• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ভৱানীপুৰত চহিদ দিৱস উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 5:37 pm
চহিদৰ পৰিয়ালৰ সৈতে মত বিনিময় মুখ্য মন্ত্ৰী সোণোৱালৰ।

চহিদৰ পৰিয়ালৰ সৈতে মত বিনিময় মুখ্য মন্ত্ৰী সোণোৱালৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ প্ৰথম চহিদ হিচাপে গণ্য কৰা খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি বজালীৰ ভবানীপুৰ উজান বৰবৰিত আজি ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ উদ্যোগত চহিদ দিৱস আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসম মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী  আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ লগতে বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। মুখ্য মন্ত্ৰীজনে অনুষ্ঠানটোত উপস্থিত হৈ চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।

আজিৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিসৌধত মুখ্য মন্ত্ৰীকে ধৰি আটাইকেইগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘’জাতীয় চেতনা জাগৃত কৰা সকল আমাৰ অনুপ্ৰেৰণা।‘’ মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে য়ুৰোপ-আমেৰিকাতো অসম আন্দোলনে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান জনাই কয় যে মহাপুৰুষ জনাৰ আদৰ্শৰে অনুপ্ৰাণিত হ’লেহে অসমীয়া জাতিটো শক্তিশালী হ’ব।

কথাৰ প্ৰসংগতে তেওঁ কয় যে প্ৰাক্তন প্ৰধান মন্ত্ৰী অতলবিহাৰী বাজপেয়ীয়ে সংসদত অসম আন্দোলনৰ প্ৰসংগ উত্থাপন কৰিছিল । ইয়াৰ উপৰি তেওঁ কয় যে গাওঁসমূহ শক্তিশালী হ’লেহে ৰাজ্য শক্তিশালী হ’ব আৰু উন্নত মানৰ শিক্ষাইহে জাতিটোক শক্তিশালী কৰিব। উক্ত সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আন্দোলনক লৈ গ্ৰন্থ প্ৰণয়ন কৰা হ’ব বুলিও এক ঘোষণা কৰে। তদুপৰি অসম আন্দোলনৰ প্ৰতম চহিদ হিচাপে গণ্য কৰা খৰ্গেশ্বৰ তালুকদাৰৰ নামত গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি কোৱাৰ লগতে ভবানীপুৰত ঔদ্যোগিক বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰীৰ পাছতেই স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰে। বক্তব্যৰ মাজতে মন্ত্ৰীগৰাকীয়ে এক বিতৰ্কিত মন্তব্য কৰি কয় যে চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি বৰ্তমান এ আই ইউ ডি এফ ৰ দখলত আৰু প্ৰয়োজন অনুসৰি সমষ্টিটো উদ্ধাৰ কৰিবলৈ বলিদান দিবলৈও সাজু। উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হ’লেই অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদে তেজৰ মূল্য পাব। আনহাতে কথাৰ প্ৰসংগতে তেওঁ উল্লেখ কৰে যে অসমৰ শাসন বিদেশীৰ হাতত থকাৰ বিপৰীতে ভাৰতীয়ৰ হাতত থাকিব। অসম চুক্তি ৰূপায়ণ সম্পৰ্কত তেওঁ কয় যে অসম চুক্তিৰ ৰূপায়ণৰ বাবে এটা সুকীয়া কাৰ্য্যালয় গঠন কৰা হ’ব। উল্লেখনীয় যে মন্ত্ৰীগৰাকীয়ে অসম চুক্তিৰ সকলো দফাই ৰূপায়ণ কৰাৰ চেষ্টা কৰা হ’ব বুলি উক্ত সভাত উপস্থিত সকলোকে আশ্বাস প্ৰদান কৰে। ভাষণৰ শেষৰ ফালে মন্ত্ৰী গৰাকীয়ে  শ্বহীদ গৰাকীৰ নাম জড়িত থকা সকলো প্ৰতিষ্ঠানলৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে । এইক্ষেত্ৰত তেওঁ খৰ্গেশ্বৰ তালুকদাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ২৫ লাখ টকাৰ সাহায্যৰ  লগতে ভবানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰ পুথিভঁৰাললৈও ২৫ লাখ টকাৰ সাহায্য ঘোষণা কৰে। ইয়াৰ উপৰি তেওঁ চহিদগৰাকীয়ে অধ্যয়ন কৰা বজালীৰ সৰুপেটা বি এইচ্ছ বি মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd