• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লখিমপুৰত মুখ্যমন্ত্ৰী : কি কি পালে উত্তৰ অসমবাসীয়ে?

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত এনে অভূতপূর্ব উন্নয়ন পূর্বতে কেতিয়াও হোৱা নাছিল: মুখ্যমন্ত্রী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 5, 2024 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে উত্তৰ লখিমপুৰ নগৰত এম আৰ এফ (মেটেৰিয়েল ৰিকোভাৰী ফেচিলিটি) আৰু আৱৰ্জনাৰ পৰা পচনসাৰ প্ৰস্তুত কৰা এটা প্রকল্প আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ উপৰি লখিমপুৰকেন্দ্ৰিক সমগ্র অঞ্চলটোত বর্তমানে নির্মাণৰ বিভিন্ন পর্যায়ত থকা আন্তঃগাঁথনিমূলক প্রকল্পসমূহ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।

মুখ্যমন্ত্রী ড° শৰ্মাই উত্তৰ লখিমপুৰৰ জাপিসজীয়াত আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰা এম আৰ এফ আৰু আৱৰ্জনাৰ পৰা পচনসাৰ প্ৰস্তুত কৰা প্ৰকল্পটোৰ বাবে ব্যয় হৈছে ৫.৭৫ কোটি টকা।

উল্লেখ্য যে, স্বচ্ছ আৰু সেউজ লখিমপুৰ গঢ়াৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা এই প্ৰকল্পৰ ফলত বিজ্ঞানসন্মতভাবে আৱৰ্জনা নিষ্কাষণ কৰিব পৰা যাব আৰু এই প্রকল্পই উত্তৰ লখিমপুৰবাসীক যথেষ্ট উপকৃত কৰিব। মুখ্যমন্ত্রীয়ে ইয়াৰ পিছতে উত্তৰ লখিমপুৰ পৌৰ সভাত লিগেছী রেষ্ট আৰু নিয়মিতভাৱে উৎপাদিত আৱৰ্জনাৰ পুনৰ ব্যৱস্থাপনাস্থলীও পৰিদৰ্শন কৰে।

উল্লেখ্য যে, চান্দমাৰী অঞ্চলত বছৰ বছৰজুৰি জমা কৰি ৰখা আৱৰ্জনা বা লিগেছি বেষ্টৰ পৰা অঞ্চলটোক মুক্ত কৰাৰ বাবে এই প্রকল্পটি ৰূপায়ণ কৰি থকা হৈছে। বিগত ৪০-৪৫ বছৰ ধৰি চান্দমাৰী অঞ্চল পৌৰসভাৰ আৱৰ্জনা পেলোৱা স্থান হিচাপে ব্যবহৃত হৈ আহিছিল আৰু এই আৱৰ্জনাই সুমদিৰী নৈখনক পুতি পেলোৱাৰ লগতে প্রায় ৪ হেক্টৰ মাটিলৈ বিস্তৃত হৈ পৰিছিল।

উত্তৰ লখিমপুৰত লিগেছী বেষ্টৰ নিষ্কাষণৰ বাবে লোৱা পদক্ষেপে সুমদিৰী নদীক সজীৱ কৰি তোলাই নহয় নদীখনক পুনৰ জীৱনদান কৰিছে আৰু এই সমগ্র প্রক্রিয়াই ১৬ বিঘা ভূমি পুনৰ উদ্ধাৰ কৰাত সহায় কৰিছে। সম্প্রতি এই ভূমি এতিয়া ‘আর্বান ফৰেষ্ট কাম আৰ্বান ৰিট্রিট জ’ন’লৈ উন্নীত কৰাৰ পৰিকল্পনা লোৱা হৈছে। এক বহনক্ষম পৰিৱেশৰ লক্ষ্যৰে প্রায় ৫.৫ একৰ ভূমি সামৰি গঢ়ি তুলিবলগীয়া নগৰীয়া অৰণ্যখনত নিয়াৱাকি কৌশল ব্যৱহাৰ কৰি ৰোপণ কৰা থলুৱা প্ৰজাতিৰ গছ, খোজ কাঢ়িবলৈ আৰু চাইকেল চলোৱাৰ পথ আৰু মৌলিক বাজহুৱা সুবিধা, ফুডকর্ট আৰু অন্যান্য বিনোদনৰ সুবিধা থাকিব।

মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিধায়ক মানৱ ডেকাৰ উপৰি গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে লখিমপুৰ জিলাৰ চাৱতিত ২২ বিঘা ভূমিত নির্মীয়মান আন্তঃৰাজ্যিক বাছআস্থান পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।

আনহাতে, মুখ্যমন্ত্রীয়ে উত্তৰ লখিমপুৰক ক্রীড়াৰ দিশত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে চহৰখনত নিৰ্মাণৰত স্টেডিয়ামখনো পৰিদৰ্শন কৰে আৰু কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ গুণগত নির্মাণকার্য সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, মুখ্যমন্ত্ৰীয়ে আজি সোৱণশিৰি নৈৰ ওপৰত উত্তৰ লখিমপুৰ-ঘূনাসুঁতিলৈ সংযোগী পথৰ সৈতে নিৰ্মাণৰত মুখ্য পকী দলংখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্রীয়ে প্রকল্পটো যাতে সময় নিদ্ধাৰিতভাবে সম্পূর্ণ হৈ উঠে তাৰ বাবেও যাবতীয় নির্দেশনা দিয়ে। উল্লেখযোগ্য যে, ২০২২ চনৰ ১৬ ডিচেম্বৰত এই প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল।

মুখ্যমন্ত্রীয়ে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচলতৰ কৰাৰ উদ্দেশ্যেৰে নকাড়ীৰ ৰঙাজান পথত নিৰ্মাণৰত ৰে’ল উৰণ সেতুখনো পৰিদর্শন কৰে আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এই উৰণ সেতুখনৰ কাম-কাজ ত্বৰান্বিত কৰাৰ অৰ্থে বিস্তৃতভাবে আলোচনা কৰে। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ত কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, শ্রম আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, বিধায়ক মানৱ ডেকাৰ উপৰি কেইবাগৰাকী শীর্ষ বিষয়া উপস্থিত থাকে।

ইয়াৰ পিছত উপস্থিত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে প্রস্তাবিত ‘আর্বান ফৰেষ্ট কাম আৰ্বান বিট্রিট জ’ন’ প্ৰকল্পৰ বাবে বর্তমানে থকা ১৬ বিঘা মাটিৰ উপৰি অতিৰিক্তভাবে ১০ বিঘা মাটি অন্তর্ভুক্ত কৰিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ প্রদান কৰা হৈছে। তেওঁ লগতে সদৰি কৰে যে লখিমপুৰত নিৰ্মাণ কৰি থকা আন্তঃৰাজ্যিক বাছআস্থানৰ নিৰ্মাণকাৰ্য অহা বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব। ইয়াৰ উপৰি নিৰ্মাণকাৰ্য চলাই থকা লখিমপুৰ ষ্টেডিয়ামৰ প্ৰথম দুটা পৰ্যায়ৰ কামো অহা বছৰ আগষ্ট মাহত শেষ কৰাৰ লক্ষ্য লোৱা হৈছে। তেনেদৰে, প্রায় চাৰিশ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ঘৃনাসুঁতি দলং সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে বানপানীৰ বাবে নির্মাণকার্য আশানুৰূপভাৱে আগবঢ়া নাছিল যদিও এইবাৰ খৰালিকালৰ ভিতৰতে খুঁটাকে ধৰি কেতবোৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে যাতে আগন্তুক বাৰিষাৰ সময়ছোৱাতো কাম কৰাৰ সুবিধা লাভ কৰিব পৰা যায়।

মুখ্যমন্ত্ৰীয়ে ৰঙাজান পথৰ ৰে’ল উৰণ সেতুখনৰ সন্দৰ্ভত কয় যে ভূমি অধিগ্রহণ সম্বন্ধীয় কাম-কাজ সমাপন কৰি আগন্তুক ১-২ মাহৰ ভিতৰতে উৰণ সেতুখনৰ নিৰ্মাণৰ কাম পূর্ণ গতিত আৰম্ভ কৰা হ’ব আৰু ২০২৫ চনৰ শেষভাগলৈ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে লখিমপুৰক কেন্দ্ৰ কৰি জিলাখনত যিসমূহ আন্তঃগাঁথনিমূলক প্রকল্পৰ কাম চলি আছে সেই প্রকল্পসমূহৰ কামসমূহ সময় নিৰ্দ্ধাৰিতকৈ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নির্দেশনা প্রদান কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত এনে অভূতপূর্ব উন্নয়ন পূর্বতে কেতিয়াও হোৱা নাছিল। তেওঁ লগতে কয় যে লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, লখিমপুৰ মেডিকেল কলেজত এখন নাছিং কলেজ নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd