• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 7:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজবাষ্টনত কেতিয়াও জয়ী হোৱা নাই ভাৰতে। ইয়াত অনুষ্ঠিত হোৱা ৮খন টেষ্টৰ ভিতৰত এতিয়ালৈকে এখনো টেষ্টত জয়ী হোৱা নাই টিম ইণ্ডিয়াই। কিন্তু এতিয়া এই পৰিসংখ্যা সলনি কৰাৰ সুযোগ আহি পৰিছে গীল বাহিনীৰ হাতত। তেওঁলোকে ইতিহাস সলনি কৰিব পাৰিবনে? ইয়াৰ উত্তৰ পাবলৈ আমি আজিৰ দিনটো অপেক্ষা কৰিব লাগিব।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ৬০৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লক্ষ্য অনুসৰণ কৰি চতুৰ্থ দিনৰ শেষত ৭২ ৰানত ৩ উইকেট হেৰুৱাই ইংলেণ্ড দলৰ বিপৰ্যয় আৰম্ভ হৈছে। পঞ্চম দিনা ইংলেণ্ডক জয়ী হ’বলৈ ৫৩৬ ৰানৰ প্ৰয়োজন। ভাৰতক প্ৰয়োজন ৭ টা উইকেটৰ।

Apply Now

প্ৰথম ইনিংছৰ পৰাই স্পষ্ট হৈ পৰিছিল যে মহম্মদ চিৰাজ আৰু আকাশ দীপে নতুন বলেৰে সঁচাকৈয়ে উজলি উঠিব পাৰে। দ্বিতীয় ইনিংছতো ইয়াৰ ব্যতিক্ৰম নহ’ল। ডাকেট আৰু ৰুটে ছিৰাজ-আকাশ যুটিটোক চম্ভালিবলৈ অসুবিধা পাইছিল।

ছিৰাজে জেক ক্ৰ’লীক (০) এটা শ্বট খেলিবলৈ বাধ্য কৰি ড্ৰেছিং ৰুমলৈ ঘূৰাই পঠিয়ায়। তাৰ পিছত আকাশ দীপে ওভতাই পঠিয়ালে আক্ৰমণাত্মক বেন ডাকেটক। তেওঁ ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে। আকাশে জো ৰুটকো আউট কৰে (৬)। চতুৰ্থ দিনৰ শেষত অলি পোপ (২৪) আৰু হেৰী ব্ৰুক (১৫) ক্ৰীজত আছে।

ইয়াৰ পূৰ্বে অৱশ্যে ক্ৰিকেট জগতত দেখা গ’ল আন এক ‘শুভমন শ্ব’। অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা তেওঁ অপ্ৰতিৰোধ্য হৈ পৰিছে। প্ৰথম ইনিংছত তেওঁ ২৬৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছতো ১৬১ ৰান কৰে। এই শতকৰ পিছত তেওঁ এলিট ক্লাছত প্ৰৱেশ কৰে। অৱশ্যে চতুৰ্থ দিনৰ আৰম্ভণি টিম ইণ্ডিয়াৰ বাবে ইমান ভাল নাছিল। সোনকালেই বেটিং কৰিবলৈ ওলাই আহিবলগীয়া হৈছিল গীল। কাৰণ কৰুণ নায়াৰ মাত্ৰ ২৬ ৰানত ড্ৰেছিং ৰুমলৈ উভতি গৈছিল।

অৰ্ধশতক অৰ্জন কৰাৰ পিছতো কে এল ৰাহুল (৫৫) ডাঙৰ ইনিংছ গঢ়াৰ পূৰ্বেই আউট হৈছিল। তাৰ পাছত ঋষভ পন্ত (৬৫)ৰ সৈতে গীলে ১১০ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। কিন্তু পন্ত আউট হ’লেও গীলক ৰখাব নোৱাৰিলে। দ্বিতীয় ইনিংছত ৰবীন্দ্ৰ জাডেজাইও (৬৯*) ভাল প্ৰদৰ্শন কৰে। তাৰ পাছত ছিক্স মাৰিবলৈ চেষ্টা কৰি বাউণ্ডেৰী লাইনত ধৰা পৰে নীতিশ ৰেড্ডী (১)। ৱাশ্বিংটন সুন্দৰে ১২ ৰানত অপৰাজিত হৈ থাকে।

ভাৰতে ৬ উইকেটত ৪২৭ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ইয়াৰ পিছত ভাৰতীয় পেচাৰ দুগৰাকীৰ দমনীয় প্ৰদৰ্শনত ইংলেণ্ডৰ ক’ত যাও ক’ত লুকাও অৱস্থা। অৱশ্যে ভাগ্য তেওঁলোকৰ পক্ষত থাকিল তেওঁলোকে আৰু অধিক উইকেট ল’ব পাৰিলেহেঁতেন। পিছে, পঞ্চম দিনা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এনে পূৰ্বাভাস ভাৰতৰ বাবে মেচখন জয়ৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হ’ব পাৰে।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ভাৰতঃ ৫৮৭ (শুভমন গীল ২৬৯, জাদেজা ৮৯। যশস্বী ৮৭, বছিৰ ১৬৭/৩)

ইংলেণ্ডঃ ৪০৭ (জেমী স্মিথ ১৮৪, হেৰী ব্ৰুক ১৫৮, ছিৰাজ ৭০/৬ আকাশ দীপ ৮৮/৪)

দ্বিতীয় ইনিংছ

ভাৰতঃ ৪২৭/৬ ঘোষণা (শুভমন গীল ১৬১, জাডেজা ৬৯, পন্ত ৬৫, টং ৯৩/২)

ইংলেণ্ডঃ ৭২/৩ (বেন ডাকেট ২৫, অলি পোপ ২৪*, হেৰী ব্ৰুক ১৫*, আকাশ ৩৬/২, ছিৰাজ ২৯/১)

ইংলেণ্ডক জয়ী হ’বলৈ ৫৩৬ ৰানৰ প্ৰয়োজন, ভাৰতক প্ৰয়োজন ৭ টা উইকেটৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd