কালি সন্ধিয়া মৃদু চাঞ্চল্য সৃষ্টি কৰা এটা ঘটনাত কুখ্যাত ড্ৰাগছ মাফিয়া তথা অস্ত্ৰ সৰবৰাহ, ডকাইতি আদি বিভিন্ন অপৰাধমূলক কামকাজত জড়িত পাখি মিঞা ওৰফে চামচুল হক চৌধুৰীক এখন জিপচি গাড়ীত গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুজন দুৰ্বৃত্তই গুলীয়ায়। ঘটনাটো ঘটে গুৱাহাটী মহনগৰীৰ ভেটাপাৰা অঞ্চলত। বিশেষ সূত্ৰই দাবী কৰা মতে গুলী চালনা কৰা দুৰ্বৃত্তকেইজন পাখি মিঞাৰ বিৰুদ্ধ পক্ষৰ লোক আছিল। গুলী চালনাৰ ফলত পাখি মিঞাৰ হাতৰ তলুৱাত সামান্য আঘাত লগাৰ বাদে বিশেষ একো হোৱা নাই বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয়। ঘটনাৰ সময়ত তেওঁৰ সৈতে আন দুজন লোকো গাড়ীখনত আছিল আৰু তেওঁলোকে আঘাত পোৱা নাই বুলি সূত্ৰটোৱে কয়।
উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলক কামকাজত জড়িত পাখি মিঞা ওৰফে চামচুল হক চৌধুৰী বহু দিন কাৰাগাৰত আছিল। মহানগৰীৰ এম পি জুৱেলাৰ্ছৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড তথা অস্ত্ৰ সৰবৰাহতো তেওঁ জড়িত আছিল। কিন্তু অসম আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে পাখি মিঞা এই বছৰৰ আগষ্ট মাহত জামিন লৈ মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয়। কাৰাবাস কটোৱাৰ পূৰ্বে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰনি স্বৰূপ হৈ উঠিছিল পাখি মিঞা। কেইবাবাৰো অসম আৰক্ষীৰ চকুত ধূলি দিবলৈ তেওঁ সক্ষম হৈছিল। আনকি এবাৰ আৰক্ষীৰ পহৰাক ৰামঠগন দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰাই তেওঁ আৰক্ষীৰ জিম্মাৰ পৰাই পলাই গৈছিল। আমাৰ বিশেষ সূত্ৰটোৱে জনোৱা মতে কালিৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।