• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত ছাত্ৰ ফেডাৰেইশ্যনৰ তথ্যত উদং খালে চৰকাৰী উচ্চ শিক্ষাৰ বিধ্বস্ত ৰূপ : অস্থায়ী শিক্ষকেৰে চলিছে মহাবিদ্যালয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 22, 2018 11:20 pm
ISF

চৰকাৰী উচ্চ শিক্ষাৰ বিধ্বস্ত ৰূপ উন্মোচন কৰি ভাৰত ছাত্ৰ ফেডাৰেইশ্যনৰ সংবাদমেল, গুৱাহাটী প্ৰেছ ক্লাব, ২২ জুন, ২০১৮।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন নতুন শিক্ষানুষ্ঠান স্থাপন কৰি ডাংকোপ মাৰি থকা চৰকাৰখনৰ চৰকাৰী উচ্চ শিক্ষাৰ বিধ্বস্ত ৰূপটোৰ কিয়দংশ আজি আৰ টি আই আৱেদনৰ জৰিয়তে পোৱা তথ্যৰ জৰিয়তে উদঙাই দেখুৱায় ভাৰত ছাত্ৰ ফেডাৰেইশন্যে। আজিৰ তথ্যত এই কথা প্ৰমাণ হয় যে চৰকাৰী মহাবিদ্যালয়বিলাকৰ বহুতে শ শ শিক্ষকৰ পদ খালী হৈ আছে। লগতে বেছিভাগ মহাবিদ্যালয় চলি আছে অস্থায়ী শিক্ষকেৰে।

“বিগত পোন্ধৰ বছৰৰ ভিতৰত অসমৰ শিক্ষাখণ্ড সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। অসমৰ ৰাজহুৱা খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠানবোৰক ক্ৰমাগতভাৱে বিধ্বস্ত কৰি আনি উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসমত নামী-দামী ব্যক্তিগত খণ্ডৰ অনুষ্ঠানে যাতে শিক্ষাৰ বেপাৰ কৰিব পাৰে তাৰ বাবেই চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ পৰিকল্পিতভাৱে ধ্বংস কৰিব বিচাৰিছে।” এইদৰে আজি গুৰুতৰ অভিযোগ আনিছে এছ এফ আইৰ অসম শাখাই।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি ভাৰতৰ ছাত্ৰ ফেডাৰেইশ্যনৰ অসম শাখাৰ সভাপতি কাশ্যপ চৌধুৰীয়ে তথ্য সহকাৰে সাংবাদিকক এই কথা জানিবলৈ দিয়ে।

তেওঁ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে গুৱাহাটীস্থিত কেইবাখনো মহাবিদ্যালয়ৰ তথ্য বিচাৰিছিল বুলি সংবাদমেলত কয়।

কাশ্যপে আৰ টি আই আৱেদনৰ জৰিয়তে পোৱা তথ্য দাঙি ধৰি কয়, “গুৱাহাটীৰ কেইবাখনো মহাবিদ্যালয়ে দাখিল কৰা তথ্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহত খালী থকা পদবীবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো প্ৰচেষ্টা গ্ৰহণ নকৰাৰ পৰিৱৰ্তে ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰী নিযুক্তিৰে সমগ্ৰ উচ্চ শিক্ষা পৰিচালিত কৰিব বিচাৰিছে।”

ছাত্ৰ সংগঠনটোৱে দিয়া তথ্য অনুসৰি গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ত খালী হৈ থকা পদৰ সংখ্যা এনেধৰণৰ : কটন বিশ্ববিদ্যালয়ত ১৪৯ জন, ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত ৭জন, কটন মহাবিদ্যালয়ত ৬৬জন, পাণ্ডু মহাবিদ্যালয়ত ৭জন, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ১২জন, সন্দিকৈ মহাবিদ্যালয়ত ১৪জন, এছ বি দেওৰা মহাবিদ্যালয়ত ৫জন, আৰ্য্য বিদ্যাপীঠত ১৬জন, গুৱাহাটী মহাবিদ্যালয়ত ৯জন, বি বৰুৱা মহাবিদ্যালয়ত ১২জন, গুৱাহাটী কমাৰ্চ মহাবিদ্যালয়ত ৬জন, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত ৩জন, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৯জন। এইকেইখন মহাবিদ্যালয়ৰ ভিতৰতে সৰ্বমুঠ খালী হৈ থকা পদৰ সংখ্যা ২৪৯ টা।

সভাপতিগৰাকীয়ে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ পিছত কয়, “যুজিচি-এ দিয়া নিৰ্দেশনা অনুসৰি স্নাতক পৰ্য্যায়ত ছাত্ৰ-শিক্ষকৰ অনুপাত ১:২৫ আৰু স্নাতকোত্তৰ পৰ্য্যায়ত ১:২০। এই বৃহৎ সংখ্যক খালী পদেৰে এই অনুপাত বৰ্তাই ৰখাটো অসম্ভৱ।”

আনহাতে, গুৱাহাটীৰ কেইখনমান মহাবিদ্যালয়ত অস্থায়ী বা ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা শিক্ষকৰ সংখ্যাৰ সন্দৰ্ভত তথ্য দি কয়, “ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত ৬জন, দিচপুৰ মহাবিদ্যালয়ত ১০জন, গুৱাহাটী মহাবিদ্যালয়ত ২৭জন, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত ১৯জন, এছ বি দেওৰা মহাবিদ্যালয়ত ৬জন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ৩৫জন, কৰ্মশ্ৰী হিতেশ্ব শইকীয়া মহাবিদ্যালয়ত ১৯জন, পাণ্ডু মহাবিদ্যালয়ত ১৬জন, ৰাধাগোবিন্দ মহাবিদ্যালয়ত ১১জন, কটন বিশ্ববিদ্যালয়ত ২২জন, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৫৪জন। সৰ্বমুঠ ২২৫জন।

তদুপৰি তেওঁ কয় যে গুৱাহাটীৰ ১১খন উচ্চ শিক্ষানুষ্ঠানৰ তৃতীয়, চতুৰ্থ বৰ্গৰ লগতে অন্যান্য কৰ্মচাৰীৰ ১১৩টা পদ খালী হৈ আছে।

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থকা সংস্থাৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে কয় যে আটাইকেইটা বিভাগ মিলাই কটন বিশ্ববিদ্যালয়ৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৯৫৬গৰাকী যদিও উক্ত শিক্ষানুষ্ঠানত ১৪৯ টা শিক্ষকৰ পদ খালী থকা কথাটোৱে তেওঁলোকক হতভম্ব কৰিছে।

তেওঁ লগতে কয়, “যিসময়ত অসম চৰকাৰে পৰিৱৰ্তনৰ মন্ত্ৰণাৰে অসমৰ চুকে-কোণে অজস্ৰ শৈক্ষিক প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় ইত্যাদি শিক্ষানুষ্ঠান গঢ়াৰ ডাংকোপ মাৰি আছে সেই সময়তে অসমৰ কেইখনমান অতিকৈ পুৰণি আৰু ঐতিহমণ্ডিত শিক্ষানুষ্ঠানক ধৰ্বংসৰ মুখলৈ ঠেলি দিছে।”

আনহাতে, প্ৰতিবছৰে কেইবা হাজাৰো ছাত্ৰ-ছাত্ৰী গুৱাহাটীৰ মহাবিদ্যালয়সমূহত পঢ়িবলৈ আহে যদিও বেছিভাগ মহাবিদ্যালয়তে ছাত্ৰ-ছাত্ৰী নিৱাসৰ সুবিধা নাই বুলি গুৰুতৰ অভিযোগ তোলে সংস্থাৰ সম্পাদকগৰাকীয়ে।

তেওঁ কয়, “আৰ টি আই তথ্য অনুসৰি গুৱাহাটীৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰী নিবাসত ৭০৯টা আসন, ছাত্ৰী নিবাসত ৫৬০টা আসনহে আছে।

“দৰাচলতে চৰকাৰৰ নতুন নতুন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ ঘোষণা চমক সৃষ্টিৰ বাহিৰে একো নহয়” বুলি মত প্ৰকাশ কৰাৰ উপৰি তেওঁ কয় যে এনে কাম ইচ্ছাকৃতভাৱে কৰিছে যাতে শিক্ষা খণ্ডত অসম চৰকাৰৰ পি পি পি আৰ্হি প্ৰৱৰ্তন কৰাৰ মাজেৰে শিক্ষাৰ ব্যক্তিগতকৰণ কৰিব পাৰে।

উক্ত সংবাদমেলতে ভাৰতৰ ছাত্ৰ ফেডাৰেইশ্যনে স্নাতক পঞ্চম আৰু ষ্ষ্ঠ ষান্মসিকৰ লগতে স্নাতকোত্তৰ তৃতীয়-চতুৰ্থ ষান্মসিকতো মাচুল ৰেহাই দিবৰ বাবে শিক্ষা মন্ত্ৰীক অনুৰোধ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd