‘বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ’ এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী বিধায়কে। আৰজেডিৰ বিধায়কগৰাকীৰ দাবী যে হোলীৰ পাছতেই আৰজেডিৰ প্ৰধান তথা বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হ’ব।
উল্লেখ্য যে, বিজেপিৰে মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰৰ জনতা দলে তেজস্বী যাদৱৰ আৰজেডিৰ সৈতে মিত্ৰজোঁট গঠন কৰি বিহাৰত চৰকাৰ চলাই আছে। কিছুদিন পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত বিজেপি বিৰোধী সকলো শিবিৰকে লগত লৈ বিহাৰৰ পৰাই বিজেপিৰ বিৰুদ্ধে ৰণহুংকাৰ বজাইছিল।
বিধায়ক বিজয় মণ্ডলৰ এই দাবীৰ পাছতে বিহাৰৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জেডিইউ আৰু আৰজেডিৰ মাজত ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছে নেকি সেই প্ৰশ্নৰো উদ্ৰেক হৈছে। বিহাৰৰ ৰাজনীতিত বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰা থকাৰ সময়তে জেডিইউৰ বিহাৰৰ ৰাজ্যিক সভাপতি লালন সিঙে বিধায়ক বিজয় মণ্ডলৰ দাবীক মিছা বুলি অভিহিত কৰি কয় যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
সভাপতি লালন সিঙৰ মতে মুখ্যমন্ত্ৰীৰ সলনিৰ সিদ্ধান্ত আগন্তুক নিৰ্বাচনৰ পাছতহে গ্ৰহণ কৰা হ’ব। অহা ২০২৫ তহে বিহাৰৰ বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হ’ব। সভাপতি লালন সিঙে কয় যে ২০২৫ চনলৈকে নীতিশ কুমাৰেই বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৫ৰ নিৰ্বাচনত মিত্ৰজোঁটক তেজস্বী যাদৱে নেতৃত্ব দিব বুলি ক’লেও মুখ্যমন্ত্ৰী কোন হ’ব সেয়া বিধায়কসকলেহে সিদ্ধান্ত ল’ব বুলিহে প্ৰকাশ কৰি আহিছে।
মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত লালন সিঙে কয় যে ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যৰ এটা বৃহত্তম দল আৰু তেওঁলোকৰ ৮০ জন বিধায়ক আছে। জনতা দল (ইউ)ৰ মাত্ৰ ৪৩ জন বিধায়ক। এনে পৰিস্থিতিত আৰজেডিৰ নেতাসকলে দাবী উত্থাপন কৰিছে যে এটা বৃহত্তম দল হোৱাৰ বাবে তেওঁলোকৰ নেতা মুখ্যমন্ত্ৰী হ’ব লাগে। এনে দাবী বহুবাৰ উত্থাপন হৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
বিহাৰত বিজেপিৰ সৈতে জনতা দল (ইউ)ৰ মিত্ৰতা ভাঙি পৰাৰ পিছৰে পৰা আৰজেডি নেতা তেজস্বী যাদৱক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী ক্ৰমাৎ বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই তেজস্বী যাদৱক পদোন্নতি দিব লাগিব বুলি কোৱাত এই সন্দৰ্ভত আশা আৰু অধিক বৃদ্ধি পাইছিল। নীতিশ কুমাৰে কৈছিল যে মিত্ৰজোঁটৰ নেতা হ’ব তেজস্বী যাদৱ।
নিৰ্বাচনলৈ প্ৰায় দুটা বছৰৰ থকাৰ সময়ত তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি আৰজেডিৰ বিধায়কে কৰা দাবীয়ে সেয়ে বিহাৰৰ ৰাজনীতি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কৌশলো হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।