• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৰীয়া বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 10:18 pm
CM sign MoU Twin Towers
170
VIEWS
Share on FacebookShare on Twitter

বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে আজি নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডৰ সৈতে ১৯৫০ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে যুৰীয়া বাণিজ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই প্ৰকল্পটি বশিষ্ট চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত ৬০ মাহৰ ভিতৰত ৰূপায়ণৰ বাবে লক্ষ্য স্থিৰ কৰা বুলি জনিব পৰা গৈছে। এই টুইন টাৱাৰ নিৰ্মাণ কাৰ্য এই বৰ্ষৰ জুলাই মাহৰ পৰা আৰম্ভ কৰা হ’ব।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠানত উপস্থিত থকা গৃহ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, ‘আমাৰ দেশৰ অৰ্থনীতি বৰ্তমান ২.৫ ত্ৰিলিয়ন ডলাৰ হৈছে আৰু ইয়াৰে ৫০ শতাংশ হ’ল বাহ্যিক খণ্ডৰ। ২০২৫ চনৰ ভিতৰত এই অৰ্থনীতি ৬ ত্ৰিলিয়ন ডলাৰ হ’ব।‘

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডক প্ৰকল্পটো নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়াৰ উপৰি ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰী গৰাকীয়ে এই বৃহৎ দায়বদ্ধতা গ্ৰহণ কৰাৰ বাবে নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি সকলো পক্ষৰ পৰা এই ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে। অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ হ’ব লগীয়া এই টুইন টাৱাৰে ৰাজ্যখনৰ ব্যৱসায়িক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলিও সৰ্বানন্দই কয়।

আজিৰ বুজাবুজি স্বাক্ষৰিত অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন (ইণ্ডিয়া) লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ড০ অনুপ কুমাৰ মিট্টালৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd