তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীস্থিত সেনা চাউনীৰ সামৰিক অভিযন্ত্ৰিক সেৱা এম ই এছৰ অধীনৰ ঠিকাপ্ৰাপ্ত এটা বহিৰাগত কোম্পানীয়ে শ্ৰম আইন উলংঘন কৰি শ্ৰমিকক চলোৱা শোষণৰ প্ৰতিবাদত শ্ৰমিকসকলে ৭ এপ্ৰিলৰ পৰা কোম্পানীটোৰ কাম অনিদিষ্টকালৰ বাবে বন্ধ ৰাখে।
জানিব পৰা মতে, আহামেদাবাদৰ হৰি ওম প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে লেখাপানী সেনা চাউনীৰ চৌহদৰ পকী বেৰা নিৰ্মাণৰ বহু কোটি টকীয়া ঠিকা লাভ কৰিছিল।
সেই মৰ্মে এই কামত স্থানীয় একাংশ শ্ৰমিক নিয়োজিত হৈছিল যদিও কোম্পানীটোৰ হৈ কাম চোৱাচিতা কৰা বিহাৰৰ অশোক সিং নামৰ পৰিচালকজনৰ অতপালিত শ্ৰমিকে কাম বন্ধ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
অশোক সিঙে শ্ৰমিকক ৮ ঘণ্টাৰ পৰিবৰ্তে ১০ ঘণ্টাতকৈ অধিক সময় শ্ৰম কৰিবলৈ বাধ্য কৰোৱাৰ লগতে দৈনিক যথেষ্ট কম মজুৰি দিয়ে বুলি শ্ৰমিকসকলে গুৰুত্বৰ অভিযোগ তোলে।
যাৰ পৰিপ্ৰেক্ষিতত কালি শ্ৰমিকসকলে একত্ৰিত হৈ অনিদিষ্ট কালৰ বাবে কোম্পানীটোৰ কাম বন্ধ ৰাখে। তদুপৰি প্ৰতিবাদী শ্ৰমিকসকলে বন্ধৰ সময়ছোৱাত কোম্পানীটোৱে আন শ্ৰমিকক নিয়োজিত কৰালে কামত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।