• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কৌশল লৈছে : দেৱজিত থাউচেন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 14, 2018 12:34 pm
Debojeet Thaosen
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো কৌশল বাদ দি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছে অগপৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠিনক সম্পাদক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী দেৱজিত থাউচেনে।

উল্লেখযোগ্য যে অলপতে দিচপুৰত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কথাই গুৰুত্ব লাভ কৰে। যদিও ৰাজ্যিক নিৰ্বাচন আয়োগ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে সাজু হৈ আছে, গৃহ বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সৈতে একে লগে হ’লে পৰিষদৰ নিৰ্বাচনত  নিৰাপত্তাকৰ্মীৰ নাটনি আহিব। এই অজুহাতত পৰিষদীয় নিৰ্বাচন পৰোক্ষভাৱে পিছুওৱাৰ সিদ্ধান্ত লোৱা হয়।

মংগলবাৰে হাফলঙত এন ই নাওৰ লগত  আছুতীয়া সাক্ষাৎকাৰত থাউচেনে এই সন্দৰ্ভত কয় যে চলিত বছৰৰ জুন মাহৰ ৩ তাৰিখে একাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল শেষ হ’ব। সেই অনুসৰি তাৰ আগেয়েই নতুন নিৰ্বাচিত পৰিষদ গঠন হোৱা সাংবিধানিক নিয়ম।

বিজেপি দল আৰু বিজেপি শাসিত স্বায়ত্ত পৰিষদ নেতৃত্বই পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰাৰ কাৰণে যো-জা চলাই আছে। কিন্তু অগপ দলে কেতিয়াও গেৰুৱা দলৰ এই কৌশল মানি নলয়। প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হ’ব অগপ দল। থাউচেনে এইদৰে কয়।

লগতে তেওঁ কয় যে ডিমা হাচাও জিলাত বিজেপি দলৰ সামগ্ৰিক স্থিতি ভাল নহয়। অগপ দলৰ উত্থান দেখি শংকিত গেৰুৱা দলৰ নেতা-কৰ্মী সকল। কাৰণ অহা নিৰ্বাচনত অগপ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰিব। সেইকাৰণে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপি দল মুখ থেকেচা খাব। যাৰ কাৰণে কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তুতি চলি আছে।

উল্লেখনীয় যে ৰাজ্যত অগপ মিত্ৰজোঁটৰ চৰকাৰৰ সহযোগী দল হিচাপে আছে যদিও কিন্তু পাৰ্বত্য জিলাত অগপ দলটো বিজেপিৰ বিৰোধী শিবিৰতহে আছে। তেওঁৰ মতে অহা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত অগপ দলে অকলে নিৰ্বাচনত অবতীৰ্ণ হ’ব।

দেৱজিত থাউচেনে লগতে কয় যে বিজেপি চৰকাৰ পঞ্চায়ত নিৰ্বাচন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ অজুহাতেৰে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ কৌশল একপ্ৰকাৰ চূড়ান্ত কৰি থৈছে। কাৰণ পঞ্চায়ত নিৰ্বাচন হ’লে ৰাজ্যজুৰি নিৰাপত্তা কৰ্মীৰ নাটনিয়ে দেখা দিব। আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাৰণ কটকটীয়া কৰিব লাগিব নিৰাপত্তা। কিন্তু থাউচেনে স্পষ্ট কৰি দি কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ  কাৰণে কোনোপধ্যেই নিৰ্বাচন স্থগিত ৰখাৰ প্ৰশ্ন উঠিব নোৱাৰে। পঞ্চায়ত নিৰ্বাচনৰ কাৰনে ছমাহ কিয় পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰা হ’ব বুলিও তেওঁ প্ৰশ্ন কৰে।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ এগৰাকী কাৰ্য্যবাহী সদস্যৰ ভাষ্য অনুসৰি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নে নহয় এতিয়ালৈকে স্পষ্ট হোৱা নাই।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd