• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাৰ বিৰুদ্ধে অপৰাধ কৰা অপৰাধীক দোষী সাব্যস্তৰ ৰাষ্ট্ৰীয় হাৰ মাত্ৰ ১৮ শতাংশ : কুলধৰ শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 30, 2018 8:16 pm
KulaSaikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহানগৰীৰ ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা গাওঁৰক্ষী বাহিনীৰ সদস্যসকলৰ লগতে সমাজকৰ্মী, উইমেন হেল্পলাইন চেণ্টাৰৰ কৰ্মী আৰু আশা কৰ্মীৰ সৈতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথ আৰু কামৰূপ মেট্ৰ’ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰি তেওঁলোকৰ সৈতে মত বিনিময়  কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল লোকৰ সৈতে যোৱা কেইদিনমানৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত মহিলাৰ বিৰুদ্ধে ঘটি থকা অপৰাধসমূহক লৈ আলোচনা কৰাৰ লগতে চৰকাৰে কেনে ধৰণৰ পদক্ষেপ হাতত লৈছে অথবা ৰাইজক কেনে ধৰণে সজাগ কৰি তুলিব পাৰি  এই সন্দৰ্ভত আলোচনা কৰা হয়।

মত বিনিময় অনুষ্ঠানটোৰ পিছতে সম্বোধন কৰা সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কয়, ‘যোৱা ৫ বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিবোৰ নাৰীজনিত অপৰাধৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমানো সমাপ্ত হোৱা নাই সেই গোচৰসমূহ জিলা পৰ্য্যায়ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সোনকালে চাৰ্জ ছীট প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এই কথাটো আজি মত বিনিময় অনুষ্ঠানত অৱগত কৰা হৈছে।‘

আনহাতে বিষয়াজনে ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ তথ্য দাঙি ধৰি কয়, ‘২০১৫ চনত ৰাজ্যখনত প্ৰায় ২৩০০০টা এনে অপৰাধ সংঘটিত হৈছিল। তাৰ পিছত ২০১৬ চনত সেই পৰিমাণ কমি প্ৰায় ২০,০০০ হ’লগৈ। ২০১৬ চনৰ তুলনাত ২০১৭ চনত এই অপৰাধৰ মাত্ৰা কিছু বাঢ়িল যদিও ২০১৫ চনৰ তুলনাত কম।‘

লগতে তেওঁ কয় ‘অপৰাধক পৰিসংখ্যাৰ ভিত্তিক নাচাই ভবিষ্যতে যাতে এটাও অপৰাধ সংঘটিত নহয় তাক লৈ আমি সামাজিকভাৱে সচেতন হোৱা উচিত।‘

লক্ষণীয় যে বটদ্ৰৱাত সংঘটিত ধৰ্ষণৰ মূল অভিযুক্তৰ বিৰুদ্ধে পূৰ্বে থানাত এটা গোচৰো নাই বুলি মন্তব্য কৰি তেওঁ কয়, ‘হয়তো অপৰাধীয়ে অপৰাধ কৰিছিল যদিও থানাত জনোৱা হোৱা নাছিল অথবা জনাইছিল যদিও কোনো ৰেকৰ্ড ৰখা নহ’ল। গতিকে গাঁৱলীয়া অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হ’লে গোপনে নাৰাখি ততাতৈয়াকৈ ওচৰৰ থানাত জনাব বুলি মই আশা কৰিছো।‘

আনহাতে গোচৰ ৰুজু কৰাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়াসকলৰ ভূমিকাক লৈও তেওঁ আজিৰ সংবাদ মেলত মন্তব্য দিয়ে।

তেওঁ কয় ‘পূৰ্বে জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে এনে ধৰণৰ গোচৰসমূহত গুৰুত্ব আৰোপ কৰা নাছিল যদিও এতিয়া আমি তেওঁলোকক মহিলা সম্পৰ্কীয় গোচৰসমূহ গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰাটো বাধ্যতামূলক কৰি দিছো।‘

লগতে তেওঁ স্বাস্থ্য বিভাগৰ সৈতে জড়িত বিষয়াসকলকো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তথা আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰতিবেদন তৎকালীনভাৱে প্ৰস্তুত কৰিবৰ বাবে আহ্বান জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ অসম আৰক্ষীৰ অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰটো (conviction rate) কম বুলি স্বীকাৰ কৰি কয় যে এন চি আৰ পিৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে মহিলাৰ বিৰুদ্ধে অপৰাধ কৰা অপৰাধীৰ ক্ষেত্ৰত এই হাৰ মাত্ৰ ১৮ শতাংশ। অসমত এই হাৰ তাতকৈও কম বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ কয় ‘এই ব্যৱস্থাক উন্নত কৰিলে দোষী উপযুক্ত শাস্তিৰ সন্মুখীন হ’ব।

ইয়াৰোপৰি নাৰীজনিত অপৰাধ নিৰ্মূলৰ বাবে আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত মহিলা জিলা আৰক্ষী অধীক্ষকৰ অধীনত মহিলা আৰক্ষী কেইগৰাকীমানক লৈ এটা দল গঠন কৰা হ’ব তথা আৰক্ষীৰ প্ৰধান কাৰ্য্যালয়ৰ পৰা অপৰাধৰ তদন্ত প্ৰক্ৰিয়াটো কৰা হ’ব বুলি আৰক্ষী বিষয়া শইকীয়াই  সংবাদমেলত জানিবলৈ দিয়ে।

জিলা আৰক্ষী অধীক্ষকসকলে নাৰীজনিত অপৰাধৰ গোচৰসমূহ ব্যক্তিগতভাৱে যাতে নিৰীক্ষণ কৰিব পাৰে তাৰো এক ব্যৱস্থা কৰা হৈছে বুলি বিশেষ আৰক্ষী অধিক্ষক কুলধৰ শইকীয়াই সংবাদমেলত অৱগত কৰে।

এই মত বিনিময় অনুষ্ঠানত উপস্থিত বিভিন্ন সমিতিৰ লোকসকলক নাৰীজনিত অপৰাধসমূহ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ বাদেও সামাজিকভাৱে কিছু সজাগতামূলক দায়িত্ব লোৱাৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হয়।

এই সন্দৰ্ভত আৰক্ষী বিষয়া শইকীয়াই কয় ‘নাৰীজনিত অপৰাধসমূহ, বিশেষকৈ পৰিয়ালকেন্দ্ৰিক ঘটনাবোৰ ৰোধৰ বাবে সামাজিকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ পৰামৰ্শ উপস্থিত নাগৰিকসকলক আগ বঢ়োৱা হয়। তদুপৰি তেওঁলোকে শিক্ষানুষ্ঠানসমূহত মূল্যবোধৰ শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবেও পৰামৰ্শ আগ বঢ়ায়।

আনহাতে পৰবৰ্তী পৰ্য্যায়ত  মহকুমা ভিত্তিক তথা আৰক্ষী থানা ভিত্তিক এনেধৰণৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা তেওঁ আজিৰ সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে।

ইয়াৰোপৰি নাগৰিকসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত গাৰ্হস্থ্য জীৱনত নিজৰ পতিৰ হাতত নিৰ্য্যাতিতা মহিলাসকলক কেনে ধৰণে ৰক্ষণাবেক্ষণ দিব পৰা যাব সেই বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। লগতে বৰ্তমান নাৰীজনিত অপৰাধৰ প্ৰায় ৫০ শতাংশই নিজ পতিৰ হাতত নিৰ্য্যাতিত হোৱা বুলিও তেওঁ কয়।

এই সংবাদ মেলত কামৰূপ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু আৰক্ষী আয়ুক্ত হীৰেন নাথো উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd