ৰাজ্যখনৰ এজন বিশিষ্ট সমালোচক আৰু অনুবাদক ড০ প্ৰফুল্ল কটকীৰ ৫ জুনত গুৱাহাটীৰ ডাউন টাউন হস্পিটেলত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। অসমীয়া ভাষা আৰু সমালোচনা সাহিত্যলৈ বিশিষ্ট ধৰণৰ অৱদান আগ বঢ়াই যোৱা ড০ কটকীৰ জন্ম হৈছিল ১৯৩৪ চনত যোৰহাটৰ ডফলাটিং চাহ বাগিচাত।
যোৰহাটতে স্কুলীয়া জীৱন আৰম্ভ কৰি পিছত কটন কলেজৰ পৰা ১৯৫৫ চনত তেওঁ ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৮ চনত ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰী লয়। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰে ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৮৪ চনত তাৰ পৰাই অৱসৰ লৈছিল। তেওঁ বিশ্ব সাহিত্যৰ কেইবাখনো মহান আৰু জনপ্ৰিয় গ্ৰন্থ অনুবাদ কৰি অসমীয়া অনুবাদ সাহিত্যকো নতুন মাত্ৰা দি গৈছে।
তেওঁ বিশেষকৈ ইংৰাজী ভাষাৰ বহু মূল্যৱান গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ ভিতৰত এলবাৰ্ট আইনষ্টাইন বিষয়ৰ শতাব্দীৰ সূৰ্য, ৰাছেলৰ প্ৰবন্ধ সংকলন, ছমাৰছেট মমৰ দ্য ৰেকৰ্ড এজৰ অনুবাদ, দ্য গুড আৰ্থ আদি। অনুবাদ কৰ্মৰ জৰিয়তে টমাছ হাৰ্ডি, ছেমুৱেল স্মাইল আদিৰ দৰে বিশ্ব সাহিত্যৰ উজ্জ্বল নাম আৰু সৃষ্টিৰ সৈতে তেওঁ অসমীয়া পাঠকক পৰিচয় কৰাই দিছিল। উল্লেখযোগ্য অনুবাদ গ্ৰন্থবোৰৰ ভিতৰত কেইখনমান আছিল– কৰ্তব্যবোধ, জীৱনবোধ, ওপজা মাটিৰ টান, যথাৰ্থ ভদ্ৰলোক, আশাবাদী চিন্তা, আত্মোৎকৰ্ষ, অলেখ চাকিৰ পোহৰ, অনাড়ম্বৰ জীৱন যাপন আৰু উচ্চ চিন্তন, সুখৰ বাসনা, পৰিয়ালটোৰ কথা, ঘৰখনৰ কথা, আলোকসন্ধানী সংগ্ৰামীৰ হাতপুথি, জীৱনচৰ্যা আদি।
৫০ খনতকৈ অধিক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰা ড০ কটকীয়ে মান বিশিষ্ট অনুবাদৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
অনুবাদ সাহিত্যলৈ বৰঙনি দিয়াৰ উপৰি তেওঁ সমাৰ্থশব্দকোষ নামেৰে অসমীয়া ভাষাৰ শব্দবিলাকৰ সমাৰ্থক শব্দৰ এখন মূল্যৱান আৰু কষ্টসাধ্য সংকলন আগ বঢ়াই গৈছে। ইয়াৰ উপৰি অসমীয়া শব্দকোষ বুলি এখন অভিধানো তেওঁ সংকলন কৰিছিল।
তেওঁৰ সাহিত্যৰথী, ক্ৰমবিকাশত অসমীয়া কথাশৈলী, স্বৰাজোত্তৰ অসমীয়া উপন্যাস, প্ৰায়োগিক সমীক্ষা, শ্ৰী অৰবিন্দ- জীৱন আৰু সাধনা আদি গ্ৰন্থই গৱেষক, শিক্ষক-ছাত্ৰ-ছাত্ৰী, লেখকক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে।
পৰিয়ালৰ সূত্ৰই জনোৱামতে তেওঁ প্ৰায় ছটা দিন চিকিৎসালয়খনত কমা অৱস্থাত আছিল। অনুবাদক-সাহিত্যিক-সমালোচকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই শোকপ্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰা দেখা যায়।
ড০ কটকীয়ে ইহ সংসাৰত অভিযন্তা পুত্ৰ, দুগৰাকী কন্যা, নীতি-নাতিনীকে ধৰি অন্যান্য আত্মীয়-স্বজনক এৰি থৈ গৈছে।