• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলালৈ বিনামূলীয়া চেনিটেৰি নেপকিন, খাচি আৰু গাৰো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তৰ প্ৰতিশ্ৰুতি বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 9:56 pm
BJP-570x320
99
VIEWS
Share on FacebookShare on Twitter

মাহটোৰ শেষৰফালে নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া মেঘালয়ত আজি বিজেপিয়ে দলৰ ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছে। দলটোৱে এই ভিজন ডকুমেণ্টত মেঘালয়বাসীলৈ নানা প্ৰতিশ্ৰুতি আগ বঢ়াইছে। বিশেষকৈ শাসনাধিষ্ঠিত কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই ভিজন ডকুমেণ্টত মেঘালয়বাসীক বিভিন্ন সপোন দেখাৰ সুযোগ দিয়া হৈছে।

দলটো শাসনলৈ আহিলে ছমাহৰ ভিতৰত মেঘালয়ত কয়লা খননৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ব বুলিও আশ্চৰ্য্যকৰ প্ৰতিশ্ৰুতি দিয়ে দলটোৱে। কিয়নো ৰাজ্যখনত কয়লা খননৰ ওপৰত সেউজ ন্যায়াধিকৰণে নিষেধাজ্ঞা আৰোপ কৰি থৈছে, যিটো চৰকাৰে উঠাওঁ বুলিলেই উঠাব নোৱাৰে।

আনহাতে মেঘালয়ৰ কৰ্মচাৰীৰ বাবে সপ্তম দৰমহা আয়োগৰ গাঁথনি প্ৰযোজ্য কৰা, জৈৱিক কৃষি পদ্ধতিক উৎসাহিত কৰা, মেঘালয়ক পৰ্য্যটনৰ সৰ্বাধিক মূল্যৱান ঠাইত পৰিণত কৰা, বিদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰা আদিও আছে ভিজন ডকুমেণ্টত।

আজি দলটোৰ হৈ ভিজন ডকুমেণ্ট মুকলি কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। কাৰ্য্যসূচীটোত উপস্থিত আছিল কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰী কে ডে আলফনছ, দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু মেঘালয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা নলিন কোহলি, মেঘালয় বিজেপিৰ প্ৰধান চিবুন লিংডো আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আলেকজেণ্ডাৰ হেক।

কাৰ্যসূচীটোত নিজৰ বক্তব্যত সীতাৰমণে কয়, ‘আমি নিৰ্বাচনৰ বতৰ হোৱা বাবেই ইয়ালৈ অহা নাই। আহিছো পৰিৱৰ্তন আৰু ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা লৈ।’

চৰকাৰী কৰ্মচাৰীয়ে পঞ্চম দৰমহা আয়োগৰ গাঁথনিমতে দৰমহা পাই থকা ৰাজ্যখনত সপ্তম দৰমহা আয়োগৰ কথা কোৱাৰ উপৰি ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। লগতে শক্তিশালী নিয়োগ নীতি গ্ৰহণ কৰি ৰাজ্যখনৰ প্ৰতিজন যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰা হ’ব বুলি কোৱা হৈছে। শিক্ষাৰ্থীসকলৰ বাবে জলপানিৰ ব্যৱস্থাও আছে প্ৰতিশ্ৰুতিৰ ভিতৰত। আনহাতে বিদ্যুৎ বিল চহৰীয়া অঞ্চলত ৩০ শতাংশ আৰু গ্ৰাম্য অঞ্চলত ৫০ শতাংশ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে।

দলটোৱে ভিজন ডকুমেণ্টত নিম্নতম মজুৰিৰ বাবে উপযুক্ত শ্ৰম আইন অনাৰ কথাও উল্লেখ কৰিছে।

এইবোৰৰ উপৰি, সকলোৰে বাবে পকীঘৰ, খোৱাপানী, চৌব্বিচ ঘণ্টাই বিদ্যুৎ যোগান ইত্যাদি অনেক প্ৰতিশ্ৰুতি দিয়া হৈছে। আন এটা উল্লেখযোগ্য প্ৰতিশ্ৰুতি হ’ল দাৰিদ্ৰ্য সীমাৰেখাৰ প্ৰতিটো পৰিয়ালৰ সকলো মহিলালৈ এপেকেটকৈ চেনিটেৰি নেপকিন দিব বিজেপি শাসনলৈ আহিলে।

আনহাতে বিজেপি শাসনলৈ আহিলে খাচি আৰু গাৰো ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছে দলটোৱে।

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd