথা সংগঠনে সংঘবদ্ধভাৱে মাত মতাৰ প্ৰয়োজন।
প্ৰয়াত খগেন মহন্তই তাহানিতে গাইছিল ‘অ’ ভণ্টি গামোচা ব’ব জানানে?’ কিন্তু আজি আৰু এই গামোচা ব’ব জনা শিপিনী বা উৎপাদকসকল বজাৰত তিষ্ঠিব পৰাৰ অৱস্থা নাই। এই ক্ষুদ্ৰ উৎপাদকসকলক সুৰক্ষিত কৰি আমাৰ অৰ্থনীতিক তজবজীয়া কৰাৰ বাবে আন্দোলন আৰম্ভ কৰোহঁক আহক।
লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেখেতৰ ই মে’ইল ঠিকনা : [email protected]|