কাজিৰঙাৰ পৰা ওলাই গৈ কিছুদিন পূৰ্বে আহত হোৱা গঁড়জনীয়ে অৱশেষত মৃত্যুক আকোৱালী ল’লে৷ আজি পুৱতি নিশা ভক্তে নামৰ চাপৰিটোৰ নদীৰ ঘাটত গঁড়জনীৰ মৃতদেহ উদ্ধাৰ কৰে বনকৰ্মীয়ে৷ যোৱা ১৬ জানুৱাৰীত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ পূব প্ৰান্তত থকা ভক্তে চাপৰিতে বন বিভাগৰ উদ্যোগত গঁড়জনীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছিল৷ কাজিৰঙাৰ পৰা ২০ ডিচেম্বৰতে এটা মতা গঁড়ৰ লগত ওলায় যোৱা এই গঁড়জনী বিগত সময়ছোৱাত কাজিৰঙাৰ পৰা মাজুলীলৈকে প্ৰসাৰিত হৈ থকা বহ্মপুত্ৰৰ বিভিন্ন চাপৰিত বিচৰণ কৰি ফুৰিছিল বুলি বাতৰি প্ৰকাশ হৈ আহিছিল৷
যোৱা ডিচেম্বৰ মাহৰ ২৫ তাৰিখে মতা গঁড়টোৰে সৈতে গঁড়জনী উপস্থিত হৈছিল গৈ নাৰায়নপুৰৰ সমীপৰ কৰকৰ চাপৰিত৷ উত্তেজিত জনতাই খেদিবলৈ প্ৰয়াস কৰাত কৰকৰ চাপৰিতে এঘৰ মানুহৰ এটা গাতত পৰিছিল আৰু গুৰুতৰভাৱে আহত হৈছিল এই গড়ঁজনী ৷ ২৮ ডিচেম্বৰত কৰকৰ চাপৰিৰ পশ্চিমৰ কুটুম গাঁৱৰ সমীপৰ বালিচৰত আহত গঁড়জনীক প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷ ভৰিত আঘাত পোৱা গঁড়জনীক দেখিয়েই স্থানীয় লোকে বনকৰ্মীক খবৰ দিছিল৷
আঘাত প্ৰাপ্ত ভৰিৰেই ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰহৈ দক্ষিনৰ বুডে নামৰ চাপৰি আৰু তাৰ পাচত ২ জানুৱাৰীত এন্টেনা চাপৰিত উপস্থিত হয়গৈ গঁড়জনী৷ এই চাপৰিৰ খেৰনিৰ মাজতে দীৰ্ঘদিনে আশ্ৰয় লয় আহত গঁড়জনীয়ে৷ ১৬ জানুৱাৰীত তেজপুৰৰ বন সংৰক্ষক শিৱকুমাৰৰ নেতৃত্বত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলি, ডা৹ পানজিত বসুমতাৰী আৰু বন বিভাগৰ পশু চিকিৎসক ডা৹ দেবব্ৰত ফুকনে ভক্তে চাপৰিলৈ গৈ গঁড় জনীৰ চিকিৎসা প্ৰদান কৰিছিল৷ ঘন খেৰনিৰ মাজেৰে হাতীত উঠি চিকিৎসক সকলে ট্ৰঙ্কুলাইজাৰ গানৰ সহায়ত গঁড় জনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰি আহিছিল৷ লক্ষ্যণীয় যে বিগত দুটা দিনত কিছু পৰিমানে সুষ্ঠ হৈ উঠা গঁড় জনীয়ে যোৱা নিশা কাজিৰঙাৰ দিশে আগুৱাই ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ পাৰত শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে৷ মৃত গঁড়জনীৰ মৰোনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকৰ এটা দল ভক্তে চাপৰিলৈ ৰাওনা হোৱা বুলি খবৰ আহিছে।