• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকিকৰণৰ কাম সম্পন্ন কৰাৰ দাবী অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 20, 2018 9:24 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

178
VIEWS
Share on FacebookShare on Twitter

বৈষম্যমূলক নীতি পৰিহাৰ কৰি পূৰ্বৰ প্ৰাদেশীকিকৰণ আইন ২০১১ৰ গণ্ডীত বিত্ত বিভাগত থকা ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত  ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকিকৰণ কৰাৰ দাবী উত্থাপন কৰে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ মুখ্য সম্পাদক ভূৱনেশ্বৰ লহকৰ, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে চৰকাৰক উক্ত দাবী উত্থাপন কৰে।

বিবৃতিটোত ঐক্যমঞ্চই উল্লেখ কৰে যে, নিৰ্বাচনৰ সময়ত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে প্ৰাদেশীকিকৰণ সমস্যাটো অনিশ্চয়তাৰ পিনে ঠেলি দিছে।

ৰাজ্য চৰকাৰৰ এনে মনোভাৱৰ বাবেই পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনটো ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক-কৰ্মচাৰীসকলে খালী হাতেৰে অৱসৰ গ্ৰহণ কৰাৰ লগতে শিক্ষকসকলে আৰ্থিক দৈন্যতাত ভূগিব লগা হৈছে।

প্ৰাদেশীকিকৰণ বিষয়টো চৰকাৰক পুনৰ অৱগত কৰাৰ বাবে অহা ৩০ জানুৱাৰীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে, প্ৰাদেশীকিকৰণ আইন ২০১১ আৰু সংশোধনী ২০১২-১৩ ৰ অধীনত বিত্ত বিভাগত থকা ২৮৮৮খন নিম্ন প্ৰাথমিক, ৩১৩৫খন উচ্চ প্ৰাথমিক, ২২৫খন উচ্চ মাধ্যমিক, ১১৪খন উচ্চতৰ মাধ্যমিক, ১০৫খন কনিষ্ঠ মহাবিদ্যালয়, ৮৫খন সংস্কৃত টোল, ২০খন ছিনিয়ৰ মাদ্ৰাছা, ১৪৩খন প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ লগতে প্ৰথম পৰ্যায়ৰ পৰা ৰৈ যোৱা ৯৬খন শিক্ষানুষ্ঠানৰ প্ৰায় ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে নিযুক্তি পত্ৰ পোৱাৰ আশাত ৰৈ আছিল যদিও বৰ্তমানৰ চৰকাৰখনে পূৰ্বৰ প্ৰাদেশীকিকৰণ আইনখন বাহাল ৰখাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

উল্লেখযোগ্য যে একেখন আইনৰ আওতাত অন্তৰ্ভুক্ত একাংশ শিক্ষক-কৰ্মচাৰীয়ে বৰ্তমানেও দা-দৰমহা লাভ কৰি আছে যদিও আন একাংশই প্ৰাদেশীকিকৰণৰ মুখ দেখিবলৈ সক্ষম নোহোৱাতো চৰকাৰখনৰ বৈষম্যমূলক নীতি বুলি উল্লেখ কৰি উক্ত নীতি পৰিহাৰ কৰি চৰকাৰখনক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অতিশীঘ্ৰে প্ৰাদেশীকিকৰণ কাম সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে ঐক্যমঞ্চই।

Recent News

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd