বিশ্বায়নৰ এই যুগত সাংস্কৃতিক বানিজ্যিকৰণ বা সাংস্কৃতিক দিশবোৰক কেন্দ্ৰ কৰি চলা ব্যৱসায়সমূহৰ বিষয়ে কথা পতাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আৰু ইয়াত ইতিবাচক আৰু নেতিবাচক দিশসমূহ চালি জাৰি চোৱাটো নিত্যন্তই প্ৰয়োজনীয়। অন্যথা ই সংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰো সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।
অৱশ্যে মূল আলোচনালৈ যোৱাৰ আগতে সংস্কৃতি আৰু লোকসংস্কৃতি সম্পৰ্কে কিছু আলোচনাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। বিশিষ্ট সমাজতত্ত্ববিদ টেইলৰৰ পৰিভাষাটোৱেই সংস্কৃতিৰ ক্ষেত্ৰত আটাইতকৈ প্ৰণিধানযোগ্য: “The complex whole which includes knowledge, belief, art, law, morals, custom, and any other capabilities acquired by man as a member of society.” ইয়াক আমি মূলতঃ দুটা প্ৰকাৰত ভাগ কৰিব পাৰোঁ:
(১) বস্তুবাদী সংস্কৃতি (Material Culture)
(২) অবস্তুবাদী সংস্কৃতি (Non-material Culture)
বস্তুবাদী সংস্কৃতি হ’ল মানৱসৃষ্ট। যেনে সঁজুলি, অট্টালিকা, দলং আদিৰে গঠিত। এইবোৰ মানুহে সলনি কৰি ব্যৱহাৰ কৰিব পাৰে। ই বাহ্যিক, যান্ত্ৰিক আৰু উপযোগী বস্তুৰ সৈতে জড়িত। ই কাৰিকৰী আৰু বস্তুগত সঁজুলিৰে গঠিত। যেনে নতুন অট্টালিকা বা গাড়ী কেৱল মানুহৰ সৃষ্টি। ইয়াক সভ্যতা বুলি কোৱা হয়।
অবস্তু সংস্কৃতি বস্তুনিষ্ঠ নহয়। ই বিমূৰ্ত। ই আভ্যন্তৰীণ আৰু অন্তৰ্নিহিতভাৱে মূল্যৱান কিবা এটা, মানুহৰ আভ্যন্তৰীণ স্বভাৱক প্ৰতিফলিত কৰে। ইয়াত ভাষা, বিশ্বাস, মূল্যবোধ, অভ্যাস, উৎসৱ পাৰ্বন আদিৰ অধ্যয়নত অধিক গুৰুত্ব আৰোপ কৰা হয়।
অৱশ্যে লোকসংস্কৃতি আৰু সংস্কৃতি একেই নহয়। আজি সাংস্কৃতিক বানিজ্যিকৰণ হৈছে বুলি কোৱা হয় যদিও আচলতে সি লোকসংস্কৃতিৰহে বানিজ্যিকৰণ। লোকসংস্কৃতি সম্পৰ্কে Dwight Macdonaldএ কৈছিল: “Folk culture, until the Industrial Revolution was the culture of the common people. It grew genuinely out of the life and work of the people, spontaneous, autochthonous expression of the people shaped by themselves, pretty much without the benefit of High Culture”
তেখেতে দেখুৱাইছে যে শিল্প বিপ্লৱৰ পাছৰ পৰাই লোকসংস্কৃতিক ভিত্তি কৰি উচ্চ শ্ৰেণীটোৱে বা অভিজাতসকলে এটা অৰ্থনৈতিক পৰিকাঠামো গঢ়ি তুলিলে।
অসমীয়াই কৌটিকালৰ পৰা বিহু পাতি আহিছে পাতি থাকিব। সময়ৰ লগে লগে ই নতুন ৰূপ পৰিগ্ৰহণ কৰিব, ঠিক মাৰ্ক্সে কোৱাৰ দৰে “change is only constant” অৱশ্যে বিহু আৰু ইয়াৰ লোকাচাৰ দ্ৰুতগতিত যিধৰণেৰে সলনি হৈছে তাক দেখি কোৱাটো টান যে আজিৰ পৰা পঞ্চাশ বছৰ পাছৰ বিহু কেনে হ’ব। চোতালৰ বিহুটো নেদেখা মোবাইল টিভি বা মঞ্চত জন্ম হৈয়েই বিহুৰ কেপিটেলীষ্ট ৰূপটো দেখা নীল আকাশ, কুসুম কৈলাস শুনি ডাঙৰ হোৱা আমাতকৈও শেহতীয়া সংস্কৰণ আলফা সকলে কিধৰণেৰে বিহুক ধৰি ৰাখিব কোৱা টান। ইলেকট্ৰনিক সংগীতৰ জোৰত গৰু চালৰ মাত শুনা যাব নে! ঢেকী বা তাঁতৰ শাল চিনি পাব নে! জানিবনে কেনেকৈ পিঠাগুড়ি খুন্দে, পিঠাবোৰৰ নাম একা! কাৰণ এই বস্তুবোৰ এতিয়া হড়প্পা মহেঞ্জোদাৰো সভ্যতাৰ দৰেই লোপ পাবলৈ লৈছে। পঁইতা ভাত, গৰৈ মাছ পোৰা, আলু পোৰা, কোমল চাউল, ভজা চাউল, হুৰুমৰ সোৱাদ চিনি পাব নে! বুজিব পাৰিব নে বিহুটো আচলতে কাৰ আঁচলৰ ধন!
অৱশ্যে হুঁচৰি আৰু বিহুনামক লৈ পঞ্চাশৰ দশকৰ বা ষাঠিৰ দশকৰ মানুহবোৰে প্ৰায়েই বিহুৰ সময়ত আমাৰ ভুল ধৰে। কিন্তু তেওঁলোকেও হুঁচৰি প্ৰকৃততে কিমান নিভাজকৈ দেখিছে ক’ব নোৱাৰোঁ। বিহুৰ পৰম্পৰাৰ পৰিবৰ্তনৰ বিষয়ে অধ্যাপক ড০ লীলা গগৈয়ে তেওঁৰ ‘বিহুগীত আৰু বনঘোষা’ কিতাপখনত এনেদৰে লিখিছে: ‘যোৱা কেইবছৰমানৰ ভিতৰত বিহু নামৰ সুৰ আৰু ঢং ইমান পৰিৱৰ্তন হৈছে যে, মূলতে হুচৰি কি আছিল বুজাই টান হৈ পৰিছে।’ (লীলা গগৈ বিহুগীত আৰু বনঘোষা, বনলতা, গুৱাহাটী,২০০৮,পৃ:১৯, প্ৰথম প্ৰকাশ: ১৯৬১) গতিকে হুঁচৰিৰ বিশুদ্ধ নিয়ম বুলি একো নাই। আকৌ লীলা গগৈৰ কথাৰেই কৈছোঁ পৰম্পৰাবোৰ আবদ্ধ পুখুৰীৰ মাছ নহয়।ই বোৱতী নদীৰ দৰে।আজিৰ বোৱতী সুতি এদিন ছেৰা/এৰা/মৰা সুতি হয়। ঠিক তেনেদৰে আজিৰ পৰম্পৰা ৰূপে চলি অহা আচাৰ অনুষ্ঠানবোৰ যোগ আৰু দিনৰ পৰিবৰ্তনৰ লগে লগে সময়ৰ বুকুত জাহ যায়।
সময়ৰ লগত বিহু চলি আছে যদিও তাৰ বিবৰ্তন মন কৰিবলগীয়া। অধ্যাপক ড০ অনিল শইকীয়াই বিহুক মূলতঃ সাতটা স্তৰত ভাগ কৰিছে। প্ৰথম স্তৰত ডেকা গাভৰুৱে নিজান ঠাইত চত মাহত বিহু কৰিছিল। তাত একৰকম বণ্য উন্মাদনা আছিল। তাতেই বিহুৰ আৰম্ভণি। ইয়াত আজিৰ দৰে “ৰাম” “কৃষ্ণ” “হৰি” আদি শব্দবোৰ নাছিল। আচলতে বিহুৰ এই পৰিৱেশন দৰ্শকৰ বাবে নাছিল। মূলতঃ তাত চঞ্চলতা, যৌনতা আদি কথাবোৰেই প্ৰধান আছিল।
দ্বিতীয় স্তৰটো আৰম্ভ হৈছিল শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ সমান্তৰালকৈ। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱতে বিহুৰ মাজলৈ ভগৱান, দেৱ, দেৱীৰ আগমণ। ইয়াৰ লগে লগেই “গোবিন কৃষ্ণ ৰাম নাৰায়ণ ড়হৰি এ জয়” আদি পদ আদিৰ সৃষ্টি। আগৰ বিহুনাম এষাৰলৈ মন কৰক:
“ ৰংঘৰ কাৰেংঘৰ ঐ জয়দৌল শিৱদৌল ঐ
আহোমৰ বিজয় কীৰ্তি ৰৈয়া কি ৰৈয়ে না ঐ”
শংকৰদেৱৰ দিনত এইষাৰ নামকে গোৱা হ’ল এনেকৈ:
“ৰংঘৰ কাৰেংঘৰ ঐ ৰাম জয়দৌল শিৱদৌল ঐ ৰাম
আহোমৰ বিজয় কীৰ্তি হৰি গোপাল গোবিন্দ ৰাম”
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বিহুনামলৈ কেৱল যে ভগৱান, দেৱ, দেৱীৰ আগমনেই ঘটিছিল এনে নহয় আনকি ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ বহুতো কাহিনীৰ প্ৰতি জনসাধাৰণৰ দৃষ্টিভংগীও প্ৰকাশ পাই উঠিল। যথা:
“ৰামচন্দ্ৰ তুমি কি অকাৰ্য্য কৰিলা
গৰ্ভৱতী সীতা দেৱীক বনতে এৰিলা
************
কলমৌ খাওঁতে বুঢ়া হনুমন্তই নগৰি কৰিলে চন ঐ গোবিন্দাই ৰাম
***********
বিহুৰ তৃতীয় স্তৰটো আছিল ইয়াৰ বাবে আশীৰ্বাদস্বৰূপ। এইখিনি আছিল স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ সময়। যিয়ে বিহুক স্বীকৃতি প্ৰদান কৰিছিল। আচলতে আহোম যুগত অসমত যিমানখিনি সাংস্কৃতিক বিকাশ সাধন হৈছিল তাৰ নব্বৈ শতাংশই সম্ভৱ হৈছিল স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বাবেই। তেওঁ অসমলৈ হিন্দুস্তানী সংগীতৰ ধাৰা বোৱাই আনিছিল। অসমৰ থলুৱা বাদ্যযন্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইটামান খেল পাতিছিল। যিকেইটাক খুলীয়া, কালীয়া, মৃদঙ্গীয়া, খুতলীয়া, তালোৱা, নাচনিয়াৰ, পদ গোৱা, বিয়াহ গোৱা, ঢুলীয়া আদি নামেৰে জনা যায়। এই খেলসমূহৰ ওপৰত চকু ৰাখিবলৈ গায়ন বৰুৱাৰ বাবো সৃষ্টি কৰিছিল। আনকি সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠপোষকতাও তেখেতে কৰিছিল আৰু তাৰ বাবে সত্ৰীয়া বৰুৱাৰ বাব সৃষ্টি কৰিছিল। ৰুদ্ৰ সিংহৰ দিনতেই পথাৰৰ বিহু আহি ৰাংঘৰৰ বাকৰী পায়হি আৰু তেতিয়াৰ পৰাই অংশগ্ৰহণকাৰী হুঁচৰি দলক পুৰস্কাৰ দিয়াৰ নিয়ম প্ৰচলিত হয়। হুঁচৰিৰ আগত সিদিনাই স্বৰ্গদেৱে মূৰ দোৱাই আশীৰ্বাদ লয়। আৰু গণতান্ত্ৰিক চেতনাৰ নিদৰ্শন দেখুৱাই এয়া প্ৰতিপন্ন কৰে যে ৰাইজেই ৰজা। তেতিয়াৰ পৰাই দা-ডাঙৰীয়াসকলে নিজৰ ঘৰলৈকো হুঁচৰি নিমন্ত্ৰণ কৰাৰ প্ৰথা আৰম্ভ হ’ল। আৰু যত ৰজা বা বিষয়া নাছিল সেই অঞ্চলত মূখীয়াল ব্যক্তিৰ ঘৰৰ পৰা হুঁচৰি আৰম্ভ কৰাৰ নিয়ম আৰম্ভ হ’ল। হয়তো এই সময়ৰ পৰাই ৰজা বা বিষয়াক আনন্দ আৰু মনোৰঞ্জন দিবৰ উদ্দেশ্যেই বিহুনামৰ পৰা সেই বনগীত, বনঘোষাবোৰ আঁতৰাই পেলোৱা হ’ল আৰু ই এক অভিনৱ, পৰিশোধিত নান্দনিক ৰূপ পৰিগ্ৰহণ কৰিলে। উদাহৰণস্বৰূপে:
“ স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে/ দুলীয়াই পাতিলে দোলা
কানত জিলিকিলে মকৰে কুণ্ডলে/ গাতে গোমেচেঙৰ চোলা”
****************
তাৰ লগে লগেই বিহুনামলৈ আহিল মণিকোঁৱৰ, ফুলকোঁৱৰৰ গীত, বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীতৰ দৰে আখ্যানমূলক গীত বা বেলাডসমূহ। তোষেশ্বৰ চেতিয়াই মত পোষণ কৰিছে যে ৰজাই ৰংঘৰৰ ওপৰৰ পৰা চিকা ৰূপ দলিয়াই দিছিল কিন্তু বুৰঞ্জীয়ে আমাক স্বৰ্গদেৱে ৰাইজেই ৰজা জ্ঞাতিয়ে গংগা বুলি হুঁচৰিৰ আগত আঁঠু লোৱাৰ কথাহে সোঁৱৰাই দিয়ে। সেই হিচাপত অধ্যাপক চেতিয়াৰ মতটো বৰ এটা সঠিক যেন নালাগে।
বিহুৰ চতুৰ্থ স্তৰটো বিচাৰ কৰিবলৈ হ’লে মূলতঃ আৰ্থ-ৰাজনৈতিক দিশৰ পৰাই কৰিব লাগিব। ইয়াৰ আৰম্ভণি মানৰ উপদ্ৰৱৰ অন্তৰ পৰা ধৰি অসমত বৃটিছ ৰাজৰ প্ৰতিষ্ঠালৈকে। ইয়াণ্ডাবু সন্ধিৰ পাছত আহোমৰ বেলি মাৰ গ’ল আৰু বৃটিছে কোম্পানী ৰাজ পাতি ৰেল লাইন পতাৰ পৰা তেল উৎঘাটনলৈ, চাহ বাগিছা পতাৰ পৰা কয়লা খননলৈ, কোৰ্ট কাচাৰী পতাৰ পৰা আধুনিক শিক্ষালৈ নানা পৰিৱৰ্তন আনিলে। বিহুলৈ (গীত আৰু পৰম্পৰা দুয়োটালৈ) আমূল পৰিবৰ্তন অহাৰ ইও এক কাৰণ। বৃটিছৰ আগমনৰ লগে লগে ৰাতি বিহু নোহোৱা হ’ল। ১৯৫০ মানলৈ অলপ অচৰপ আছিল যদিও তাৰ এতিয়া জঁকাটোও পাবলৈ নাই। ইয়াৰ প্ৰধান কাৰণকেইটা হ’ল:
(১) অসমত শিক্ষাৰ বিস্তাৰ
(২) চাকৰিত ভৰ্তি হোৱা
(৩) পশ্চিমীয়া নাটক আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ
(৪) স্বাধীনতা আন্দোলন
(৫) জীৱিকাৰ অন্যান্য পথ
তাৰ লগে লগেই বৃটিছ শাসনৰ প্ৰভাৱ বিহুনামবোৰতো পৰিল। যেনে “উকিয়াই উকিয়াই ৰেলগাড়ী চলিলে ষ্টেচনৰ মুখলৈ চাই”, “দিখৌত গোমেগোমাই কোম্পানীৰ জাহাজখন” ইত্যাদি।
চাহাবৰ দিনত ইয়াত সাম্ৰাজ্যবাদী চিন্তা চেতনাৰ প্ৰকাশো দেখা যায়। দিখৌত গোমেগোমাই কোম্পানীৰ জাহাজখন/ ঢেকীত গোমেগোমাই থুৰা……” বা”উকিয়াই উকিয়াই ৰেলগাড়ী চলিলে ইষ্টেচনৰ মুখলৈ চাই….” “চেৰাপ খাই আহিলে বাগিছাৰ চেহাবটি/ চিচিমুখত ভাঙিলে চিচা…….” কেতিয়াবা আকৌ কোনো বিষয়াৰ প্ৰতি বিৰাগ বা অগাধ স্নেহৰ নমুনা বা কোনো চাহাবৰ সৈতে ঘটা ঘটনাৰ উল্লেখো আছে: “উজায়ে আহিলে কাকতি ফৰিঙে পকা ধান নাখালে ঘিনত/ তোৰ চপাব পাৰো চাৰিজনী ডাইবৰ চাহাবৰ দিন……” “কুঁহিয়াৰ পেৰিবৰ ভিমত সমনীয়া/কুঁহিয়াৰ পেৰিবৰ ভিমত/গেলেকি গেৰেজত চিপাহি কাটিলে হলকন চাহাবৰ দিনত…….” লাহে লাহে তাত বাগিছাৰ কথা সোমাল”লানি লানি কৰি কুলি নামিলে/মূৰতে টুকুৰী লৈ/বৰতলৰ দাৰোগাই হেনকাপ লগালে/বাজিপাত চিঙাৰ হৈ….”
ইংৰাজী শিক্ষাৰ প্ৰতি মোহো তাত দেখা পোৱা গৈছিল: “এ বি চি ডি ৱেলকাম/গামোছা দিলে ভালে পাম/ লগত এখন ৰুমাল দিলে/হেণ্ডচেক মিলাই গুছি যাম”
পঞ্চম স্তৰত ই পুঁজিবাদী ৰূপ পৰিগ্ৰহণ কৰে। সাম্ৰাজ্যবাদৰ প্ৰভাৱ হিচাপেই বিহুৱে এদিন পুঁজিবাদী ৰূপ ধাৰণ কৰে আৰু মুকলি বিহু আহি মঞ্চ পায়হি। মেলামুখী এই কৃতিম উপাদানবোৰে বিহুক বিকৃত কৰি তাক পণ্য সংস্কৃতিলৈ ৰূপান্তৰিত কৰিছে। অসমত প্রথম মঞ্চ বিধ সম্পর্কত পৰাগ চলিহাই লিখিছে “Bihu came to be celebrated publicly for the first time at Sibasagar only in 1941, when Sibsagar Natya Mandir made into dilapidated Natya Mandir look like a veritable natural grove. The president of the fest public Bihu Sanmilan aptly being the noted Bihogi Kavi (Bird poet) Raghunath Choudhari”
ইয়াৰ পাছত ষষ্ঠ পৰিৱৰ্তন আহিছিল যোৱাটো শতিকাৰ ষাঠিৰ দশকৰ শেষৰফালে। যেতিয়া বিহুক গ্ৰামফোন আৰু কেচেটত ৰেকৰ্ড কৰা হ’ল। মহেশ্বৰ বৰুৱা ,খগেন মহন্ত, ভূপেন হাজৰিকা,নিকুঞ্জলতা মহন্ত, অৰ্চনা মহন্তৰ আদি এই তালিকাৰ উল্লেখযোগ্য শিল্পী। ১৯৬৯ চনত ওলোৱা খগেন মহন্তৰ “ধনশিৰি পাৰে হৈ” ৰেকৰ্ডখনতে কিজানি প্ৰথমবাৰ ঢোল বাজিছিল। এইখনে ৰেকৰ্ড গঢ়িছিল। ৰেকৰ্ড কৰিলেও মহন্তই বিহুনামৰ গঞা ঠাঁচটো আৰু শব্দৰ উচ্চাৰণ আদি আৰু সুৰ সলনি কৰা নাছিল।
সপ্তম স্তৰত ফিল্ম ভিচিডি আদিত বিহু বাজিবলৈ লোৱাৰ পৰা সি স্বকীয়তা আৰু আবেদন হেৰুৱাই পেলোৱা যেন লাগে। এতিয়া গীতবোৰৰ খাটিৰত কাহিনী ৰচা হয় নে কাহিনীৰ আধাৰত গীত নাজানো কিন্তু সেইবোৰ বিহুসুৰীয়া গীত মাত্ৰ বিহুনাম নহয়। অৱশ্যে কৃষ্ণমণি চুতীয়াই কৰা ৰাংঢালীত শিৱসাগৰ, নাজিৰা, সোণাৰী আদিত প্ৰচলিত খাচ বিহুনাম কিছুমান শুনিবলৈ পাইছিলো। বিহুনাচ হুঁচৰি আদিক টিভি, ফিল্ম, ভিচিডি আদিত সীমাবদ্ধ কৰাৰ ফলত এইসমূহ ক্ৰয় কৰিব পৰাৰ ওপৰতহে নিস্ক্ৰিয়ভাবে তাক উপভোগ কৰিব পৰা নোৱাৰাৰ কথাটো নিৰ্ভৰ কৰিলে। আজিকালি বিহুৰ কাৰবাৰটোৱেই টকা ঘটাৰ এক উৎকৃষ্ট মাধ্যম যেন অনুভৱ হয়।
এনেকৈ হ’লে এই অপসংস্কৃতি ৰোধ কৰাটো মস্কিল হ’ব। আনকি এনে হুঁচৰি দলো ওলাল যিয়ে নিজে বিহুনামষাৰো গাব নাজানে বা নাগায়। ছাউণ্ড চিষ্টেম বজাই বিহু মাৰে। চিনেমা আদিতো যিবোৰ বিহুনাচ দেখোঁ সেইবোৰ দেখোন বিহুনাচ সদৃশ আধুনিক নাচহে! কোনোবাই যদি মেখেলা চাদৰ পিন্ধি বাগৰুম্বা নাচে তেন্তে তাক ক’ম কি বুলি! পুঁজিবাদী সংস্কৃতিৰ শিপাডালে বিহুক এনে নাগপাশত আবদ্ধ কৰিছে যে দেখিলেই মনত কৰুণতাৰ সুৰ এটা নিজে নিজেই বাজি উঠে। আজি অসমৰ কিমান মানুহে পিঠা বনোৱাৰ কলাবিধ জানে? হুৰুম তৈয়াৰ কৰিব জানে? ভোগাবাদী সংস্কৃতিৰ গৰাহত আমাৰ আখলৰ লাৰু পিঠাবোৰো আমি দোকানৰ পৰা কিনি আনিবলগীয়া হয়। বাৰু ই একাংশ মানুহক অৰ্থনৈতিকভাবে স্বাৱলম্বী হোৱাত সহায় কৰিছে কিন্তু বজাৰৰ পৰা কিনি অনাৰ সুবিধা আছে বাবে বনাবলৈ নিশিকা বা নজনা কথাটোত অসমীয়াই লাজ পাব লাগে।
আমাৰ মানুহবোৰে “কেন্দ্ৰীয়” শব্দটোৰ অৰ্থ বুজে নে নাই? অঞ্চল বিশেষে বিহু মেলা পাতক তাত আপত্তিৰ কাৰণ নাই কিন্তু একেখন ঠাইত পতা প্ৰত্যেকখন বিহুৰ লগত “কেন্দ্ৰীয়” শব্দটো প্ৰয়োগ কৰাত মোৰ ঘোৰ আপত্তি আছে। বিহু একতাৰ প্ৰতীক গতিকে এই ভিন্ন ভিন্ন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনবোৰ একত্ৰিত হৈ এখনেই ৰঙালী বিহু কেন্দ্ৰীয়ভাৱে উৎযাপন কৰিব নোৱাৰে নে? এইবোৰ অনুষ্ঠিত কৰিবলৈ ব্যৱসায়িক গোষ্ঠী আৰু ৰাইজৰ পৰা লাখ লাখ টকা চান্দা লোৱা হয়। কিন্তু এই প্ৰক্ৰিয়াটোত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় মধ্যবিত্তীয় চামটো। কাৰণ বিহুমেলাসমূত এটা শকত পৰিমাণৰ অনুদান তেওঁলোকেই দিয়ে পাছত ব্যৱসায়িক গোষ্ঠীবোৰে নিজৰ ক্ষতি পূৰণৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ দাম বৃদ্ধি কৰি এই চামটোৰ মূৰতে মাধমাৰ মাৰে। ভোগাবাদী সংস্কৃতিৰ আন উল্লেখনীয় দিশ হ’ল বাহ্যিকতা। যাৰ বাবে বিহুমেলাসমূহে কোন কোন শিল্পীক কিমান অধিক মাননিৰে শোভাযাত্ৰা আৰু মূল অনুষ্ঠান বাবে নিমন্ত্ৰণ জনাব পাৰে তাৰ এক অঘোষিত প্ৰতিযোগিতা চলে।
সৌসিদিনা অসমত ১১০০০ নাচনী আৰু ৩০০০ ঢুলিয়াক লৈ ঢোল আৰু নাচৰ বিশ্ব অভিলেখ গঢ়া হ’ল। কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ’ল নাচনীসকলে পৰিধান কৰা নিৰ্দিষ্টকৈ সাজ পোচাক আ-অলংকাৰ ক্ৰয় কৰোঁতে এক বাণিজ্যিক আদান প্ৰদান হৈছিল। যত সাধাৰণ পৰিয়ালসমূহে জীয়াতু ভুগিবলগীয়া হৈছিল। কিন্তু যিকোনো প্ৰকাৰে সন্তানৰ আকাঙ্খা পূৰণ কৰিছিল।
যিহেতু আমাৰ থলুৱা বস্ত্ৰ শিল্পই আন্তৰাষ্ট্ৰীয় সমাদৰ লাভ কৰিছে যেনে অসমৰ পাট মুগা এড়ী, ৰাজস্থানৰ বান্ধনী বস্ত্ৰ, গুজৰাটৰ মিৰৰ ৱৰ্ক, উত্তৰ প্ৰদেশৰ চিকন, দক্ষিণ ভাৰতৰ কাঞ্চিপুৰম পাট আদি বস্ত্ৰসমূহৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ পথ প্ৰশস্ত কৰিছে। কাঁহ শিল্প, পিতল শিল্প, ৰূপৰ অলংকাৰ, লাৰ ওপৰত কাচৰ কৰ্ম, তাম্ৰ শিল্প, মৃত শিল্প, শিলা মূৰ্ত্তি, ছিৰামিক শিল্প, কাঠৰ শিল্প আদি থলুৱা ভাৰতীয় শিল্প কৰ্মসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ লাভ কৰিছে।
ঠিক তেনেদৰে উৎসৱ আৰু পাৰম্পৰিক তথা ধৰ্মীয় অনুষ্ঠানবোৰে কলাৰ বাণিজ্যিকৰণত অৰিহণা যোগাইছে। যেনে কলিকতাৰ দূৰ্গা পূজা, অসমৰ ৰাস তথা ভাওনা, গুজৰাটৰ নৱৰাত্ৰি, ৰাজস্থানৰ বঞ্জাৰা নৃত্য শৈলী, পুতলা নাচ, শান্তিনিকেতনৰ শাৰদোৎসৱ ইত্যাদিয়ে দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে আৰু কলাৰ বাণিজ্যিকৰণৰ পথ প্ৰশস্ত কৰিছে।
ঠিক একেদৰে ভোগালী জলপান, নিৰুজ, ভীমভিটা, লিজ্জত, আমূল, মছলা, ভূজিয়া, পাপৰ, আচাৰ আদি অন্যান্য থলুৱা খাদ্য সামগ্ৰী আৰু প্ৰস্তুতকাৰীসকলে আন্তৰাষ্ট্ৰীয় বজাৰত এক স্থান দখল কৰিবলৈ সক্ষম হৈছে।
আনহাতে দিল্লী হাটৰ দৰে স্থানত সমগ্ৰ ভাৰতবৰ্ষৰ পাৰম্পৰিক হস্তশিল্পসমূহৰ প্ৰদৰ্শন তথা বিক্ৰী কৰা হয়। আকৌ ভাৰতবৰ্ষৰ চিত্ৰ শৈলীসমূহ যেনে তাঞ্জৰী শৈলী, মোৰেল শৈলী, ৱৰ্লী শৈলী, কলমকাৰী শৈলী, মধুবনী শৈলী, পটচিত্ৰ শৈলী, মন্দনা শৈলী আদি সমগ্ৰ বিশ্বতে যথেষ্ট জনপ্ৰিয় আৰু সমাদৃত।
বিশ্বৰ বিভিন্ন অনুষ্ঠানত ভাৰতীয় নৃত্য শৈলী যেনে ভাৰতনাট্যম, কথকলি, কথক, কুচ্ছিপুডি, উদিসী, সত্ৰীয়া, মণিপুৰী, মোহিনীঅট্টম আদি নৃত্য শৈলীসমূহক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহত পৰিৱেশন কৰা হয়।
ভাৰতীয় ভাস্কৰ্য যেনে গুপ্ত ভাস্কৰ্য, কুশান ভাস্কৰ্য, দক্ষিণ ভাৰতীয় ভাস্কৰ্য, সাতবাহন ভাস্কৰ্য, মৌৰ্য ভাস্কৰ্য, প্ৰাক মৌৰ্য ভাস্কৰ্য, ব্ৰঞ্জৰ যুগৰ ভাস্কৰ্য, পাৰম্পৰিক ভাৰতীয় ভাস্কৰ্য ইত্যাদিৰ চিত্ৰ আদিয়ে দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি ৰাজহ সংগ্ৰহত সহায় কৰি আহিছে।
বৰ্তমান সময়ত গণ মাধ্যমৰ সম্প্ৰসাৰণে ভাৰতীয় সংগীত শৈলীসমূহ যেনে হিন্দুস্থানী শাস্ত্ৰীয় সংগীত, লাৱনী, ভাঙ্গড়া, ছুফি গীত, কৰ্ণাটকী সংগীত, ৰবীন্দ্ৰ সঙ্গীত, গড়ৱা, বিহু, বলীউড সংগীত আদিৰ জনপ্ৰিয় কৰি বিভিন্ন মাধ্যমৰ যোগেদি বাণিজ্যিকৰণৰ হৈছে।
আমাৰ পৰম্পৰাগত হস্তশিল্পসমূহ বৰ্তমানৰ আৰ্থ সামাজিক পৰিস্থিতিৰ সাপেক্ষে গ্ৰাম্য বজাৰসমূহৰ পৰা নগৰীয় বজাৰসমূহলৈ পৰ্যবসিত হৈছে।
বৰ্তমান ভোগবাদী সংস্কৃতিৰ অংশ হিচাপে ক্ৰেতাক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বিভিন্ন বিজ্ঞাপনত আমাৰ কলা সংস্কৃতিৰ উপস্থাপন কৰা দেখা যায়। দৃশ্যবোৰ দেখিলে মনটো ভালো লাগে দিয়কচোন! কিন্তু বহুসময়ত বিভিন্ন সংস্কৃতিৰ বিষয়ে তাথ্যিক আৰু তাত্ত্বিক ধাৰণা নথকাৰ বাবেই সংস্কৃতিসমূহক অপব্যাখ্যা বা ভুলকৈ উপস্থাপন কৰাও দেখা যায়। উদাহৰণস্বৰূপে শেহতীয়াকৈ কোনো এক বহুজাতিক সুৰা কোম্পানীয়ে তেওঁলোকৰ সুৰাৰ বটলৰ লেবেলটো বিহুৰ গামোচাৰ আৰ্হিত প্ৰস্তুত কৰিছিল। বৰ্তমান সময়ত বহুতো লোকে ভোগালী বিহুৰ মেজি সাজিও বজাৰত বিক্ৰী কৰা দেখা পাওঁ। যদিও ই অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন তথাপি এটা কথা ক’ব লাগিব যে বজাৰত বিক্ৰীৰ বাবে সজাই থোৱা বহুতো মেজিৰ আকাৰ আৰু আৰ্হি আমাৰ পৰম্পৰাগত মেজিৰ সৈতে খাপ খোৱা নহয়। বহাগ বিহুৰ আমাৰ সংস্কৃতিত এশএবিধ শাক খোৱাৰ নিয়ম। গতিকে বিহুৰ সময়ত বহু লোকে এই শাকবোৰ, টিকনি বৰুৱা, দীঘলতী মাখিয়তী, কপৌ ফুল, নাহৰৰ পাত, খেৰ, তুঁহ, ভাঙৰ গছ আদি সংগ্ৰহ বজাৰত বিক্ৰীৰ বাবে আনি আমাৰ পৰম্পৰাগত নীতি নিয়ম জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে।
মঞ্চলৈ যোৱা বিহু সভ্য আৰু শালিন হ’ল। কোনেও কাকো বহলাই পাটী পাৰিবলৈ নোকোৱা হ’ল। মাখি হৈ চুমা খোৱাৰ ইচ্ছাও লুকুৱাই থলে ডেকাই। তাৰ পাছতেই বিহু মধ্যবিত্তৰ বিলাস হ’ল। বিহুৰাণী, সম্ৰাজ্ঞী, বিহুকুঁৱৰী আদি হেজেমণিৰ সৃষ্টি হ’ল। দেখাত ভাল লাগিবৰ বাবে কোৰিঅগ্ৰাফ আহিল। নৃত্য গীতবোৰক কটকটীয়া ব্যাকৰণিক নিয়মেৰে বান্ধি পেলোৱা হ’ল। নহ’লে পথাৰত থাকোঁতে ছোৱালীয়ে নাচোতে কোনে কেই ইঞ্চি হাত দাঙিছে সেইবোৰ কোনে হিচাপ কৰি আছিল! বিহুত যৌনতা আছিল কিন্তু শব্দৰ মায়াজালেৰে তাক বান্ধি থোৱা হৈছিল, এক নান্দনিক ৰূপ সি পৰিগ্ৰহ কৰিছিল আজি “তপিনা ডাঙৰ চাই”ৰ দৰে মহিলাক objectify কৰা misogynist element তাত নাছিল। সময়ৰ লগে লগে বিহুগীতে নিজৰ ৰূপ সলনি কৰিছিল। কিন্তু কেপিটেলীষ্ট কাৰবাৰ এটালৈ গুছি যোৱাৰ পাছত মানুহৰ সৃষ্টিশীলতাও কমি গ’ল। আগতে বিহুগীতত চহাই কিছুমান উপমা দিছিল “বোকাতে ঘূৰিলে বোকাৰে গৰৈ মাছ/পথাৰে উৰিলে বগ/ মনৰ কথাষাৰি মনতে ঘূৰিলে/ক’বলৈ নাপালোঁ লগ” বা স্বাধীনতা আন্দোলনৰ সময়ত গাইছিল “”গংগাধৰ তিলকে/পিৰীতি কৰিলে/গান্ধীয়েও কৰিছিল প্ৰেম,/ মুখলৈ চাওঁতে/তলেমূৰ কৰিলা/তোমাৰহে ইমানটো ভেম।” কিন্তু আজিৰ দিনত ডেকাই এইটো বিহুনাম গালে সেইটো হ’ব কৃত্ৰিম। কাৰণ হালৰ মুঠি ধৰি নোপোৱা লৰাই বোকাত গৰৈ মাছ ঘূৰা দেখা নাই। আজিৰ যুগত যুগৰ বিহুনাম গাবলৈ হ’লে আজিৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক পৰিৱেশ লৈ গাব লাগিব। তাত মোদী, হিমন্ত, নৰেন্দ্ৰ মোদী, বগিবিলৰ দলঙ সকলো আহিব পাৰে। কেইবছৰমান আগতে নিজে তেনে চেষ্টা এটা চলাইছিলো মন কৰক:
#পলিটিকেল_যোজনা_
(১) এশ টকাৰ পেট্ৰল, নচলে গাড়ীখন;
ঠেলি ঠেলি গেৰেজত ভৰাওঁ ঐ গোবিন্দাই ৰাম।
(২) দহ টকাৰ নেমু টেঙা, আমাৰ ঘৰত গছজোপা;
নেমু বিকি ঘৰখন ধৰিম ঐ গোবিন্দাই ৰাম।
(৩) মুদৈ দদাই দাড়ীয়া, শ্বাহ দদাই টকলা,
আমাৰ মূৰত ভাঙে দিল্লীৰ কঁঠাল ঐ গোবিন্দাই ৰাম।। হেই হেই হেইয়া, হেই হেই হেইয়া হেই…
(৪) দেও দি সাৰিলে দেও দৰিকণা লুটি দি সাৰিলে শল
মামা পৰিয়ালৰ মাটি কেলেংকাৰী ৰাইজৰ আগত চিচিঙফাক হ’ল
***************
বিহুনামৰ নিৰ্দিষ্ট ৰচক থাকিব নোৱাৰে এনে নহয়। বিহুগীতৰ প্ৰথমখন স্বৰচিত কিতাপ কৰিছিল মিত্ৰদেৱ মহন্তই। নাম আছিল “ব’হাগী বিহুৰ সুৱাগী নাম”।
মন কৰিবলগীয়া কথাটো হ’ল যে হুঁচৰিবোৰ আজিকালি কেপিটেলীষ্ট বিলাসীতাৰ নামান্তৰ মাত্ৰ। আগেয়ে গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰত হুঁচৰি গোৱাটো নিয়ম আছিল। পিছে আজিকালি ধন বিত নহ’লে ৰাইজে আপোনাৰ চোতালৰ দুবৰী মাৰিবলৈ নাহে। “হুঁচৰি এ হাওঁ বাওঁ/ দুয়োঘৰৰ মাজতে গাওঁ” বুলি দুঘৰ চুবুৰীয়াৰ মাত বোল কৰাবলৈও নাহে। আজিকালি পাঁচ দহ হাজাৰ টকা দিব পৰা কোনো ন চহকীৰ ঘৰলৈহে ই যায়। “অসমৰ পথাৰৰ বিহু আহি নগৰৰ বিহুতলীত ৰৈ আছেহি” পিছে চহৰলৈ যাবলৈ যাৰ শক্তি নাই তাৰ বিহুও নাই। গাঁৱৰ নাচনিজনী ঢুলীয়াটো এতিয়া নগৰমুখী হ’ল। গছকত জঁটৰ ভাঙিবলৈ সিও নাই। কিন্তু এই পাঁচ হাজাৰ টকা লোৱা হুঁচৰি দলটোৰ ঢুলীয়াজন এজন চাব্ অল্টাৰ্ণ মানুহ। যিয়ে ইমান ধন বিত লোৱাৰ পাছতো দুদিন বিহু কৰি ঢোলৰ চেৱে চেৱে গোটেই বছৰটো শুদা ভাতেই খায়।
কংগ্ৰেছৰ বিহু, চালফাৰ বিহু, এজিপিৰ বিহু, বিজেপিৰ বিহু…… মুঠতে বিহু নে ৰাজনৈতিক নেতাৰ মঞ্চ ধৰিব নোৱাৰি। সকলো বিহুৰে মুখ্য পৃষ্ঠপোষক বিধায়ক, সাংসদ ইত্যাদি, সভাপতি সম্পাদক কোনো ন চহকী। এয়াই বিহু। এয়াই আজিৰ সংস্কৃতি।
সময়ে সময়ে বিভিন্ন সংস্কৃতিত cultural assimilation, inter civilizational ancounter আদিৰ প্ৰক্ৰিয়াবোৰ চলি থাকে আৰু চলি থাকিব। ঠিক তেনেদৰে সময়ৰ প্ৰবাহত ভোগবাদী সংস্কৃতিৰ অংশ হিচাপে সাংস্কৃতিক বানিজ্যিকৰণো হ’ব। ই আৰ্থ সামাজিক বিকাশত অনস্বীকাৰ্য বৰঙনি যোগায় কিন্তু ইয়াৰ আন এটা দিশ হৈছে অতিমাত্ৰা বাণিজ্যিকৰণৰ গৰাহত একোটা স্বকীয় ৰূপ তথা বৈশিষ্ট্যৰ নিশ্চিহ্ন হোৱাৰ ভাবুকি কঢ়িয়াই আনে। গতিকে আমি মনত ৰাখিব লাগিব “Loss of culture is loss of identity.”