নদী দ্বীপ মাজুলীৰ সুৰক্ষাৰ বাবে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নিতীন গাডকাৰিয়ে এক নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। মাজুলীক বান আৰু গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ এই আঁচনিখনত আনুমানিক ব্যয় হ’ব ২২৩.৫৭ কোটি টকা। ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ এজন বিষয়ববীয়াই নৰ্থ ইষ্ট নাওক জনাই, ‘বছৰটোত কমেও দুবাৰ দ্বীপটো পৰ্যৱেক্ষণ কৰিবলৈ অহা এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ যোগেদি ভাৰত চৰকাৰে গৰাখহনীয়াৰ পৰা মাজুলীক সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ আৰু তাৰ পৰ্যৱেক্ষণ কৰি আছে।’ তেওঁলোকে লগতে জনায় এই আঁচনিখনৰ বাবে পুঁজি আগবঢ়াব দ’নাৰ মন্ত্ৰ্যালয়ে। এই প্ৰকল্পটোৰ অধীনত হ’ব লগীয়া প্ৰধান কাম সমূহ হ’ব ২৭ কি. মি. দৈৰ্ঘৰ ১৪ টা স্থানত মাটি আৰু বালিৰ জিঅ’বেগেৰে নদীৰ পাৰ বন্ধা, ৪১ টা স্থানত আৰ্চিচি পাৰ্কুপাইন নিৰ্মাণ আৰু ৩.৫ দৈৰ্ঘৰ পাইলট চেনেল আৰু শ্লুইচ নিৰ্মাণ। তাৰোপৰি অসম চৰকাৰে অন্য বহু কেইটা কামৰ দায়িত্ব ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ হাতত ন্যস্ত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত আছে যোৰহাটৰ ওচৰৰ নিমাতী ঘাটত গৰাখহনীয়া ৰোধ, মৰিগাঁও জিলাৰ মিকিৰ গাওঁ অঞ্চলৰ সুৰক্ষা আৰু বগীবিল দলং আৰু মাজুলীৰ মাজৰ তিনিটা স্থানৰ সুৰক্ষাৰ ব্যৱস্থা। মূল মাজুলী নদী দ্বীপটো ১২৪৫ বৰ্গকিলোমিটাৰৰ মাজুলী জিলাৰ অন্তৰ্ভুক্ত। এই নদী দ্বীপটো ব্ৰহ্মপুত্ৰৰ বুকুত নৈত বৈ অহা বালি আৰু বোকা জমা হৈ গঠন হোৱাৰ বাবে ইয়াত গৰাখহনীয়াৰ প্ৰকোপো বেছি। ১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছৰে পৰা গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈ আহিছে। এক সমীক্ষা অনুসৰি ১৯৪৯ চনৰ পৰা ২০০৪ চনলৈকে এই দ্বীপটোত গৰাখহনীয়াত ২০৬.৭ বৰ্গ কি. মি. অঞ্চল জাহ গৈছে। অসম চৰকাৰে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়া ৰোধৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰা সত্ত্বেও গৰাখহনীয়া সমস্যাটোৰ কোনো সমাধান হোৱা নাই। ১৯৯৯ চনত অসম চৰকাৰে নদ্বী দ্বীপটোৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক অনুৰোধ জনাইছিল। ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ২০০৪ চনৰ জানুৱাৰি মাহৰ পৰা ৪ টা পৰ্যায়ত কাম আৰম্ভ কৰিছিল। ইয়াত ব্যয় হৈছিল ১৮৫.৮৮ কোটি টকা। এই আঁচনিৰ অধীনত সম্পূৰ্ণ কৰা প্ৰধান কামসমূহ আছিল ৯৬.২৫ কি. মি. দৈৰ্ঘৰ মথাউৰি নিৰ্মাণ আৰু ওখ কৰা, সোণোৱাল কছাৰী আৰু কাণ্ডুলি মাৰীত মাটিৰ ভেঁটি নিৰ্মাণ, গৰাখহনীয়া হোৱা ঠাইসমূহত অসংখ্য আৰ্চিচি পাৰ্কুপাইন নিৰ্মাণ আৰু ৪.১১ কি. মি. দৈৰ্ঘৰ ৪ টা স্থানত মথাউৰি নিৰ্মাণ আৰু ৫ টা স্থানত মথাউৰি উচ্চতা বৃদ্ধি কৰা ইত্যাদি। ব’ৰ্ডে এই সুৰক্ষামূলক ব্যৱস্থা সমূহ লোৱাৰ আগতে মলোৱাল-মালাপিন্ধা আদি অঞ্চলত বাৰিষা খেতি কৰাটো অসম্ভৱ আছিল। ইয়াৰ কাৰণ আছিল মথাউৰি সমূহত থকা বিভিন্ন ভগ্ন অংশ। মাজুলীবাসীয়ে প্ৰতি বছৰে বানপানীৰ পৰা জীয়াতু ভূগিব লগা হৈছিল আৰু বিস্তৰ অঞ্চল পানীত জাহ গৈছিল। ব্ৰহ্মপুত্ৰৰ পাৰৰ ১০ কি. মি. দীঘল এচোৱা অঞ্চল বাদ দি বাকী সৰহ সংখ্যক অঞ্চলৰে গৰাখহনীয়া ৰোধ কৰিব পৰা গৈছিল। পাৰ্কুপাইনৰ যথোপযুক্ত ব্যৱহাৰে পলস জমা হোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ই নদীখনৰ গঠন আৰু গতিপথলৈ এক ধনাত্মক পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত ভূমি পুনৰুদ্ধাৰ হোৱাত মাজুলীৰ মাটিকালি ২০০৪ চনৰ ৫০২.২১ বৰ্গ কি. মি. ৰ পৰা বাঢ়ি ২০১৬ চনত ৫২৪.২৯ বৰ্গ কি. মি. হ’লগৈ।