• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী সোণোৱালে একো নাজানে, ক্ষমা কৰাৰ বাহিৰে উপায় নাই; কিয় এই মন্তব্য প্ৰবীণ শিল্পী জে পি দাসৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2018 11:48 pm
jp das
137
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একো নাজানে বুলি সোণোৱালৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমৰ প্ৰবীণ শিল্পী জে পি দাস। যোৱা ১২ জুনত গায়ক, সুৰকাৰ খগেন মহন্তৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি আজিলৈকে মহন্তৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভই নোহোৱাক লৈ মুখ্য মন্ত্ৰী সোণোৱালক তীব্ৰভাৱে সমালোচনা কৰি নৰ্থ ইষ্ট নাও-ৰ আগত এইদৰে মন্তব্য কৰিছে প্ৰবীণ শিল্পীজনে।

‘শ্ৰদ্ধাৰ খগেন মহন্তক আমাতকৈ বেছি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাজানে। কাৰণ তেওঁ গোটেই জীৱন ৰাজনীতিয়েই কৰি গ’ল। গতিকে একো নজনা মানুহক ক্ষমায়েই কৰিব লাগিব, অন্য উপায় নাই,’ দাসৰ মন্তব্য।

ৰাজনৈতিক নেতা তথা আমোলা-বিষয়াই খগেন মহন্তৰ গুণ-গৰিমা কেতিয়াও উপলব্ধি কৰিব নোৱাৰে বুলি দাবী কৰি তেওঁ ‘এইবোৰ একো একোখন ৰাজনৈতিক নাটক’ বুলিও চৰকাৰক কটাক্ষ কৰে।

খগেন মহন্তৰ পত্নী অৰ্চনা মহন্তৰ শেহতীয়া মন্তব্যৰ লগতে পুত্ৰ অংগৰাগ মহন্তয়ো সমাধিক্ষেত্ৰখন নিজেই নিৰ্মাণ কৰি দিব খোজাৰ কথা উল্লেখ কৰি দাসে কয় ‘এতিয়া তেওঁৰ পুতেক অংগৰাগ মহন্তই সমাধি ক্ষেত্ৰখন নিৰ্মাণ কৰিলে লাজৰ কথা হ’ব।’

উল্লেখযোগ্য যে খগেন মহন্তৰ পত্নী, গায়িকা অৰ্চনা মহন্তই ‘চৰকাৰে অনুমতি দিলে পৰিয়ালৰ লোকে নিজেই এই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিব’ বুলি নৰ্থ ইষ্ট নাও-ৰ আগত পূৰ্বে মন্তব্য কৰিছিল।

তেওঁ লগতে ‘সপোন দেখিছিলো খগেন মহন্তৰ সমাধি ক্ষেত্ৰখন য’ত আছে, সেই ঠাইৰ পৰা বাওঁফালে আঁতৰাই নি স্থাপন কৰিব খুজিছে চৰকাৰে‘ বুলিও মন্তব্য কৰে।

আনহাতে খগেন মহন্তৰ অনুৰাগীসকলৰ জোৰটো কম বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘খগেন মহন্তৰ জন্মদিন আৰু মৃত্যুদিনত চাকি-ধূপ জ্বলোৱাৰ বাহিৰে বাকী ৩৬৩ দিন খগেন মহন্তৰ বাবে একোকে নকৰে।‘

খগেন মহন্তৰ পত্নী, বৰ্ষীয়ান গায়িকা অৰ্চনা মহন্তৰ পিছত জে পি দাসৰ এই তীব্ৰ সমালোচনাৰ উত্তৰ কি হ’ব সোণোৱাল চৰকাৰৰ?

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd