• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিপাহ ভাইৰাছত বহুকেইজন লোক আক্ৰান্ত বুলি ভুৱা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব মেঘালয় চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 4:46 pm
NipahVirus
110
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত কালি (২৮ মে’ত) আচহুৱা ৰোগৰ লক্ষণযুক্ত বহু কেইজনক লোকক ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু এইসকল শেহতীয়া আতংক নিপাহ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি ওলোৱা খবৰটো ভিত্তিহীন বুলি মেঘালয় চৰকাৰৰ Integrated Disease Surveillance Programme ৰ ৰাজ্যিক নিৰীক্ষণ বিষয়াই জানিবলৈ দিছে। নিৰীক্ষণ বিষয়া ডাঃ এল এম পদাহে কয় যে এই বাতৰিটোৰ কোনো ভিত্তি নাই আৰু বাৰ্তাটোত উল্লেখ থকাৰ দৰে ৱিলিয়ামনগৰ অসামৰিক হস্পিটেলত ডাঃ বাসন্তী আৰ চাংমা নামৰ কোনো চিকিৎসক নাই।

আনহাতে মেঘালয় চৰকাৰৰ চিকিৎসা বিভাগে পূব গাৰো পাহাৰ জিলাত আতংকৰ সৃষ্টি কৰা এই ভুৱা বাতৰিটো প্ৰচাৰ কৰা চক্ৰবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী কৰিছে।

ডাঃ পদাহে কয় যে তেওঁ  ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ জে মাৰাকৰ সৈতে কথা পাতিছে আৰু তেওঁ এই খবৰটোৰ কোনো ভিত্তি নাই বুলি জানিবলৈ দিয়ে।

অধীক্ষকজনে এনেবোৰ কথাক লৈ ধেমালি নকৰিবলৈও সকলোকে সকীয়াই দিয়ে। এইটো চাইবাৰ অপৰাধৰ ভিতৰতো পৰে আৰু এই অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত বুলি তেওঁ ডাঃ পদাহৰ আগত কয়।

উল্লেখযোগ্য যে আচহুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈ বহুকেইজন লোক কালি ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে বুলি কালি বাতৰি প্ৰচাৰ হৈছিল (এই বাতৰিটো নৰ্থ-ইষ্ট নাও-য়েও জনসাধাৰণৰ স্বাৰ্থত প্ৰচাৰ কৰিছিল)।

কিন্তু ঘাইকৈ হোৱাটছ-এপৰ জৰিয়তে দ্ৰুত গতিত বিয়পি পৰা এই খবৰটোৱে মেঘালয়ৰ ঠাই বিশেষত আতংকৰ সৃষ্টি কৰাত চৰকাৰৰ বিভাগবোৰে ইয়াৰ অনুসন্ধান কৰে আৰু ভিত্তিহীন বুলি স্পষ্টকৈ সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থ জনায়।

মন কৰিব লগীয়া যে বাতৰিটোত ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়খনৰ ডাঃ বাসন্তী আৰ চাংমা নামৰ এগৰাকী চিকিৎসকৰ উদ্ধৃতি দিয়া হৈছিল, যি নামৰ চিকিৎসক চিকিৎসালয়খনত নায়েই। আনহাতে ফাদাৰ জেইমছ চাংমা নামৰ এজন আক্ৰান্ত ৰোগীৰ কথাও কোৱা হৈছিল ভুৱা বাতৰিটোত।

লগতে কোৱা হৈছিল যে লিচু খোৱাৰ ফলতে এই ৰোগ হৈছে। যিহেতু লিচু বাদুলিৰ প্ৰিয় খাদ্য আৰু বাদুলিৰ জৰিয়তে নিপাহ নামৰ এবিধ ভাইৰাছে শেহতীয়াকৈ ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছে, সেয়ে বাতৰিটোত সৰ্বসাধাৰণ আতংকিত হৈ পৰিছিল।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি বাদুলিৰ পৰা বিয়পিব পৰা নিপাহ ভাইৰাছ (nipah virus) নামৰ এবিধ বীজাণুজনিত নতুন ৰোগে ভাৰতত আতংকৰ সৃষ্টি কৰিছে। কেৰেলাত এই ভাইৰাছবিধে ইতিমধ্যে ১২জনৰো অধিক লোকৰ প্ৰাণ লৈছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd